--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আগৰে পৰা হিন্দু ৰাষ্ট্ৰ; নতুনকৈ বনোৱাৰ প্ৰয়োজন নাই এই মন্তব্য RSS নেতা দত্তাত্ৰেয় হোছাবালেৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ(RSS) সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোছাবালেই মঙলবাৰে কয় যে "সংঘই বিশ্বাস কৰে যে ভাৰতক হিন্দু ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ আমাৰ দেশখন সদায় হিন্দু ৰাষ্ট্ৰই হয়।" 

গুজৰাটৰ কুচ জিলাৰ ভূজত অনুষ্ঠিত হোৱা তিনিদিনীয়া সৰ্বভাৰতীয় কাৰ্যনিৰ্বাহক ব’ৰ্ডৰ বৈঠকৰ অন্তিম দিনা আৰ এছ এছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।

হোছাবালেই লগতে কয়, “ভাৰত ইতিমধ্যে হিন্দু দেশ আৰু ভৱিষ্যতেও তেনেকৈয়ে থাকিব। ড° হেডগেৱাৰে (আৰ এছ এছৰ প্ৰতিষ্ঠাপক) এসময়ত কৈছিল যে দেশত যেতিয়ালৈকে হিন্দু আছে তেতিয়ালৈকে এই দেশ হিন্দু জাতিৰ হৈ থাকিব। সংবিধানত ৰাজনীতিৰ কথা কোৱা হৈছে, যিটো বেলেগ কথা। জাতি হিচাপে ভাৰত হিন্দু জাতিৰ আছিল, আছে আৰু থাকিব।"

"ভাৰত কেতিয়া হিন্দু জাতি হ'ব" এই প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে দেশৰ ঐক্যৰ কথা চিন্তা কৰি সমাজৰ উন্নতিৰ বাবে কিছু সময় উচৰ্গা কৰাটো 'হিন্দুত্ব'।

RSSৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোছাবালেৰ এই মন্তব্যক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement