--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰী থালিৰ লোভত পৰি এগৰাকী মহিলাই হেৰুওৱাইছে ৯০ হাজাৰকৈ টকা। ঘটনাটো সংঘটিত হৈছে ৰাজধানী দিল্লীত। প্ৰকাশিত বাতৰি মতে দক্ষিণ-পশ্চিম দিল্লীৰ সবিতা শৰ্মা নামৰ মহিলাগৰাকীৰ লগত ঘটিছে এই ঘটনা।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ৪০ বছৰীয়া মহিলাগৰাকীয়ে চাইবাৰ প্ৰৱঞ্চকৰ ফান্দত ভৰি দি এই বিশাল পৰিমাণৰ ধন হেৰুওৱায়। মহিলাগৰাকীয়ে মোবাইলত এটা এপ ডাউলোড কৰি বিনামূলীয়া ভাতৰ থালি বিচাৰি চাইবাৰ প্ৰৱঞ্চকৰ ফান্দ ভৰি দিয়ে। ইতিমধ্যে মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

বেংকৰ জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কৰ্মৰত ভুক্তভোগী সবিতা শৰ্মাই আৰক্ষীক জনোৱা মতে, তেওঁৰ এজন আত্মীয়ই ফেচবুকত এই বিষয়ে অৱগত কৰিছিল।

২০২২ চনৰ ২৭ নৱেম্বৰত ছাইটটোলৈ গৈছিল আৰু দিয়া নম্বৰটোত ফোন কৰি চুক্তিখনৰ বিষয়ে সোধা-পোছা কৰিছিল। কোনো সঁহাৰি নাপালেও পাছত এটা ফোন কল আহিল আৰু “কলাৰে তেওঁক সাগৰ ৰত্ন (এটা জনপ্ৰিয় ৰেষ্টুৰেণ্ট চেইন)ৰ অফাৰ ল’বলৈ কয়।”- যোৱা ২ মে’ত দাখিল কৰা এফআইআৰত সবিতা শৰ্মাই কয়।

“ফোন কৰাজনে এটা লিংক শ্বেয়াৰ কৰি মোক অফাৰটোৰ সুবিধা ল’বলৈ এপ্লিকেচন এটা ডাউনলোড কৰিবলৈ ক’লে। লগতে তেওঁ এপটোত প্ৰৱেশ কৰিবলৈ ইউজাৰ আইডি আৰু পাছৱৰ্ডও প্ৰেৰণ কৰে। তেওঁ মোক কৈছিল যে যদি মই অফাৰটো পাব বিচাৰো তেন্তে মই প্ৰথমে এই এপত ৰেজিষ্টাৰ কৰিব লাগিব।”- পিটিআইক এইদৰে কয় সবিতা শৰ্মাই।

লগতে কয়, “মই লিংকটোত ক্লিক কৰিলোঁ আৰু এপটো ডাউনলোড হ’ল। তাৰ পিছত ইউজাৰ আইডি আৰু পাছৱৰ্ড দিলোঁ। যি মুহূৰ্তত মই কৰিলোঁ, মোৰ ফোনটোৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলালোঁ। ইয়াক হেক কৰা হৈছিল আৰু তাৰ পিছত মোৰ একাউণ্টৰ পৰা ৪০,০০০ টকা ডেবিট হোৱা বুলি মেছেজ আহিছিল।”

শ্ৰীমতী শৰ্মাই কয় যে কেইছেকেণ্ডমানৰ পিছত তেওঁৰ আন এটা মেছেজ আহিল যে তেওঁৰ একাউণ্টৰ পৰা  ৫০,০০০ টকা উলিয়াই নিয়া হৈছে।

ভুক্তভোগী শৰ্মাই পিটিআইক জনোৱা মতে, এতিয়াও হোৱাটছএপৰ জৰিয়তে মানুহৰ মাজত এনেধৰণৰ জালিয়াতিৰ অফাৰৰ ৱেব লিংক প্ৰচলিত হৈ আছে আৰু সময়মতে ব্যৱস্থা গ্ৰহণ নকৰিলে আন বহু লোক ইয়াৰ চিকাৰ হ’ব পাৰে।

আৰক্ষীয়ে এজাহাৰ ভিত্তিত সমগ্ৰ ঘটনাটো তদন্ত কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ