--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কেৱল চৰকাৰেই নহয়, দেশৰ সংবাদ মাধ্যমেও এতিয়া কিদৰে তথ্য গাপ দিয়া তথা একোটা তথ্যৰ আঁৰৰ সত্যক আংশিক ৰূপত উপস্থাপন কৰিবলৈ আৰম্ভ কৰিছে তাৰ এক শেহতীয়া নিদৰ্শন দেখিবলৈ পোৱা গৈছে। বিশ্ব বেংকৰ এখন প্ৰতিবেদনৰ প্ৰসংগতে এই কথা চৰ্চালৈ আহিছে। শেহতীয়াকৈ বিশ্ব বেংকে প্ৰকাশ কৰা এখন প্ৰতিবেদনত উল্লেখ কৰিছিল যে, ভাৰতত অতি গুৰুতৰ দৰিদ্ৰতা হ্ৰাস পাইছে। ২০১১চনৰ পৰা ২০১৯চনৰ ভিতৰত দেশত অতি দৰিদ্ৰ শ্ৰেণীৰ লোকৰ পৰিমাণ ১২.৩ শতাংশ হ্ৰাস হৈছে। এই তথ্যক লৈ দেশৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে। কিন্তু এই প্ৰতিবেদনতে উল্লেখ কৰা এটা তথ্য তাতপৰ্যপূৰ্ণভাৱে চৰ্চাৰ পৰা আঁতৰাই ৰখা হৈছে।

প্ৰতিবেদনখনত লগতে এক গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰি সদৰি কৰা হৈছিল যে, দেশত বিমুদ্ৰাকৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতে নগৰীয়া দৰিদ্ৰতা বৃদ্ধি পাইছে তীব্ৰ ৰূপত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ প্ৰথমটো কাৰ্যকালতে এক অপ্ৰত্যাশিত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই সিদ্ধান্ত অনুসৰি দেশত প্ৰচলিত হৈ থকা ৫০০ আৰ ১০০০টকীয়া নোট বন্ধ কৰি দিয়া হৈছে। বিমুদ্ৰাকৰণ নামেৰে আখ্যা দিয়া এই বিতৰ্কিত সিদ্ধান্তই দেশৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱাটো স্পষ্ট হৈ পৰিছিল পৰৱৰ্তী সময়ত। দেশত নগদ ধনৰ নাটনি হোৱাৰ লগে লগে ক্ষুদ্ৰ ব্যৱসায়ীসকল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈ পৰিছিল আৰু তাৰ ফলত বহু লোকে দৰিদ্ৰতাৰ ফালে গতি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। ২০১৬ চনত চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে নগৰীয়া দৰিদ্ৰতা তীব্ৰ গতিত বৃদ্ধি পাইছিল। অৱশ্যে এই অৱস্থাৰ পৰা খৰতকীয়াকৈ পুনৰুদ্ধাৰো হৈছিল বুলি প্ৰকাশ পাইছে।

ভাৰতত দৰিদ্ৰতা বিগত দশকটোত হ্ৰাস হৈছে যদিও আশা কৰা হাৰত হ্ৰাস হোৱা নাই বুলি প্ৰতিবেদনখনত কোৱা হৈছে। অৰ্থনীতিবিদ সুতীৰ্থ সিং ৰয় আৰু ৰয় ভান ডাৰ ৱেইডে প্ৰস্তুত কৰা এই প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে ২০১১ চনত দেশত ২২.৫ শতাংশ লোক চৰম দৰিদ্ৰতাৰ কৱলত থকাৰ বিপৰীতে ২০১৯ চনত এই পৰিমাণ হৈছিল ১০.২ শতাংশ। এই সময়ছোৱাত ১২শতাংশৰো অধিক পৰিমাণে লোক চৰম দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত হৈছিল। কিন্তু মন কৰিবলগীয়া কথাটো হৈছে যে, ২০০৪ চনৰপৰা ২০১১চনৰ সময়ছোৱাত যিটো হাৰত দৰিদ্ৰতাৰ হাৰ হ্ৰাস হৈছিল সেই হাৰ তাৰ পৰৱৰ্তী দশকটোত কম হৈ পৰিছিল।

প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে, গ্ৰামাঞ্চলতকৈ চহৰ অঞ্চলত দৰিদ্ৰতা হ্ৰাসৰ হাৰ কম। ইয়াৰ কাৰণ হিচাপে বিমুদ্ৰাকৰণৰ দৰে সিদ্ধান্তক জগৰীয়া কৰিছে প্ৰতিবেদনখনত। অৱশ্যে ই পেলোৱা প্ৰভাৱৰ পৰা মুক্তিও খৰতকীয়াকৈ হোৱা বুলি প্ৰতিবেদনখনত লগতে কোৱা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অক্লান্ত কৰ্মী সমীৰ ৰয়ক সম্বৰ্ধনা মালামাল বয়জৰ
অসমৰ লোক-সংস্কৃতিক জীয়াই ৰখা সংগ্ৰামৰ জীয়া এপিটাফ
দেশত প্রচলন ২৪৫বিধ নকল ঔষধ
ছনী টিভিৰ ৰিয়েলিটি শ্ব'লৈ নিৰ্বাচিত অসমৰ জিজ্ঞাসা কাশ্যপ
ক'লা কাপোৰ প্ৰদর্শন কৰি সংসদত প্রতিবাদ বিৰোধীৰ
জীৱন গঢ়াৰ বয়সতে মৃত্যুৰ সৈতে যুঁজ টিংখাঙৰ এগৰাকী কিশোৰীৰ! ৰাইজৰ সহায় বিচাৰি কাতৰ আহ্বান পৰিয়ালৰ
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
চীনৰ এক সিদ্ধান্তৰ বাবে ভাৰতৰ ইলেক্ট্ৰনিক উদ্যোগ সংকটত, বাজিত ৩২ বিলিয়ন ডলাৰ!
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে