--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধই বৰ্তমান চৰম পৰ্যায় পাইছে৷ সমান্তৰালভাৱে তৃতীয় বিশ্বৰ যুদ্ধৰো সম্ভাৱনা কঢ়িয়াই আনিছে৷ 

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শনিবাৰে ইউক্ৰেইনৰ বিৰুদ্ধে হোৱা  যুদ্ধ  পৰিচালনাৰ ভাৰ স্থল বাহিনীৰ পৰিৱৰ্তে বায়ু সেনাৰ মুৰব্বী ছেৰ্গেই সুৰোভিকিনক হস্তান্তৰ কৰে। তেতিয়াৰ পৰা, ইউক্ৰেইনৰ ওপৰত  ৰাছিয়াৰ বায়ু সেনাৰ আক্ৰমণ বৃদ্ধি পাইছে।

মিছাইলৰ উপৰিও, ইৰাণত নিৰ্মিত ড্ৰোনৰ দ্বাৰা  ইউক্ৰেইনৰ বিভিন্ন চহৰত বিমান আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীয়ে  সোমবাৰে এই অভিযোগ উত্থাপন কৰে । ৰাছিয়াৰ মস্কো আৰু  ইৰাণৰ সৈতে দীৰ্ঘদিন ধৰি সামৰিক সহযোগিতা আছে। অৱশ্যে,ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিজনৰ অভিযোগ অনুসৰি প্ৰথমবাৰৰ বাবেহে ৰাছিয়াই মুকলিকৈ ইৰাণৰ সহযোগত আন দেশক আক্ৰমণ কৰিছে৷ 

সোমবাৰে ইউক্ৰেইনৰ ঘন বসতিপূৰ্ণ অঞ্চলসমূহত অতি কমেও ৭৫ টা বিমান আক্ৰমণ কৰা হৈছিল৷  যাৰ ভিতৰত আছে ৰাজধানী কিয়েভ, ঔদ্যোগিক চহৰ লেভিভ আৰু পাৰমাণৱিক শক্তি প্ৰকল্প জাপোৰিজিয়াৰ ওচৰৰ উপনগৰসমূহ। জেলেনস্কী চৰকাৰে অভিযোগ কৰিছে যে ইয়াৰ ফলত বহু নাগৰিকৰ প্ৰাণ হানি হোৱাৰ লগতে বৃহৎ পৰিমাণৰ আন্তঃগাঁথনি ধ্বংস হৈছে। জেলেনস্কীয়ে কৈছিল যে ৰাছিয়াৰ এই নিৰ্মম আক্ৰমণৰ উদ্দেশ্য আছিল ইউক্ৰেইনক নিঃচিহ্ন কৰি পেলোৱা। উল্লেখযোগ্য যে, যোৱা সপ্তাহত ৰাছিয়াৰ বায়ু সেনাই ইউক্ৰেইন বিৰুদ্ধে  ৰাছিয়াৰ  আটাইতকৈ উন্নত চুখোই-৩৫ এছ যুঁজাৰু জেট ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমানে নিৰ্ভুল লক্ষ্য আক্ৰমণ কৰাৰ লগতে শত্ৰুৰ ৰাডাৰ নিৰীক্ষণৰ পৰা যথেষ্ট পৰিমাণে আক্ৰমণ  চলিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক