--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোদীয়ে  নিৰ্বাচনী নিয়ম উলংঘা কৰি চৰকাৰী আঁচনি ঘোষণা কৰাত আচৰিত হৈ পৰিছে  দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছ। কংগ্ৰেছে কৈছে যে কংগ্ৰেছে দেশৰ দৰিদ্ৰ লোকসকলক বিনামূলীয়া ৰেচন দিয়াৰ বিৰোধী নহয়। কিন্তু  কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পূৰ্বেই প্ৰধানমন্ত্ৰীয়ে আঁচনিখন ঘোষণা কৰাৰ অধিকাৰ ক’ত পালে বুলি কংগ্ৰেছে প্ৰশ্ন কৰে। 

 কংগ্ৰেছে  দাবী কৰিছে যে এনে সিদ্ধান্তই আকৌ এবাৰ প্ৰধানমন্ত্ৰীৰ 'একনায়কত্ববাদী ৰূপ ' প্ৰমাণ কৰিছে। শেহতীয়াকৈ, মোদী আৰু বিজেপিয়ে বাৰে বাৰে দাবী কৰি আহিছে  যে দেশত অৰ্থনৈতিক বৈষম্য হ্ৰাস পাইছে। নিম্ন শ্ৰেণীৰ, নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ক্ৰয় ক্ষমতা বৃদ্ধি হৈ আছে। কংগ্ৰেছে প্ৰশ্ন কৰে "যদি সঁচাকৈয়ে এনে হৈছে, তেন্তে পাঁচ বছৰৰ বাবে বিনামূলীয়া ৰেচন প্ৰদান কৰাৰ ঘোষণা কিয় কৰা হৈছে?

শনিবাৰে ছত্তীশগড়ৰ দূৰ্গত নিৰ্বাচনী প্ৰচাৰ চলাওঁতে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল  যে অহা পাঁচ বছৰৰ বাবে দেশৰ ৮০ কোটি লোকক প্ৰতি মাহে ৫ কিলোগ্ৰাম খাদ্যশস্য বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। নিৰ্বাচনী প্ৰচাৰৰ সময়ত  প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় আঁচনি ঘোষণা কৰাৰ বিষয়টোৱে বহুতকে আচৰিত কৰি তুলিছে।  এই বিষয়ত  অভিযোগ লৈ কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচন আয়োগৰ কাষ চাপিছে। টিএমচিৰ সাংসদ চাকেত গোখলেয়েও প্ৰতিবাদ জনাই পত্ৰ লিখিছে।

 ইপিনে বিৰোধীৰ এনে প্ৰতিবাদৰ মাজতে  বিজেপিয়ে কৈছে যে বিৰোধী দলবোৰ  দৰিদ্ৰ বিৰোধী। সেয়েহে তেওঁলোকে দৰিদ্ৰ লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাৰ বিৰোধিতা কৰিছে। অৱশ্যে এই সন্দৰ্ভত কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰি দিছে।কংগ্ৰেছে  কৈছে যে এয়া  এটা সিদ্ধান্ত সৰ্বসন্মত সিদ্ধান্ত নহয়।  ৰাজ্যসভাৰ সাংসদ তথা মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে প্ৰশ্ন কৰিছে , "কেন্দ্ৰীয় কেবিনেটে গৃহীত কৰাৰ আগতে প্ৰধানমন্ত্ৰীয়ে কেনেকৈ এই ঘোষণা কৰিব পাৰে? তাকো  নিৰ্বাচনী প্ৰচাৰৰ সময়ত! " 




তেওঁ কয় যে আঁচনিখন ৰূপায়ণ কৰিবলৈ ১১ লাখ কোটি টকাৰ প্ৰয়োজন হ’ব। কংগ্ৰেছে দাবী কৰিছে   যে প্ৰকল্পটো প্ৰকৃততে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ পুনৰ নামকৰণ, যিটো তেওঁলোকৰ কাৰ্যকালত প্ৰৱৰ্তন কৰা হৈছিল। অৰ্থনৈতিক পিৰামিডৰ তলত থকা নাগৰিকসকলৰ ক্ষেত্ৰত মোদীয়ে কৰা মন্ত্ব্য বিপৰীতধৰ্মী  বুলি কৈ কংগ্ৰেছে কৈছে যে দৰাচলতে  যদি তেওঁলোকৰ ওচৰত অতিৰিক্ত ধনেই  আছে, তেনেহ'লে বিনামূলীয়া ৰেচনৰ কোনো প্ৰয়োজন নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ