--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধই বৰ্তমান চৰম পৰ্যায় পাইছে৷ সমান্তৰালভাৱে তৃতীয় বিশ্বৰ যুদ্ধৰো সম্ভাৱনা কঢ়িয়াই আনিছে৷ 

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শনিবাৰে ইউক্ৰেইনৰ বিৰুদ্ধে হোৱা  যুদ্ধ  পৰিচালনাৰ ভাৰ স্থল বাহিনীৰ পৰিৱৰ্তে বায়ু সেনাৰ মুৰব্বী ছেৰ্গেই সুৰোভিকিনক হস্তান্তৰ কৰে। তেতিয়াৰ পৰা, ইউক্ৰেইনৰ ওপৰত  ৰাছিয়াৰ বায়ু সেনাৰ আক্ৰমণ বৃদ্ধি পাইছে।

মিছাইলৰ উপৰিও, ইৰাণত নিৰ্মিত ড্ৰোনৰ দ্বাৰা  ইউক্ৰেইনৰ বিভিন্ন চহৰত বিমান আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীয়ে  সোমবাৰে এই অভিযোগ উত্থাপন কৰে । ৰাছিয়াৰ মস্কো আৰু  ইৰাণৰ সৈতে দীৰ্ঘদিন ধৰি সামৰিক সহযোগিতা আছে। অৱশ্যে,ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিজনৰ অভিযোগ অনুসৰি প্ৰথমবাৰৰ বাবেহে ৰাছিয়াই মুকলিকৈ ইৰাণৰ সহযোগত আন দেশক আক্ৰমণ কৰিছে৷ 

সোমবাৰে ইউক্ৰেইনৰ ঘন বসতিপূৰ্ণ অঞ্চলসমূহত অতি কমেও ৭৫ টা বিমান আক্ৰমণ কৰা হৈছিল৷  যাৰ ভিতৰত আছে ৰাজধানী কিয়েভ, ঔদ্যোগিক চহৰ লেভিভ আৰু পাৰমাণৱিক শক্তি প্ৰকল্প জাপোৰিজিয়াৰ ওচৰৰ উপনগৰসমূহ। জেলেনস্কী চৰকাৰে অভিযোগ কৰিছে যে ইয়াৰ ফলত বহু নাগৰিকৰ প্ৰাণ হানি হোৱাৰ লগতে বৃহৎ পৰিমাণৰ আন্তঃগাঁথনি ধ্বংস হৈছে। জেলেনস্কীয়ে কৈছিল যে ৰাছিয়াৰ এই নিৰ্মম আক্ৰমণৰ উদ্দেশ্য আছিল ইউক্ৰেইনক নিঃচিহ্ন কৰি পেলোৱা। উল্লেখযোগ্য যে, যোৱা সপ্তাহত ৰাছিয়াৰ বায়ু সেনাই ইউক্ৰেইন বিৰুদ্ধে  ৰাছিয়াৰ  আটাইতকৈ উন্নত চুখোই-৩৫ এছ যুঁজাৰু জেট ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমানে নিৰ্ভুল লক্ষ্য আক্ৰমণ কৰাৰ লগতে শত্ৰুৰ ৰাডাৰ নিৰীক্ষণৰ পৰা যথেষ্ট পৰিমাণে আক্ৰমণ  চলিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ