--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ চমকপ্ৰদ বুলি বহুতে দাবী কৰি অহাৰ সময়তে বিশ্ব বেংকে পূৰ্বতে ভাৰতৰ অৰ্থনৈতিক বিকাশ সন্দৰ্ভত প্ৰকাশ কৰা তথ্যৰ সংশোধনী ঘটাইছে। জুন মাহত বিশ্ব বেংকে বিশ্ব অৰ্থনীতিৰ সম্ভাৱনাৰ বিষয়ত  এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। সেই প্ৰতিবেদনত ভৱিষ্যতবাণী কৰা হৈছিল  যে ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭.৫ শতাংশ হ'ব ।

কৰোনাভাইৰাছ সংক্ৰমণৰ কুফল এতিয়াও সম্পূৰ্ণৰূপে দূৰ  হোৱা নাই। ৰাছিয়া-ইউক্ৰেইন যুদ্ধই পৰিবেশ আৰু অধিক  অনিশ্চিত কৰি  তুলিছে। যুদ্ধই সমগ্ৰ বিশ্বতে  মূল্যবৃদ্ধিৰ ওপৰত প্ৰভাৱ পেলাইছে। এই পৰিস্থিতিত বিশ্ব বেংকে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিশেষ ইতিবাচক সম্ভাৱনা দেখা পোৱা নাই। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ প্ৰতিনিধিৰ উপস্থিতিত  শেহতীয়াকৈ 'দক্ষিণ এছিয়াৰ অৰ্থনীতি' সন্দৰ্ভত এক বৈঠকত বিশ্ব বেংকে ভৱিষ্যতবাণী কৰিছে যে চলিত বিত্তীয় বৰ্ষ ২০২২-২৩ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৫ শতাংশলৈ হ্ৰাস হ'ব পাৰে।

পূৰ্বৰ ভৱিষ্যতবাণী অনুসৰি ২০২২-২৩ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭.৫ শতাংশ হ'ব পাৰে বুলি কোৱা হৈছিল যদিও এইবাৰ পূৰ্বানুমানত সেয়া  ১ শতাংশ হ্ৰাস কৰা হৈছে। যোৱা বিত্তীয় বৰ্ষত (২০২১-২২) ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ আছিল ৮.৭ শতাংশ।

যোৱা বছৰ ডিচেম্বৰত প্ৰকাশিত  এক প্ৰতিবেদনত বিশ্ব বেংকে কৈছিল যে ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৮.৭ শতাংশ হ'ব পাৰে। কিন্তু এপ্ৰিলত, বিশ্ব বেঙ্কৰ সংশোধিত প্ৰতিবেদনত ভাৰতত ৮ শতাংশ বৃদ্ধিৰ ভৱিষ্যতবাণী কৰা হৈছিল। জুন মাহত প্ৰকাশিত  প্ৰতিবেদনত ইয়াক আৰু ০.৫ শতাংশ হ্ৰাস কৰা হৈছিল। এইবাৰ সেয়া  ১ শতাংশ হ্ৰাস কৰি ৬.৫ শতাংশ কৰা হৈছে।

অৱশ্যে, বিশ্ব বেংকে কৈছে যে মন্দাৱস্থাৰ সন্মুখীন হোৱা  শ্ৰীলংকা বা পাকিস্তানৰ তুলনাত ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ উন্নত হ'ব বুলি কৈছে । সংস্থাটোৰ দক্ষিণ এছিয়া বিভাগৰ মুখ্য অৰ্থনীতিবিদ হান্স টিমাৰে  এক সাক্ষাৎকাৰত কয়, "ভাৰতীয় অৰ্থনীতি দক্ষিণ এছিয়াৰ আন দেশতকৈ উন্নত। বিকাশৰ হাৰো তুলনামূলকভাৱে উচ্চ। ''











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু