--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰ্থ ইষ্ট লাইভকে ধৰি কেইবাটাও সংবাদ মাধ্যমৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে মণিপুৰৰ কেইবাটাও ছাত্ৰ সংগঠন। অভিযোগ কৰিছে যে সংবাদ মাধ্যমটোৱে মণিপুৰৰ সংঘাতক লৈ পক্ষপাতিত্বমূলক বাতৰি প্ৰকাশ আৰু জনজাতীয় কণ্ঠক উপেক্ষা কৰিছে। 

ছাত্ৰ নেতাসকলে এন ই-লাইভক সাংবাদিকতাৰ নীতিসমূহ ৰক্ষা কৰিবলৈ আৰু সকলো দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰাৰ আহ্বান জনাইছে।

ছাত্ৰ নেতাসকলৰ মতে, এন ই-লাইভে ইয়াৰ সংবাদ প্ৰতিবেদন আৰু সম্প্ৰচাৰত মণিপুৰৰ জনজাতিসকলৰ কণ্ঠ আৰু উদ্বেগ বাচি বাচি বাদ দি আহিছে। তেওঁলোকে লগতে অভিযোগ কৰে যে ৰাজ্য চৰকাৰৰ সমালোচনামূলক বিষয়বস্তুক ইচ্ছাকৃতভাৱে বাদ দিয়া হৈছে।

ছাত্ৰ নেতাসকলে এন ই-লাইভক অঞ্চলটোৰ বৈচিত্ৰময় কণ্ঠ আৰু উদ্বেগক আন্তৰিকতাৰে প্ৰতিনিধিত্ব কৰি সাংবাদিকতাৰ প্ৰকৃত মনোভাৱ মানি চলিবলৈ আহ্বান জনাইছে।

তদুপৰি, ছাত্ৰ নেতাসকলে দ্য চাংগাই এক্সপ্ৰেছ আৰু আই এছ টি ভিক তীব্ৰ নিন্দা কৰি সংবাদ মাধ্যমৰ নৈতিকতা উলংঘা কৰা, “ভুৱা বাতৰি” বিয়পোৱা, আৰু জনজাতীয়সকলৰ কণ্ঠ দমন কৰা আদি অভিযোগ উত্থাপন কৰিছে।

এই সংবাদ মাধ্যমসমূহে ৰাজ্য চৰকাৰৰ বাবে অপপ্ৰচাৰৰ যন্ত্ৰ হিচাপে কাম কৰা বুলি অভিযোগ উত্থাপন কৰে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ছাত্ৰ নেতাসকলে উপত্যকা ভিত্তিক সকলো সংবাদ মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি অঞ্চলটোত তেওঁলোকৰ উপস্থিতিৰ যিকোনো প্ৰমান প্ৰকাশ কৰি সহযোগিতা আগবঢ়াবলৈ সাধাৰণ জনতাক আহ্বান জনাইছে।

এই ছাত্ৰ সংগঠনসমূহৰ ভিতৰত আছে কুকি ছাত্ৰ সংগঠন, হামাৰ ছাত্ৰ সন্থা, মিজো জিৰলাই পাউল আৰু জোমি ছাত্ৰ ফেডাৰেচন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস