--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰী থালিৰ লোভত পৰি এগৰাকী মহিলাই হেৰুওৱাইছে ৯০ হাজাৰকৈ টকা। ঘটনাটো সংঘটিত হৈছে ৰাজধানী দিল্লীত। প্ৰকাশিত বাতৰি মতে দক্ষিণ-পশ্চিম দিল্লীৰ সবিতা শৰ্মা নামৰ মহিলাগৰাকীৰ লগত ঘটিছে এই ঘটনা।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ৪০ বছৰীয়া মহিলাগৰাকীয়ে চাইবাৰ প্ৰৱঞ্চকৰ ফান্দত ভৰি দি এই বিশাল পৰিমাণৰ ধন হেৰুওৱায়। মহিলাগৰাকীয়ে মোবাইলত এটা এপ ডাউলোড কৰি বিনামূলীয়া ভাতৰ থালি বিচাৰি চাইবাৰ প্ৰৱঞ্চকৰ ফান্দ ভৰি দিয়ে। ইতিমধ্যে মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

বেংকৰ জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কৰ্মৰত ভুক্তভোগী সবিতা শৰ্মাই আৰক্ষীক জনোৱা মতে, তেওঁৰ এজন আত্মীয়ই ফেচবুকত এই বিষয়ে অৱগত কৰিছিল।

২০২২ চনৰ ২৭ নৱেম্বৰত ছাইটটোলৈ গৈছিল আৰু দিয়া নম্বৰটোত ফোন কৰি চুক্তিখনৰ বিষয়ে সোধা-পোছা কৰিছিল। কোনো সঁহাৰি নাপালেও পাছত এটা ফোন কল আহিল আৰু “কলাৰে তেওঁক সাগৰ ৰত্ন (এটা জনপ্ৰিয় ৰেষ্টুৰেণ্ট চেইন)ৰ অফাৰ ল’বলৈ কয়।”- যোৱা ২ মে’ত দাখিল কৰা এফআইআৰত সবিতা শৰ্মাই কয়।

“ফোন কৰাজনে এটা লিংক শ্বেয়াৰ কৰি মোক অফাৰটোৰ সুবিধা ল’বলৈ এপ্লিকেচন এটা ডাউনলোড কৰিবলৈ ক’লে। লগতে তেওঁ এপটোত প্ৰৱেশ কৰিবলৈ ইউজাৰ আইডি আৰু পাছৱৰ্ডও প্ৰেৰণ কৰে। তেওঁ মোক কৈছিল যে যদি মই অফাৰটো পাব বিচাৰো তেন্তে মই প্ৰথমে এই এপত ৰেজিষ্টাৰ কৰিব লাগিব।”- পিটিআইক এইদৰে কয় সবিতা শৰ্মাই।

লগতে কয়, “মই লিংকটোত ক্লিক কৰিলোঁ আৰু এপটো ডাউনলোড হ’ল। তাৰ পিছত ইউজাৰ আইডি আৰু পাছৱৰ্ড দিলোঁ। যি মুহূৰ্তত মই কৰিলোঁ, মোৰ ফোনটোৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলালোঁ। ইয়াক হেক কৰা হৈছিল আৰু তাৰ পিছত মোৰ একাউণ্টৰ পৰা ৪০,০০০ টকা ডেবিট হোৱা বুলি মেছেজ আহিছিল।”

শ্ৰীমতী শৰ্মাই কয় যে কেইছেকেণ্ডমানৰ পিছত তেওঁৰ আন এটা মেছেজ আহিল যে তেওঁৰ একাউণ্টৰ পৰা  ৫০,০০০ টকা উলিয়াই নিয়া হৈছে।

ভুক্তভোগী শৰ্মাই পিটিআইক জনোৱা মতে, এতিয়াও হোৱাটছএপৰ জৰিয়তে মানুহৰ মাজত এনেধৰণৰ জালিয়াতিৰ অফাৰৰ ৱেব লিংক প্ৰচলিত হৈ আছে আৰু সময়মতে ব্যৱস্থা গ্ৰহণ নকৰিলে আন বহু লোক ইয়াৰ চিকাৰ হ’ব পাৰে।

আৰক্ষীয়ে এজাহাৰ ভিত্তিত সমগ্ৰ ঘটনাটো তদন্ত কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা