--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰ্থ ইষ্ট লাইভকে ধৰি কেইবাটাও সংবাদ মাধ্যমৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে মণিপুৰৰ কেইবাটাও ছাত্ৰ সংগঠন। অভিযোগ কৰিছে যে সংবাদ মাধ্যমটোৱে মণিপুৰৰ সংঘাতক লৈ পক্ষপাতিত্বমূলক বাতৰি প্ৰকাশ আৰু জনজাতীয় কণ্ঠক উপেক্ষা কৰিছে। 

ছাত্ৰ নেতাসকলে এন ই-লাইভক সাংবাদিকতাৰ নীতিসমূহ ৰক্ষা কৰিবলৈ আৰু সকলো দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰাৰ আহ্বান জনাইছে।

ছাত্ৰ নেতাসকলৰ মতে, এন ই-লাইভে ইয়াৰ সংবাদ প্ৰতিবেদন আৰু সম্প্ৰচাৰত মণিপুৰৰ জনজাতিসকলৰ কণ্ঠ আৰু উদ্বেগ বাচি বাচি বাদ দি আহিছে। তেওঁলোকে লগতে অভিযোগ কৰে যে ৰাজ্য চৰকাৰৰ সমালোচনামূলক বিষয়বস্তুক ইচ্ছাকৃতভাৱে বাদ দিয়া হৈছে।

ছাত্ৰ নেতাসকলে এন ই-লাইভক অঞ্চলটোৰ বৈচিত্ৰময় কণ্ঠ আৰু উদ্বেগক আন্তৰিকতাৰে প্ৰতিনিধিত্ব কৰি সাংবাদিকতাৰ প্ৰকৃত মনোভাৱ মানি চলিবলৈ আহ্বান জনাইছে।

তদুপৰি, ছাত্ৰ নেতাসকলে দ্য চাংগাই এক্সপ্ৰেছ আৰু আই এছ টি ভিক তীব্ৰ নিন্দা কৰি সংবাদ মাধ্যমৰ নৈতিকতা উলংঘা কৰা, “ভুৱা বাতৰি” বিয়পোৱা, আৰু জনজাতীয়সকলৰ কণ্ঠ দমন কৰা আদি অভিযোগ উত্থাপন কৰিছে।

এই সংবাদ মাধ্যমসমূহে ৰাজ্য চৰকাৰৰ বাবে অপপ্ৰচাৰৰ যন্ত্ৰ হিচাপে কাম কৰা বুলি অভিযোগ উত্থাপন কৰে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ছাত্ৰ নেতাসকলে উপত্যকা ভিত্তিক সকলো সংবাদ মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি অঞ্চলটোত তেওঁলোকৰ উপস্থিতিৰ যিকোনো প্ৰমান প্ৰকাশ কৰি সহযোগিতা আগবঢ়াবলৈ সাধাৰণ জনতাক আহ্বান জনাইছে।

এই ছাত্ৰ সংগঠনসমূহৰ ভিতৰত আছে কুকি ছাত্ৰ সংগঠন, হামাৰ ছাত্ৰ সন্থা, মিজো জিৰলাই পাউল আৰু জোমি ছাত্ৰ ফেডাৰেচন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা