--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বিদ্যালয়ৰ পাঠ্যপুথিৰ পৰা বাদ দিয়া হৈছে জৱাহৰলাল নেহৰু, ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে ব্যক্তিসকলৰ বিষয়ে থকা পাঠ। ৰাজ্য খনৰ পাঠ্যপুথিত নাই  জৱাহৰলাল নেহৰু নাই, ৰাজেন্দ্ৰ প্ৰসাদ ,  সৰ্বপল্লী ৰাধাকৃষ্ণণৰ কথা।  কিন্তু পাঠ্যপুথিত আছে   ছাভাৰকাৰৰ কথা।  লাল বাহাদুৰ শাস্ত্ৰী আৰু দীনদয়াল উপাধ্যায়ৰ কথাও পাঠ্যপুথিত সন্নিবিষ্ট কৰা হৈছে।  উত্তৰ প্ৰদেশ ব'ৰ্ডৰ পাঠ্যক্ৰমৰ এনে ৰদবদলে এতিয়া সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। ৰাজ্য খনত নেহৰুক ভাৰতৰ ৫০ জন বিশিষ্ট ব্যক্তিৰ তালিকাৰ পৰা বাদ দিয়া হৈছে।

 ৰাজ্যখনত নতুন শিক্ষাবৰ্ষত  ৯ ৰ পৰা ১২  শ্ৰেণীৰ বাবে ৫০  জন ব্যক্তিৰ জীৱনী কিতাপত অন্তৰ্ভুক্ত  কৰা হ'ব। ৰাজ্যিক শিক্ষা পৰিষদৰ সূত্ৰই প্ৰকাশ কৰা মতে  দীঘলীয়া আলোচনাৰ পিছত ৫০ গৰাকী ব্যক্তিৰ  নাম চূড়ান্ত কৰা হৈছে। ব'ৰ্ডৰ সম্পাদক দিব্যকান্ত শুক্লাই কয়  যে জীৱনীসমূহ  বাধ্যতামূলক হ’ব  আৰু  ছাত্ৰ-ছাত্ৰীসকলে সেয়া অধ্যয়ন কৰিব লাগিব।

এই তালিকাত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰু কিয় নাই? কাৰণ "নেহৰুৱে দেশৰ বাবে প্ৰাণ দিয়া নাছিল!"  উত্তৰ প্ৰদেশৰ ভাৰপ্ৰাপ্ত স্বতন্ত্ৰ মাধ্যমিক শিক্ষা মন্ত্ৰী গুলাবি দেৱীয়ে এনেদৰেই দিলে উত্তৰ। পাঠ্যক্ৰমৰ তালিকা অনুসৰি চন্দ্ৰশেখৰ আজাদ, বিৰচা মুণ্ডা, বেগম হজৰত মহল, বীৰ কুনাৰ সিং, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, গৌতম বুদ্ধ, জ্যোতিবা ফুলে, ছত্ৰপতি শিৱাজী, ছাভাৰকাৰ, বিনোৱা ভাবে, শ্ৰীনিবাস ৰামানুজন আৰু জগদীশ চন্দ্ৰ বসুৰ জীৱনী  ৯ ম শ্ৰেণীৰ পাঠ্যপুথিত  থাকিব। 

মঙ্গল পাণ্ডে, ৰোশন সিং, সুখদেৱ, লোকমান্য তিলক, গোপালকৃষ্ণ গোখলে, মহাত্মা গান্ধী, খুদিৰাম বসু আৰু স্বামী বিবেকানন্দৰ জীৱনী দশম শ্ৰেণীত থাকিব। ৰামপ্ৰসাদ বিছমিল, ভগত সিং, ভীমৰাও আম্বেদকাৰ, বল্লভভাই পেটেল, দীনদয়াল উপাধ্যায়, মহাবীৰ জৈন, মদন মোহন মালৱীয়, অৰবিন্দ ঘোষ, ৰাম মোহন ৰয়, সৰোজিনী নাইডু, নানা চাহেব, পতঞ্জলি, সুশ্ৰুত আৰু হোমি জাহাংগীৰ ভাবাৰ কথা
 একাদশ ফ্ৰেণীত  থাকিব। দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে ৰামকৃষ্ণ পৰমহংস, গণেশ শংকৰ বিদ্যাৰ্থী, ৰাজগুৰু, ৰবীন্দ্ৰনাথ ঠাকুৰ, লাল বাহাদুৰ শাস্ত্ৰী, ৰাণী লক্ষ্মীবাই, ৰাণা প্ৰতাপ, বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়, আদি শংকৰাচাৰ্য, গুৰু নানক, এ পি জে আব্দুল কালাম, ৰামানুজাচাৰ্য, পানিনী, আৰ্যভট্ট আৰু চি.ভি. ৰমনৰ জীৱনী পঢ়িব লাগিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন