--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৬ চনৰ ৮ নৱেম্বৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নিশাটোৰ ভিতৰতে দেশবাসীক হচকিত কৰি ঘোষণা কৰিছিল বিমুদ্ৰাকৰণ নীতি। এই বিমুদ্ৰাকৰণৰ নীতিৰ সমৰ্থনত প্ৰচাৰ কৰা হৈছিল চমক সৃষ্টিকাৰী বহুকেইটা উদ্দেশ্যৰ বিষয়ে। ইয়াৰ অন্যতম এক প্ৰধান উদ্দেশ্য হিচাপে দেখুওৱা হৈছিল জাল নোটৰ প্ৰচলন ৰোধৰ কৰা। হঠাতে লোৱা কেন্দ্ৰৰ এই হঠকাৰী সিদ্ধান্তৰ বাবে বিপাঙত পৰিবলগীয়া হৈছিল দেশবাসী। বেংক-এটিএমৰ সন্মুখত দীঘলীয়া শাৰীত ঘণ্টাৰ পিছত ঘণ্টা থিয় হ'বলগীয়া হৈছিল সাধাৰণ জনতা। 

পিছে মূৰকত এক ফ্লপ শ্ব’ত পৰিণত হৈছিল মোদী চৰকাৰৰ বিমুদ্ৰাকৰণ নীতি। কেৱল জাল নোটৰ প্ৰচলন ৰোধতে নহয়, বিমুদ্ৰাকৰণৰ উদ্দেশ্য হিচাপে দেখুওৱা আন আন কাৰকসমূহো চূড়ান্তৰূপত ব্যৰ্থ হৈছিল। কাৰ্যত: কেন্দ্ৰ এই বিমুদ্ৰাকৰণ নীতি হঠকাৰী আৰু অবিবেচকী সিদ্ধান্ত হিচাপে প্ৰমাণিত হৈ পৰিছিল। 

জাল নোটৰ প্ৰচলন ৰোধৰ বাবে বিমুদ্ৰাকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে ঢাক-ঢোল কোবাই প্ৰচাৰ কৰা কেন্দ্ৰীয় চৰকাৰৰ এই বিমুদ্ৰাকৰণ নীতিৰ আন এক ফোঁপোলা স্বৰূপ সম্প্ৰতি পোহৰলৈ আহিছে। জাল নোটৰ বিৰুদ্ধে বিমুদ্ৰাকৰণ এক অতীব প্ৰয়োজনীয় সিদ্ধান্ত হিচাপে জনসাধাৰণৰ সমুখত প্ৰতিফলিত কৰিব বিচৰা খোদ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটতে উদ্ধাৰ হৈছে কোটি কোটি টকাৰ  জালনোট। 

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ক্ৰমাৎ ৰাজনৈতিক যুদ্ধৰ আখৰাস্থলীত পৰিণত হোৱা গুজৰাটৰ চুৰাটত ৰাজ্যিক আৰক্ষীয়ে জাল মুদ্ৰা ৰেকেটৰ বিৰুদ্ধে অভিযান চলাই এতিয়ালৈকে উদ্ধাৰ কৰিছে প্ৰায় ৩১৭ কোটি টক।  শেহতীয়াকৈ এক গোপন সূত্ৰৰ দ্বাৰা লাভ কৰা তথ্যৰ আধাৰত চুৰাট আৰক্ষীয়ে আহমেদাবাদ-মুম্বাই ঘাইপথৰ পাৰ্ডি গাঁৱৰ কাষত দিকৰি এডুকেশ্বন ট্ৰাষ্টৰ এখন এম্বুলেন্স জব্দ কৰি এম্বুলেন্সখনৰ পৰা ২৫ কোটি টকাৰ জাল নোট থকা ছয়টা বাকচ উদ্ধাৰ কৰে।

জিলা আৰক্ষী অধীক্ষক হিতেশ জয়ছাৰে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে তদন্তত এতিয়ালৈকে ৩১৬.৯৮ কোটি টকাৰ নকল নোট উদ্ধাৰ হৈছে। গ্ৰেপ্তাৰ কৰা এম্বুলেন্স চালক হিতেশ পপুৰষোত্তম ভাই কোটিয়াই জেৰাৰ সময়ত প্ৰথমে আৰক্ষীক এম্বুলেন্সত পোৱা নকল নোটসমূহ চিনেমাৰ দৃশ্যগ্ৰহণৰ বাবে ব্যৱহৃত ধন আছিল বুলি পতিয়ন নিওৱাৰ চেষ্টা চলাইছিল। কিন্তু আৰক্ষীয়ে এই যুক্তিত পতিয়ন নগৈ হিতেশৰ ঘৰত অভিযান চলোৱাত পুনৰ ৫২ কোটি টকাৰ নকল নোট উদ্ধাৰ কৰিছিল।

জামনগৰৰ উপ আৰক্ষী অধীক্ষক প্ৰেমসুখ দেলুৱে জানিবলৈ দিয়া মতে হিতেশৰ ঘৰত ১৯ টা বাকচৰ পৰা এই জালনোটসমূহ উদ্ধাৰ কৰা হৈছিল। এই বৃহৎ পৰিমাণৰ জাল নোটসমূহ ক'ত মুদ্ৰণ কৰা হৈছে আৰু বজাৰত এই নোটসমূহ এৰি দিয়া আঁৰত থকা চক্ৰটোৰ সন্ধানত আৰক্ষীয়ে অনুসন্ধান চলাই আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এইদৰে ধাৰাবাহিকভাৱে জাল নোট উদ্ধাৰৰ ঘটনাই মোদী চৰকাৰৰ বিমুদ্ৰাকৰণ নীতিৰ বিফলতাক চূড়ান্ত ৰূপত উদঙাই দেখুৱাইছে। বিমুদ্ৰাকৰণৰ ঘোষণাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নকল নোটৰ ব্যৱসায় বন্ধ কৰাৰ বাবে বিমুদ্ৰাকৰণ নীতি গ্ৰহণৰ যি দাবী কৰিছিল, এই দাবীক লৈ এতিয়া সমালোচনাত মুখৰ হৈ পৰিছে বিৰোধী দলসমূহ। যদি বিমুদ্ৰাকৰণে দেশত জাল নোটৰ প্ৰচলন সমাপ্তই কৰিলে, তেন্তে গুজৰাটলৈ ইমান বৃহৎ পৰিমাণৰ জাল নোট কেনেকৈ আহিল বুলি মোদী চৰকাৰক প্ৰশ্ন কৰিছে বিৰোধীয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement