--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বিদ্যালয়ৰ পাঠ্যপুথিৰ পৰা বাদ দিয়া হৈছে জৱাহৰলাল নেহৰু, ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে ব্যক্তিসকলৰ বিষয়ে থকা পাঠ। ৰাজ্য খনৰ পাঠ্যপুথিত নাই  জৱাহৰলাল নেহৰু নাই, ৰাজেন্দ্ৰ প্ৰসাদ ,  সৰ্বপল্লী ৰাধাকৃষ্ণণৰ কথা।  কিন্তু পাঠ্যপুথিত আছে   ছাভাৰকাৰৰ কথা।  লাল বাহাদুৰ শাস্ত্ৰী আৰু দীনদয়াল উপাধ্যায়ৰ কথাও পাঠ্যপুথিত সন্নিবিষ্ট কৰা হৈছে।  উত্তৰ প্ৰদেশ ব'ৰ্ডৰ পাঠ্যক্ৰমৰ এনে ৰদবদলে এতিয়া সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। ৰাজ্য খনত নেহৰুক ভাৰতৰ ৫০ জন বিশিষ্ট ব্যক্তিৰ তালিকাৰ পৰা বাদ দিয়া হৈছে।

 ৰাজ্যখনত নতুন শিক্ষাবৰ্ষত  ৯ ৰ পৰা ১২  শ্ৰেণীৰ বাবে ৫০  জন ব্যক্তিৰ জীৱনী কিতাপত অন্তৰ্ভুক্ত  কৰা হ'ব। ৰাজ্যিক শিক্ষা পৰিষদৰ সূত্ৰই প্ৰকাশ কৰা মতে  দীঘলীয়া আলোচনাৰ পিছত ৫০ গৰাকী ব্যক্তিৰ  নাম চূড়ান্ত কৰা হৈছে। ব'ৰ্ডৰ সম্পাদক দিব্যকান্ত শুক্লাই কয়  যে জীৱনীসমূহ  বাধ্যতামূলক হ’ব  আৰু  ছাত্ৰ-ছাত্ৰীসকলে সেয়া অধ্যয়ন কৰিব লাগিব।

এই তালিকাত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰু কিয় নাই? কাৰণ "নেহৰুৱে দেশৰ বাবে প্ৰাণ দিয়া নাছিল!"  উত্তৰ প্ৰদেশৰ ভাৰপ্ৰাপ্ত স্বতন্ত্ৰ মাধ্যমিক শিক্ষা মন্ত্ৰী গুলাবি দেৱীয়ে এনেদৰেই দিলে উত্তৰ। পাঠ্যক্ৰমৰ তালিকা অনুসৰি চন্দ্ৰশেখৰ আজাদ, বিৰচা মুণ্ডা, বেগম হজৰত মহল, বীৰ কুনাৰ সিং, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, গৌতম বুদ্ধ, জ্যোতিবা ফুলে, ছত্ৰপতি শিৱাজী, ছাভাৰকাৰ, বিনোৱা ভাবে, শ্ৰীনিবাস ৰামানুজন আৰু জগদীশ চন্দ্ৰ বসুৰ জীৱনী  ৯ ম শ্ৰেণীৰ পাঠ্যপুথিত  থাকিব। 

মঙ্গল পাণ্ডে, ৰোশন সিং, সুখদেৱ, লোকমান্য তিলক, গোপালকৃষ্ণ গোখলে, মহাত্মা গান্ধী, খুদিৰাম বসু আৰু স্বামী বিবেকানন্দৰ জীৱনী দশম শ্ৰেণীত থাকিব। ৰামপ্ৰসাদ বিছমিল, ভগত সিং, ভীমৰাও আম্বেদকাৰ, বল্লভভাই পেটেল, দীনদয়াল উপাধ্যায়, মহাবীৰ জৈন, মদন মোহন মালৱীয়, অৰবিন্দ ঘোষ, ৰাম মোহন ৰয়, সৰোজিনী নাইডু, নানা চাহেব, পতঞ্জলি, সুশ্ৰুত আৰু হোমি জাহাংগীৰ ভাবাৰ কথা
 একাদশ ফ্ৰেণীত  থাকিব। দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে ৰামকৃষ্ণ পৰমহংস, গণেশ শংকৰ বিদ্যাৰ্থী, ৰাজগুৰু, ৰবীন্দ্ৰনাথ ঠাকুৰ, লাল বাহাদুৰ শাস্ত্ৰী, ৰাণী লক্ষ্মীবাই, ৰাণা প্ৰতাপ, বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়, আদি শংকৰাচাৰ্য, গুৰু নানক, এ পি জে আব্দুল কালাম, ৰামানুজাচাৰ্য, পানিনী, আৰ্যভট্ট আৰু চি.ভি. ৰমনৰ জীৱনী পঢ়িব লাগিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস