--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমস্যা অনেক, সমাধান মাত্ৰ এক—বুলডজাৰ। উত্তৰ প্ৰদেশত চৰকাৰে বুলডজাৰক এক নিৰ্বাচীন ইছ্যু হিচাপে গ্ৰহণ কৰা তথা নিৰ্বাচনত জয়ী হোৱাৰ পাছতে ইয়াক বিৰোধী দলৰ নেতা তথা বিভিন্ন অপৰাধত অভিযুক্তৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাৰ সময়তে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰা হৈছে দিল্লীতো। দিল্লীৰ জাহাংগীৰপুৰীত সাম্প্ৰদায়িক সংঘৰ্ষই তোলপাৰ লগাই থকাৰ সময়তে এইবাৰ বুলডজাৰ কাণ্ডক লৈ চলিছে তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰশাসনৰ এই কাৰ্যৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

এইবাৰ দিল্লীৰ জাহাংগীৰপুৰীত উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে। অঞ্চলটোত অবৈধ বেদখল উচ্ছেদ কৰিবলৈ দিল্লীৰ জাহাংগীৰপুৰীলৈ ৪০০ বুলডজাৰ আনি অভিযান আৰম্ভ কৰে প্ৰশাসনে। সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত, উত্তেজনা গ্ৰাসত থকা এলেকাটোত পুনৰ বুলডোজাৰ অভিযানে উত্তপ্ত কৰি তুলিছে। কিন্তু এই আকস্মিক অভিযানৰ ওপৰত হস্তক্ষেপ কৰি  উচ্চতম ন্যায়ালয়ে অভিযান ৰখাৰ নিৰ্দেশ দিছে।

উত্তৰ-পশ্চিম জাহাংগীৰপুৰীত অবৈধ ঘৰ ভাঙি পেলোৱা হ'ব বুলি দিল্লী বিজেপিৰ সভাপতি আদেশ গুপ্তাই সতৰ্কবাণী দিছিল। তাৰ পাছতে উত্তৰ দিল্লী পৌৰ নিগমে (এনডিএমচি) নিৰ্মাণ কাৰ্য ধ্বংস কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। অভিযানটো বুধবাৰে পুৱাই আৰম্ভ কৰা হৈছিল। ইফালে, আপ নেতা আমানতুল্লা খানে বিজেপি শাসিত পৌৰ নিগমৰ এই পদক্ষেপক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে, উত্তৰ দিল্লী পৌৰ নিগমৰ মেয়ৰ ৰাজা ইকবাল সিঙে কয়, "সমগ্ৰ দিল্লীত উচ্ছেদ বিৰোধী অভিযান অব্যাহত থাকিব। আগতেও আমি এনে অভিযানৰ বাবে নিৰাপত্তাৰ বাবে অনুৰোধ কৰিছিলো। অৱশ্যে, বিভিন্ন কাৰণত, এই পদক্ষেপ লোৱা হোৱা নাছিল। ''

আজি পুৱাৰ ভাগতে ৰাস্তাত শাৰী পাতি ৰখাই থকা ঠেলাবোৰৰ পৰা বস্তিলৈকে, সকলোবোৰ এটা এটাকৈ ভাঙি পেলোৱা দেখা যায়। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত এই অভিযান বন্ধ কৰে যদিও তাৰ পূ্ৰ্বে এটা মছজিদৰ সমীপতো চলোৱা হয় উচ্ছেদ অভিযান। পৌৰ নিগম কৰ্তৃপক্ষই অভিযোগ কৰিছিল যে এই সকলোবোৰ অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল। ইফালে, উচ্চতম ন্যায়ালয়ে উচ্ছেদ অভিযানক লৈ যাতে কোনো ধৰণৰ বিভ্ৰান্তি নহয় তাৰ বাবে কঠোৰ নিৰ্দেশ দিছে। শীৰ্ষ ন্যায়ালয়ে নিৰ্দেশ দিছিল যে ঘটনাস্থলীত যাতে স্থিতাৱস্থা বজাই ৰখা হয় অৰ্থাত তাত উচ্চেদ যাতে বন্ধ ৰখা হয়। একে সময়তে, আজি ৰাতিপুৱাৰ পৰা জাহাংগীৰপুৰীত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীও মোতায়েন কৰা হৈছে। মন কৰিবলগীয়া যে, সাম্প্ৰদায়িক সংঘাতে উত্তপ্ত কৰি ৰখা অঞ্চলটোত এনে অভিযানে অধিক বিদ্বেষ বিয়পোৱা তথা সংঘাত সৃষ্টি কৰাৰ আশংকা থকাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ এই পদক্ষেপ অসংবেদনশীল বিবেচিত হৈছে।

উল্লেখ্য যে, দিল্লীৰ জাহাংগীৰপুৰীৰ হিংসাত জড়িত অভিযোগত এতিয়ালৈকে ২৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ ভিতৰত বংগৰ দুজন যুৱক, মহম্মদ আনছাৰ আৰু শ্বেখ আলমো আছে। স্থানীয় তৃণমূল নেতৃত্বই অভিযোগ কৰিছে যে হলদিয়াৰ বাসিন্দা মহম্মদ আনছাৰক গ্ৰেপ্তাৰ কৰাটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ আছিল।  ইফালে, দিল্লীৰ আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাই কয়, "আমি ছ'চিয়েল মিডিয়াত তীক্ষ্ণ নজৰ ৰাখিছোঁ। ভুৱা বাতৰি আৰু উৰাবাতৰি যাতে কোনো ধৰণে বিয়পি নপৰে তাৰ বাবে বিশেষ মনোযোগ দিয়া হৈছে। ভুৱা বাৰ্তা বিয়পাবলৈ এনে মিছা পোষ্ট কৰা সকলো লোকৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহা হ'ব। আইনী ব্যৱস্থা লোৱা হ'ব। তেনে ক্ষেত্ৰত, জাতি-ধৰ্ম-বৰ্ণৰ কোনো বিচাৰ কৰা নহ'ব। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা