--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমস্যা অনেক, সমাধান মাত্ৰ এক—বুলডজাৰ। উত্তৰ প্ৰদেশত চৰকাৰে বুলডজাৰক এক নিৰ্বাচীন ইছ্যু হিচাপে গ্ৰহণ কৰা তথা নিৰ্বাচনত জয়ী হোৱাৰ পাছতে ইয়াক বিৰোধী দলৰ নেতা তথা বিভিন্ন অপৰাধত অভিযুক্তৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাৰ সময়তে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰা হৈছে দিল্লীতো। দিল্লীৰ জাহাংগীৰপুৰীত সাম্প্ৰদায়িক সংঘৰ্ষই তোলপাৰ লগাই থকাৰ সময়তে এইবাৰ বুলডজাৰ কাণ্ডক লৈ চলিছে তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰশাসনৰ এই কাৰ্যৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

এইবাৰ দিল্লীৰ জাহাংগীৰপুৰীত উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে। অঞ্চলটোত অবৈধ বেদখল উচ্ছেদ কৰিবলৈ দিল্লীৰ জাহাংগীৰপুৰীলৈ ৪০০ বুলডজাৰ আনি অভিযান আৰম্ভ কৰে প্ৰশাসনে। সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত, উত্তেজনা গ্ৰাসত থকা এলেকাটোত পুনৰ বুলডোজাৰ অভিযানে উত্তপ্ত কৰি তুলিছে। কিন্তু এই আকস্মিক অভিযানৰ ওপৰত হস্তক্ষেপ কৰি  উচ্চতম ন্যায়ালয়ে অভিযান ৰখাৰ নিৰ্দেশ দিছে।

উত্তৰ-পশ্চিম জাহাংগীৰপুৰীত অবৈধ ঘৰ ভাঙি পেলোৱা হ'ব বুলি দিল্লী বিজেপিৰ সভাপতি আদেশ গুপ্তাই সতৰ্কবাণী দিছিল। তাৰ পাছতে উত্তৰ দিল্লী পৌৰ নিগমে (এনডিএমচি) নিৰ্মাণ কাৰ্য ধ্বংস কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। অভিযানটো বুধবাৰে পুৱাই আৰম্ভ কৰা হৈছিল। ইফালে, আপ নেতা আমানতুল্লা খানে বিজেপি শাসিত পৌৰ নিগমৰ এই পদক্ষেপক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে, উত্তৰ দিল্লী পৌৰ নিগমৰ মেয়ৰ ৰাজা ইকবাল সিঙে কয়, "সমগ্ৰ দিল্লীত উচ্ছেদ বিৰোধী অভিযান অব্যাহত থাকিব। আগতেও আমি এনে অভিযানৰ বাবে নিৰাপত্তাৰ বাবে অনুৰোধ কৰিছিলো। অৱশ্যে, বিভিন্ন কাৰণত, এই পদক্ষেপ লোৱা হোৱা নাছিল। ''

আজি পুৱাৰ ভাগতে ৰাস্তাত শাৰী পাতি ৰখাই থকা ঠেলাবোৰৰ পৰা বস্তিলৈকে, সকলোবোৰ এটা এটাকৈ ভাঙি পেলোৱা দেখা যায়। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত এই অভিযান বন্ধ কৰে যদিও তাৰ পূ্ৰ্বে এটা মছজিদৰ সমীপতো চলোৱা হয় উচ্ছেদ অভিযান। পৌৰ নিগম কৰ্তৃপক্ষই অভিযোগ কৰিছিল যে এই সকলোবোৰ অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল। ইফালে, উচ্চতম ন্যায়ালয়ে উচ্ছেদ অভিযানক লৈ যাতে কোনো ধৰণৰ বিভ্ৰান্তি নহয় তাৰ বাবে কঠোৰ নিৰ্দেশ দিছে। শীৰ্ষ ন্যায়ালয়ে নিৰ্দেশ দিছিল যে ঘটনাস্থলীত যাতে স্থিতাৱস্থা বজাই ৰখা হয় অৰ্থাত তাত উচ্চেদ যাতে বন্ধ ৰখা হয়। একে সময়তে, আজি ৰাতিপুৱাৰ পৰা জাহাংগীৰপুৰীত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীও মোতায়েন কৰা হৈছে। মন কৰিবলগীয়া যে, সাম্প্ৰদায়িক সংঘাতে উত্তপ্ত কৰি ৰখা অঞ্চলটোত এনে অভিযানে অধিক বিদ্বেষ বিয়পোৱা তথা সংঘাত সৃষ্টি কৰাৰ আশংকা থকাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ এই পদক্ষেপ অসংবেদনশীল বিবেচিত হৈছে।

উল্লেখ্য যে, দিল্লীৰ জাহাংগীৰপুৰীৰ হিংসাত জড়িত অভিযোগত এতিয়ালৈকে ২৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ ভিতৰত বংগৰ দুজন যুৱক, মহম্মদ আনছাৰ আৰু শ্বেখ আলমো আছে। স্থানীয় তৃণমূল নেতৃত্বই অভিযোগ কৰিছে যে হলদিয়াৰ বাসিন্দা মহম্মদ আনছাৰক গ্ৰেপ্তাৰ কৰাটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ আছিল।  ইফালে, দিল্লীৰ আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাই কয়, "আমি ছ'চিয়েল মিডিয়াত তীক্ষ্ণ নজৰ ৰাখিছোঁ। ভুৱা বাতৰি আৰু উৰাবাতৰি যাতে কোনো ধৰণে বিয়পি নপৰে তাৰ বাবে বিশেষ মনোযোগ দিয়া হৈছে। ভুৱা বাৰ্তা বিয়পাবলৈ এনে মিছা পোষ্ট কৰা সকলো লোকৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহা হ'ব। আইনী ব্যৱস্থা লোৱা হ'ব। তেনে ক্ষেত্ৰত, জাতি-ধৰ্ম-বৰ্ণৰ কোনো বিচাৰ কৰা নহ'ব। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ