--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চনতো আছিল ২০২১। সেই চনৰে নৱেম্বৰ মাহত মহাৰাষ্ট্ৰৰ তদানীন্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছিল। তেওঁক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু সংকটৰ সেই সময়ত পিতৃ উদ্ধ থাকৰেৰ কাষত নাছিল তেওঁৰ পুত্ৰ আদিত্য থাকৰে। আদিত্য থাকৰে সেই সময়ত ক’ত আছিল?  এই প্ৰশ্নৰ উত্তৰ এতিয়া দিছে শিৱসেনাৰ এগৰাকী সাংসদে। 

শেহতীয়াকৈ লোকসভাৰ সাংসদ ৰাহুল শেৱালে শিৱসেনাৰ আদিত্য থাকৰেৰ বিৰুদ্ধে পিতৃৰ অসুখৰ সময়ত মহিলা সাংসদক লগতলৈ  চুইজাৰলেণ্ড ভ্ৰমণ কৰি থকাৰ  অভিযোগ উত্থাপন কৰিছে।  তেওঁ কয় ’যেতিয়া ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল  তেতিয়া থাকৰেৰ পুত্ৰ  আদিত্য থাকৰেই এগৰাকী মহিলা সাংসদক লগত লৈ চুইজাৰলেণ্ড ভ্ৰমণ কৰিছিল । "

সাংসদগৰাকীয়ে লগতে কয় যে পিতৃৰ বেমাৰৰ পিছতো আদিত্যই চুইজাৰলেণ্ডৰ  পাবত মহিলা সাংসদগৰাকীৰ সৈতে স্ফূৰ্তিত মত্ত আছিল। তেওঁৰ সেই  বিদেশ ভ্ৰমণ উদ্যোগ সম্পৰ্কীয় আছিল বুলি কৈছিল’।

শিৱসেনাত ক্ষমতাকেন্দ্ৰিক সংঘাত হোৱাৰ পিছতে সিন্দে গোটৰ সাংসদগৰাকীয়ে আদিত্য থাকৰেৰ বিৰুদ্ধে এনেদৰে সৰব হৈ পৰে। এইবেলি  উদ্ধৱ থাকৰে আৰু একনাথ সিন্দে  গোটে দশেৰা উৎসৱত  পৃথকে পৃথকে  ৰেলী অনুষ্ঠিত কৰিছে। 

তেনে এক সমদলটোতে উদ্ধৱ থাকৰেই কৈছিল "মই দুখ  অনুভৱ কৰোঁ যে যেতিয়া মোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, মই যিসকল লোকক ৰাজ্যৰ দায়িত্ব দিছিলো তেওঁলোক 'নিৰুদ্দেশ ' হৈ পৰিছিল আৰু আমাক বিশ্বাসঘাতকতা কৰিছিল... তেওঁলোকে ভাবি আছিল যে মই কেতিয়াও চিকিৎসালয়ৰ পৰা উভতি নাহিম।" 

৫ অক্টোবৰত তেওঁ কৰা  মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিৱসেনাৰ সাংসদগৰাকীয়ে আদিত্য থাকৰেৰ চুইজাৰলেণ্ড ভ্ৰমণৰ প্ৰসংগ উত্থাপন কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক