--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কেৱল চৰকাৰেই নহয়, দেশৰ সংবাদ মাধ্যমেও এতিয়া কিদৰে তথ্য গাপ দিয়া তথা একোটা তথ্যৰ আঁৰৰ সত্যক আংশিক ৰূপত উপস্থাপন কৰিবলৈ আৰম্ভ কৰিছে তাৰ এক শেহতীয়া নিদৰ্শন দেখিবলৈ পোৱা গৈছে। বিশ্ব বেংকৰ এখন প্ৰতিবেদনৰ প্ৰসংগতে এই কথা চৰ্চালৈ আহিছে। শেহতীয়াকৈ বিশ্ব বেংকে প্ৰকাশ কৰা এখন প্ৰতিবেদনত উল্লেখ কৰিছিল যে, ভাৰতত অতি গুৰুতৰ দৰিদ্ৰতা হ্ৰাস পাইছে। ২০১১চনৰ পৰা ২০১৯চনৰ ভিতৰত দেশত অতি দৰিদ্ৰ শ্ৰেণীৰ লোকৰ পৰিমাণ ১২.৩ শতাংশ হ্ৰাস হৈছে। এই তথ্যক লৈ দেশৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে। কিন্তু এই প্ৰতিবেদনতে উল্লেখ কৰা এটা তথ্য তাতপৰ্যপূৰ্ণভাৱে চৰ্চাৰ পৰা আঁতৰাই ৰখা হৈছে।

প্ৰতিবেদনখনত লগতে এক গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰি সদৰি কৰা হৈছিল যে, দেশত বিমুদ্ৰাকৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতে নগৰীয়া দৰিদ্ৰতা বৃদ্ধি পাইছে তীব্ৰ ৰূপত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ প্ৰথমটো কাৰ্যকালতে এক অপ্ৰত্যাশিত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই সিদ্ধান্ত অনুসৰি দেশত প্ৰচলিত হৈ থকা ৫০০ আৰ ১০০০টকীয়া নোট বন্ধ কৰি দিয়া হৈছে। বিমুদ্ৰাকৰণ নামেৰে আখ্যা দিয়া এই বিতৰ্কিত সিদ্ধান্তই দেশৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱাটো স্পষ্ট হৈ পৰিছিল পৰৱৰ্তী সময়ত। দেশত নগদ ধনৰ নাটনি হোৱাৰ লগে লগে ক্ষুদ্ৰ ব্যৱসায়ীসকল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈ পৰিছিল আৰু তাৰ ফলত বহু লোকে দৰিদ্ৰতাৰ ফালে গতি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। ২০১৬ চনত চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে নগৰীয়া দৰিদ্ৰতা তীব্ৰ গতিত বৃদ্ধি পাইছিল। অৱশ্যে এই অৱস্থাৰ পৰা খৰতকীয়াকৈ পুনৰুদ্ধাৰো হৈছিল বুলি প্ৰকাশ পাইছে।

ভাৰতত দৰিদ্ৰতা বিগত দশকটোত হ্ৰাস হৈছে যদিও আশা কৰা হাৰত হ্ৰাস হোৱা নাই বুলি প্ৰতিবেদনখনত কোৱা হৈছে। অৰ্থনীতিবিদ সুতীৰ্থ সিং ৰয় আৰু ৰয় ভান ডাৰ ৱেইডে প্ৰস্তুত কৰা এই প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে ২০১১ চনত দেশত ২২.৫ শতাংশ লোক চৰম দৰিদ্ৰতাৰ কৱলত থকাৰ বিপৰীতে ২০১৯ চনত এই পৰিমাণ হৈছিল ১০.২ শতাংশ। এই সময়ছোৱাত ১২শতাংশৰো অধিক পৰিমাণে লোক চৰম দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত হৈছিল। কিন্তু মন কৰিবলগীয়া কথাটো হৈছে যে, ২০০৪ চনৰপৰা ২০১১চনৰ সময়ছোৱাত যিটো হাৰত দৰিদ্ৰতাৰ হাৰ হ্ৰাস হৈছিল সেই হাৰ তাৰ পৰৱৰ্তী দশকটোত কম হৈ পৰিছিল।

প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে, গ্ৰামাঞ্চলতকৈ চহৰ অঞ্চলত দৰিদ্ৰতা হ্ৰাসৰ হাৰ কম। ইয়াৰ কাৰণ হিচাপে বিমুদ্ৰাকৰণৰ দৰে সিদ্ধান্তক জগৰীয়া কৰিছে প্ৰতিবেদনখনত। অৱশ্যে ই পেলোৱা প্ৰভাৱৰ পৰা মুক্তিও খৰতকীয়াকৈ হোৱা বুলি প্ৰতিবেদনখনত লগতে কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ