--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ চমকপ্ৰদ বুলি বহুতে দাবী কৰি অহাৰ সময়তে বিশ্ব বেংকে পূৰ্বতে ভাৰতৰ অৰ্থনৈতিক বিকাশ সন্দৰ্ভত প্ৰকাশ কৰা তথ্যৰ সংশোধনী ঘটাইছে। জুন মাহত বিশ্ব বেংকে বিশ্ব অৰ্থনীতিৰ সম্ভাৱনাৰ বিষয়ত  এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। সেই প্ৰতিবেদনত ভৱিষ্যতবাণী কৰা হৈছিল  যে ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭.৫ শতাংশ হ'ব ।

কৰোনাভাইৰাছ সংক্ৰমণৰ কুফল এতিয়াও সম্পূৰ্ণৰূপে দূৰ  হোৱা নাই। ৰাছিয়া-ইউক্ৰেইন যুদ্ধই পৰিবেশ আৰু অধিক  অনিশ্চিত কৰি  তুলিছে। যুদ্ধই সমগ্ৰ বিশ্বতে  মূল্যবৃদ্ধিৰ ওপৰত প্ৰভাৱ পেলাইছে। এই পৰিস্থিতিত বিশ্ব বেংকে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিশেষ ইতিবাচক সম্ভাৱনা দেখা পোৱা নাই। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ প্ৰতিনিধিৰ উপস্থিতিত  শেহতীয়াকৈ 'দক্ষিণ এছিয়াৰ অৰ্থনীতি' সন্দৰ্ভত এক বৈঠকত বিশ্ব বেংকে ভৱিষ্যতবাণী কৰিছে যে চলিত বিত্তীয় বৰ্ষ ২০২২-২৩ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৫ শতাংশলৈ হ্ৰাস হ'ব পাৰে।

পূৰ্বৰ ভৱিষ্যতবাণী অনুসৰি ২০২২-২৩ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭.৫ শতাংশ হ'ব পাৰে বুলি কোৱা হৈছিল যদিও এইবাৰ পূৰ্বানুমানত সেয়া  ১ শতাংশ হ্ৰাস কৰা হৈছে। যোৱা বিত্তীয় বৰ্ষত (২০২১-২২) ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ আছিল ৮.৭ শতাংশ।

যোৱা বছৰ ডিচেম্বৰত প্ৰকাশিত  এক প্ৰতিবেদনত বিশ্ব বেংকে কৈছিল যে ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৮.৭ শতাংশ হ'ব পাৰে। কিন্তু এপ্ৰিলত, বিশ্ব বেঙ্কৰ সংশোধিত প্ৰতিবেদনত ভাৰতত ৮ শতাংশ বৃদ্ধিৰ ভৱিষ্যতবাণী কৰা হৈছিল। জুন মাহত প্ৰকাশিত  প্ৰতিবেদনত ইয়াক আৰু ০.৫ শতাংশ হ্ৰাস কৰা হৈছিল। এইবাৰ সেয়া  ১ শতাংশ হ্ৰাস কৰি ৬.৫ শতাংশ কৰা হৈছে।

অৱশ্যে, বিশ্ব বেংকে কৈছে যে মন্দাৱস্থাৰ সন্মুখীন হোৱা  শ্ৰীলংকা বা পাকিস্তানৰ তুলনাত ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ উন্নত হ'ব বুলি কৈছে । সংস্থাটোৰ দক্ষিণ এছিয়া বিভাগৰ মুখ্য অৰ্থনীতিবিদ হান্স টিমাৰে  এক সাক্ষাৎকাৰত কয়, "ভাৰতীয় অৰ্থনীতি দক্ষিণ এছিয়াৰ আন দেশতকৈ উন্নত। বিকাশৰ হাৰো তুলনামূলকভাৱে উচ্চ। ''











FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক