--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটাৰ পৃথ্বী শ্ব'ৰ বিৰুদ্ধে মহিলা ইউটিউবাৰে কৰা যৌন নিৰ্যাতনৰ দাবী ভুৱা আছিল। কেইমাহমান পূৰ্বে মহিলা ইটিউবাৰ এগৰাকীয়ে খেলুৱৈগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু সম্পূৰ্ণ তদন্তৰ অন্তত মুম্বাই আৰক্ষীয়ে মহিলা ইউটিউবাৰগৰাকীৰ দাবী ভুৱা আছিল বুলি আদালতত প্ৰকাশ কৰিছে।

 এজন আৰক্ষী বিষয়াই মুম্বাইৰ আন্ধেৰী দণ্ডাধীশ আদালতত কৈছে  যে ভাৰতীয় ক্ৰিকেটাৰ পৃথ্বী শ্ব'ৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ স্বপ্না গিলে কৰা  অভিযোগ মিছা আৰু ভিত্তিহীন আছিল। গিলে অভিযোগ কৰিছিল যে শ্ব'য়ে চলিত বৰ্ষৰ  বছৰৰ ১৫ ফেব্ৰুৱাৰীত এখন পাবত তেওঁক যৌন  উৎপীড়ন কৰিছিল। শ্ব'ৰ বিৰুদ্ধে কৰা অভিযোগৰ ভিত্তিত  কোনো এজাহাৰ পঞ্জীয়ন নোহোৱাৰ পিছত স্বপ্না গিলে মুম্বাই  আৰক্ষীৰ বিৰুদ্ধে আন্ধেৰী দণ্ডাধীশ আদালতৰ কাষ চাপিছিল। গিলে তেওঁৰ অধিবক্তা  আলী কাশিফ খানৰ জৰিয়তে আন্ধেৰী আদালতত এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ বিচাৰিছিল। 

দণ্ডাধীশে তেওঁৰ  অভিযোগ লাভ কৰাৰ পিছত আৰক্ষীক বিষয়টো সন্দৰ্ভত  প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। পুলিচে তদন্ত কৰি দাখিল কৰা  প্ৰতিবেদনখনত আদালতক অনুৰোধ কৰিছিল যে গিলৰ বন্ধুৱে তেওঁৰ ফোনত ৰেকৰ্ড কৰা ঘটনাৰ  ভিডিঅ' ফুটেজ উপস্থাপন কৰিবলৈ অনুমতি দিব লাগে। ভিডিঅ'টো সংবাদ মাধ্যমত ভাইৰেল হৈ পৰিছিল। আৰক্ষীয়ে  পাবৰ বাহিৰত সংঘটিত ঘটনাটোৰ চিচিটিভি ফুটেজো  বিচাৰিছিল। আদালতে আৰক্ষীক সমগ্ৰ ঘটনাটোৰ ফুটেজ সংগ্ৰহ কৰি দাখিল কৰিবলৈ কৈছিল আৰু বিষয়টোৰ শুনানি  ২৮ জুনলৈ স্থগিত ৰাখিছিল। গিলৰ অভিযোগৰ ভিত্তিত  আইপিচি ধাৰা ৩৫৪ (মহিলাৰ  শালীনতা হানি  কৰাৰ উদ্দেশ্যৰে আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ), ৫০৯ (এগৰাকী মহিলাৰ শালীনতাক অপমান কৰাৰ উদ্দেশ্যে কৰা আক্ৰমণ বা অপৰাধমূলক বলপ্ৰয়োগ) আৰু ৩২৪ (স্বেচ্ছাই অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা আঘাত  কৰা)ৰ অধীনত গোচৰ ৰুজু কৰিছিল।


শ্ব' আৰু তেওঁৰ বন্ধু আশীষ যাদৱৰ বিৰুদ্ধে গিলক  বেটেৰে আক্ৰমণ কৰাৰ অভিযোগ কৰা হৈছিল। আৰক্ষীয়ে আদালতক কৈছে যে পাবৰ চিচিটিভি ফুটেজে  দেখুৱায় যে গিল আৰু তেওঁৰ বন্ধু শোবিত ঠাকুৰে সুৰাপান কৰি নাচি আছিল। ঠাকুৰে শ্ব'ক তেওঁৰ ম'বাইল ফোনেৰে ভিডিঅ’  কৰিব বিচাৰিছিল, কিন্তু ক্ৰিকেটাৰজনে তেওঁক ভিডিঅ' লোৱাত  বাধা দিছিল। ফুটেজটোত  শ্ব' আৰু আনসকলে গিলক কোনো ধৰণে উৎপীড়ন কৰাৰ কোনো দৃশ্য নাই। আৰক্ষীয়ে লগতে কয় যে তেওঁলোকে পাবত উপস্থিত সাক্ষীসকলৰ জবানবন্দী লিপিবদ্ধ কৰিছে।  সাক্ষীসকলে কৈছিল যে কোনেও গিলক নিৰ্যাতন চলোৱা দেখা  নাছিল। আৰক্ষীয়ে জনোৱা অনুসৰি  তেওঁলোকে পাবৰ ওচৰে পাজৰে থকা এয়াৰ ট্ৰেফিক কণ্ট্ৰোল (এটিচি) টাৱাৰৰ চিচিটিভি ফুটেজো পৰীক্ষা কৰিছে  আৰু তাত  দেখা গৈছে যে গিলে  হাতত বেছবলৰ বেট লৈ শ্ব'ৰ গাড়ীখন অনুসৰণ কৰি আছিল। 

ফুটেজটোত দেখা গৈছে  যে গিলে  ক্ৰিকেটাৰজনৰ গাড়ীৰ  উইণ্ডশ্বিল্ড ভাঙি পেলাইছিল । প্ৰতিবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে আৰক্ষীয়ে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) বিষয়াসকলৰ বিবৃতি লিপিবদ্ধ কৰিছে আৰু তেওঁলোকেও কৈছিল যে গিলৰ দাবী অনুসৰি এনে কোনো ঘটনা সংঘটিত হোৱা নাছিল। চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে দিয়া প্ৰতিবেদনত এতিয়া মুখ বন্ধ হৈ পৰিছে মহিলা ইউটিউবাৰগৰাকীৰ। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস