ডিজিটেল ডেস্কঃ ২০১৬ চনৰ ৮ নৱেম্বৰ। সেইদিনা হঠাতে দেশত তোলপাৰ লগালে এটা খবৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে এটি বিশেষ ঘোষণা। সেই বিশেষ ঘোষণাকে লৈ সমগ্ৰ দেশবাসীৰ ঘৰে-ঘৰে বিৰাজ কৰিলে এক অস্থিৰ পৰিৱেশে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি পৰ্দাত নিশা ৮ বজাত কৰিছিল সেই বিশেষ ঘোষণা। তেওঁ ঘোষণা কৰিছিল যে মাত্ৰ চাৰি ঘণ্টাৰ পাছতে অৰ্থাৎ ১২ বজাৰ পৰা দেশত ৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰা হব। একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়েও নতুন ৫০০ আৰু ২০০০ টকীয়া নোটৰ প্ৰচলন কৰাৰ কথাও ঘোষণা কৰিছিল। কোনো আগজাননী নোহোৱাকৈ হঠাতে কৰা এই ঘোষণাই স্বাভাৱিকতে সাধাৰণ জনতাক চিন্তাত পেলাইছিল। আজি আমি বিমুদ্ৰাকৰণৰ ৭ বছৰ সম্পূৰ্ণ কৰিলো।
কেন্দ্ৰীয় চৰকাৰে কয় যে এই সিদ্ধান্ত ৫০০ আৰু ১০০০ টকীয়া ভুৱা নোট ৰোধ কৰাৰ লগতে দেশত ক’লা ধন ৰোধ কৰিবলৈ লোৱা হৈছে। লগতে এই পদক্ষেপ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভুৱা নোট ৰোধ কৰাৰ বাবে চৰকাৰৰ অস্ত্ৰ হৈ পৰিব। ইয়াৰ দ্বাৰা যাতে চৰকাৰৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ বা ক’লা ধন ব্যৱহাৰ কৰি সন্ত্ৰাসবাদৰ প্ৰচাৰ বন্ধ কৰিব পৰা যায়।
এই সিদ্ধান্তত তল-ওপৰ হ'ল দেশৰ অৰ্থনীতি। ইয়াৰ প্ৰভাৱ পৰিছিল বিশেষকৈ সাধাৰণ মানুহৰ ওপৰত। উভতি চালে দেখা যায় মাহৰ পাছত মাহ ধৰি বিমুদ্ৰাকৰণৰ সৈতে জড়িত ঘটনাবোৰ কেৱল বাতৰিৰ শিৰোনাম হৈয়েই থাকি গ'ল।
বিমুদ্ৰাকৰণৰ ফলত প্রথমবাৰৰ বাবে প্রৱর্তন হ’ল ২০০০ টকীয়া নতুন নোট৷ আৰু এই গোলাপী ৰঙৰ নোট প্ৰৱৰ্তনৰ আঁৰত চৰকাৰে যুক্তি দিছিল যে এই নোটখন মূলতঃ বৃহৎ লেনদেনৰ বাবে উপযোগী হ’ব আৰু ই ৰাইজৰ বাবে সুবিধাজনক হ’ব।
বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ পাছত মানুহে বেংকৰ বাহিৰত শাৰী পাতি থিয় হৈ পুৰণি নোট বিনিময় আৰু নতুন নোট লোৱাৰ বাহিৰে আন কোনো বিকল্প নাছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ২০১৬ চনৰ বিমুদ্ৰাকৰণৰ সময়ত বেংকৰ বাহিৰত শাৰী পাতি মুঠ ১০০ জন লোকৰ মৃত্যু হৈছিল। পিছে সময়ৰ সোঁতত এই খবৰো গৌণ হৈ ৰ'ল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ হৈ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত সংসদত টিএমচিৰ সাংসদ অবিৰ ৰঞ্জন বিশ্বাসৰ প্ৰশ্নৰ উত্তৰত কয় যে চৰকাৰৰ হাতত এই কাৰণে কিমান লোকৰ মৃত্যু হৈছে তাৰ কোনো তথ্য চৰকাৰৰ হাতত নাই। ২০১৬ চনৰ ডিচেম্বৰ মাহত তেতিয়াৰ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে সংসদতে খোদ জনাইছিল যে বিমুদ্ৰাকৰণৰ সময়ছোৱাত এজন গ্ৰাহক আৰু ৩ জন বেংক কৰ্মচাৰীকে ধৰি ৪ জন লোকৰ মৃত্যু হৈছিল। ২০১৬ চনত বিমুদ্ৰাকৰণৰ পিছত ৮৬ শতাংশ মুদ্ৰা প্ৰচলন বন্ধ হৈ গৈছিল।
২০২৩ চনৰ ১৯ মে’ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে হঠাতে ২০০০ টকীয়া নোট প্ৰচলনৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত ঘোষণা কৰে। এই খবৰৰ লগে লগে ৰাইজে ২০১৬ চনৰ ৮ নৱেম্বৰত মোদী চৰকাৰৰ বিমুদ্ৰাকৰণৰ কথা মনত পেলাইছিল আৰু এই পদক্ষেপক মিনি বিমুদ্ৰাকৰণ বুলিও কোৱা হৈছিল। আৰ বি আইয়ে ২৩ মে’ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত দেশবাসীক সময় দিছিল।
চৰকাৰে বিমুদ্ৰাকৰণক ক’লা ধনৰ বিৰুদ্ধে সৰ্বাধিক অস্ত্ৰ বুলি অভিহিত কৰিছিল। কিন্তু, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত কোৱা হৈছে যে ৯৯% মুদ্ৰা বেংকলৈ ঘূৰি আহিল। তেন্তে ক'লৈ গ'ল চৰকাৰে কোৱা ক'লা ধন? তাৰ ফলত বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হ'ল ক্ষুদ্ৰ ব্যৱসায়ীসকলেহে।
বিমুদ্ৰাকৰণৰ আন এক উদ্দেশ্য আছিল নকল নোট নিয়ন্ত্ৰণ। এই উদ্দেশ্যটো বিফল বিমুদ্ৰাকৰণ। কিয়নো ৰিজাৰ্ভ বেংকৰ পৰা শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য স্পষ্ট হৈছে বজাৰত নকল নোটৰ সংখ্যা বৃদ্ধিহে পাইছে। আৰ বি আইৰ বাৰ্ষিক প্রতিবেদনত প্রকাশ কৰা অনুসৰি, বছৰটোত ৪.৫৫ কোটি টকা মূল্যৰ ৯১,১১০খন নকল ৫০০ টকীয়া নোট ধৰা পৰে৷
ইমান খিনি তথ্যৰ প্ৰকাশৰ পাছত ভাৰতৰ দৰে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ জনসাধাৰণে চৰকাৰৰ এই সিদ্ধান্ত সঠিক আছিল নে নাই সেয়া আজিৰ পৰ্যন্ত ঠাৱৰ কৰিব নোৱাৰিলে।
বিমুদ্ৰাকৰণৰ কিছুমান নেতিবাচক প্ৰভাৱ
১. বিমুদ্ৰাকৰণে অৰ্থনীতিত বিপুল প্ৰভাৱ পেলাইছিল। GDP হ্ৰাস পোৱাৰ লগতে বহু ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ পৰিছিল।
২. বহু ক্ষুদ্ৰ ব্যৱসায়ী আৰু উদ্যোগীকৰণ খণ্ড বন্ধ হোৱাৰ বাবে কৰ্মসংস্থাপনৰ অভাৱ ঘটিছিল।
৩. বিমুদ্ৰাকৰণৰ প্ৰথম কেইমাহমানত নতুন নোটৰ অভাৱত মানুহে সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল।
৪. বিমুদ্ৰাকৰণৰ বাবে কৃষকসকলে ধনৰ নাটনিৰ সন্মুখীন হ’ব লগা হৈছিল, যাৰ ফলত কৃষি খণ্ডত বৃহৎ প্ৰভাৱ পৰিছিল।