--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আগৰে পৰা হিন্দু ৰাষ্ট্ৰ; নতুনকৈ বনোৱাৰ প্ৰয়োজন নাই এই মন্তব্য RSS নেতা দত্তাত্ৰেয় হোছাবালেৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ(RSS) সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোছাবালেই মঙলবাৰে কয় যে "সংঘই বিশ্বাস কৰে যে ভাৰতক হিন্দু ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ আমাৰ দেশখন সদায় হিন্দু ৰাষ্ট্ৰই হয়।" 

গুজৰাটৰ কুচ জিলাৰ ভূজত অনুষ্ঠিত হোৱা তিনিদিনীয়া সৰ্বভাৰতীয় কাৰ্যনিৰ্বাহক ব’ৰ্ডৰ বৈঠকৰ অন্তিম দিনা আৰ এছ এছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।

হোছাবালেই লগতে কয়, “ভাৰত ইতিমধ্যে হিন্দু দেশ আৰু ভৱিষ্যতেও তেনেকৈয়ে থাকিব। ড° হেডগেৱাৰে (আৰ এছ এছৰ প্ৰতিষ্ঠাপক) এসময়ত কৈছিল যে দেশত যেতিয়ালৈকে হিন্দু আছে তেতিয়ালৈকে এই দেশ হিন্দু জাতিৰ হৈ থাকিব। সংবিধানত ৰাজনীতিৰ কথা কোৱা হৈছে, যিটো বেলেগ কথা। জাতি হিচাপে ভাৰত হিন্দু জাতিৰ আছিল, আছে আৰু থাকিব।"

"ভাৰত কেতিয়া হিন্দু জাতি হ'ব" এই প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে দেশৰ ঐক্যৰ কথা চিন্তা কৰি সমাজৰ উন্নতিৰ বাবে কিছু সময় উচৰ্গা কৰাটো 'হিন্দুত্ব'।

RSSৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোছাবালেৰ এই মন্তব্যক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
কাজিৰঙাৰ মোনা বিলত মৃত অৱস্থাত উদ্ধাৰ ৬টা ম'হ