--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চনতো আছিল ২০২১। সেই চনৰে নৱেম্বৰ মাহত মহাৰাষ্ট্ৰৰ তদানীন্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছিল। তেওঁক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু সংকটৰ সেই সময়ত পিতৃ উদ্ধ থাকৰেৰ কাষত নাছিল তেওঁৰ পুত্ৰ আদিত্য থাকৰে। আদিত্য থাকৰে সেই সময়ত ক’ত আছিল?  এই প্ৰশ্নৰ উত্তৰ এতিয়া দিছে শিৱসেনাৰ এগৰাকী সাংসদে। 

শেহতীয়াকৈ লোকসভাৰ সাংসদ ৰাহুল শেৱালে শিৱসেনাৰ আদিত্য থাকৰেৰ বিৰুদ্ধে পিতৃৰ অসুখৰ সময়ত মহিলা সাংসদক লগতলৈ  চুইজাৰলেণ্ড ভ্ৰমণ কৰি থকাৰ  অভিযোগ উত্থাপন কৰিছে।  তেওঁ কয় ’যেতিয়া ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল  তেতিয়া থাকৰেৰ পুত্ৰ  আদিত্য থাকৰেই এগৰাকী মহিলা সাংসদক লগত লৈ চুইজাৰলেণ্ড ভ্ৰমণ কৰিছিল । "

সাংসদগৰাকীয়ে লগতে কয় যে পিতৃৰ বেমাৰৰ পিছতো আদিত্যই চুইজাৰলেণ্ডৰ  পাবত মহিলা সাংসদগৰাকীৰ সৈতে স্ফূৰ্তিত মত্ত আছিল। তেওঁৰ সেই  বিদেশ ভ্ৰমণ উদ্যোগ সম্পৰ্কীয় আছিল বুলি কৈছিল’।

শিৱসেনাত ক্ষমতাকেন্দ্ৰিক সংঘাত হোৱাৰ পিছতে সিন্দে গোটৰ সাংসদগৰাকীয়ে আদিত্য থাকৰেৰ বিৰুদ্ধে এনেদৰে সৰব হৈ পৰে। এইবেলি  উদ্ধৱ থাকৰে আৰু একনাথ সিন্দে  গোটে দশেৰা উৎসৱত  পৃথকে পৃথকে  ৰেলী অনুষ্ঠিত কৰিছে। 

তেনে এক সমদলটোতে উদ্ধৱ থাকৰেই কৈছিল "মই দুখ  অনুভৱ কৰোঁ যে যেতিয়া মোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, মই যিসকল লোকক ৰাজ্যৰ দায়িত্ব দিছিলো তেওঁলোক 'নিৰুদ্দেশ ' হৈ পৰিছিল আৰু আমাক বিশ্বাসঘাতকতা কৰিছিল... তেওঁলোকে ভাবি আছিল যে মই কেতিয়াও চিকিৎসালয়ৰ পৰা উভতি নাহিম।" 

৫ অক্টোবৰত তেওঁ কৰা  মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিৱসেনাৰ সাংসদগৰাকীয়ে আদিত্য থাকৰেৰ চুইজাৰলেণ্ড ভ্ৰমণৰ প্ৰসংগ উত্থাপন কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু