--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ মহেন্দ্ৰ সিং ধোনীক অৱসৰৰ পাছত প্ৰায়ে ক’ৰবাত ঘূৰি ফুৰা দেখিবলৈ পোৱা যায়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছতো ধোনী ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অংশ হৈ আছে। ধোনিৰ অধিনায়কত্বতেই চেন্নাই ছুপাৰ কিংছে আই পি এল ২০২৩ খিতাপ দখল কৰিছিল। শেহতীয়াকৈ ধোনীৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। ইয়াত তেওঁক উৰাজাহাজত দেখিবলৈ পোৱা গৈছে। বিমানখনত এয়াৰ হোষ্টেছ এগৰাকীয়ে ধোনীক চকলেট উপহাৰ দিয়া দেখিবলৈ পোৱা গৈছে।

বিমানখনৰ এয়াৰ হোষ্টেছে এখন ট্ৰেত ধোনীলৈ বহুত কেইটা চকলেট আগবঢ়াই দিয়ে। কিন্তু ধোনীয়ে মাত্ৰ এটা চকলেটৰ পেকেট তুলি লয়। তেওঁ হাঁহি হাঁহি এয়াৰ হোষ্টেছগৰাকীলৈ সঁহাৰি আগবঢ়ায়। ধোনীৰ সৰলতাই সকলোৰে মুহিবলৈ সক্ষম হৈছে।

 



তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, আইপিএল ২০২৩ৰ সময়তে শেষবাৰৰ বাবে খেলপথাৰত দেখা দিছিল ধোনীয়ে। তেওঁৰ দল চেন্নাইয়ে এইবাৰ খিতাপ দখল কৰে। ফাইনেলত চেন্নাইয়ে গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰে। এই মেচখন বৰষুণৰ বাবে প্ৰভাৱিত হৈছিল। প্ৰথমে বেটিং কৰাৰ সময়ত গুজৰাটে ২১৪ ৰান সংগ্ৰহ কৰিছিল। আনহাতে চেন্নাইয়ে ১৫ অভাৰত ১৭১ ৰান সংগ্ৰহ কৰি জয়লাভ কৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস