--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লেগাৰ বিয়েৰ নিৰ্মাতা বাডৱেইজাৰে ফিফা বিশ্বকাপত বিক্ৰী কৰিব নোৱাৰা বিয়েৰ বিজয়ী দেশত  বিনামূলীয়াকৈ বিতৰণ কৰিব বুলি ঘোষণা কৰিছে। প্ৰথমাৱস্থাত সেই  বিয়েৰ বিজয়ী দেশত বিক্ৰী কৰাৰ কথা আছিল যদিও শেষ মুহূৰ্তত সেই বিয়েৰ বিনামূলীয়াকৈ বিতৰণৰ সিদ্ধান্ত লৈছে। বাডৱেইজাৰে এটা টুইটত এই বুলি কৈছে , "নতুন দিন, নতুন টুইট। বিজয়ী দেশখনে সেইবোৰ বিনামূলীয়াকৈ পাব।"

ফিফাৰ সভাপতি গিয়ান্নি ইনফান্তিনোই প্ৰকাশ কৰা মতে কাটাৰে বিশ্বকাপ ষ্টেডিয়ামত বিয়েৰ বিক্ৰীৰ ওপৰত শেষ মুহূৰ্তত নিষেধাজ্ঞা আৰোপ কৰিছিল। এখন সংবাদমেলত ফিফাৰ সভাপতিগৰাকীয়ে কৈছিল  যে অনুৰাগীসকলে তিনি ঘণ্টা সুৰা অবিহনে জীয়াই থাকিব পাৰিব। 
তেওঁ মন্তব্য কৰিছিল, "যদি দিনত তিনি ঘণ্টাৰ বাবে আপুনি বিয়েৰ পান নকৰে , তথাপি আপুনি জীয়াই থাকিব। "
ইপিনে ফিফা বিশ্বকাপত বিয়েৰ নিষিদ্ধ কৰাৰ বাবে অসন্তুষ্ট হৈ পৰা বহু অনুৰাগীয়ে কৈছে, "এয়া যথেষ্ট দুখজনক কথা , তেওঁলোকে হয়তো নাজানে , এই বতৰ আৰু খেলৰ উত্তেজনাৰ সময়ত আমি কমেও এবাৰ বিয়েৰ পান কৰিব বিচাৰো।" 

উল্লেখ্য কাটাৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে ফুটবল বিশ্বকাপ। আগতে খেলৰ সময়তে ষ্টেডিয়ামত বহি দৰ্শকে হেঁপাহ পলুৱাই বিয়েৰ পান কৰিব পাৰিছিল যদিও এইবাৰ তেনে কৰিব পৰা নাই। কাটাৰৰ বিশ্বকাপত নিষিদ্ধ কৰা হৈছে বিয়েৰ।ফলত ফিফা লোকচান হৈছে ৩৮৮ কোটি টকা। বিয়েৰ কেম্পানী এইবাৰৰ ফুটবল বিশ্বকাপৰ আটাইতকৈ বৃহৎ  পৃষ্ঠপোষক আছিল। কোম্পানীটোৱে এতিয়া  কাটাৰলৈ অনা লাখ লাখ কেন বিয়েৰ  আঁতৰাই নিবলৈ  সিদ্ধান্ত লৈছে। 

কোম্পানীটোৱে লগতে এটা কথাও স্পষ্ট কৰি দিছে যে এই বিয়েৰসমূহ অথলে যাবলৈ দিয়া নহ’ব। কোম্পানীটোৱে  কাটাৰলৈ বিয়েৰৰ কেনসমূহ  বেলেগ ধৰণে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে।কাটাৰৰ ৰাজপৰিয়ালৰ নিৰ্দেশত  বিশ্বকাপ ষ্টেডিয়ামত বিয়েৰ বিক্ৰী কৰাৰ কোনো সুযোগ নাই।  ইয়াৰ পিছতে কোম্পানীৰ বিষয়াসকলে প্ৰকাশ কৰা মতে  বিশ্বকাপৰ বাবে অনা বৃহৎ মাত্ৰাৰ  বিয়েৰ সেই খন দেশলৈ  প্ৰেৰণ কৰিব  যিখন দেশ বিশ্বকাপত চেম্পিয়ন হ'ব। কোম্পানীটোৱে বিশ্ব বিজয়ী দেশখনৰ ফুটবল অনুৰাগীসকলক  উৎসৱৰ উদযাপনৰ বাবে  সকলো বিয়েৰ সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে। 

তেওঁলোকে বিশ্ব বিজয়ী দেশ খনৰ অনুৰাগীক সেই বিয়েৰেৰে আপ্যায়ন কৰিব।সেই বিয়েৰ বিশ্বৰ আন কোনো দেশতে বিক্ৰী কৰা নহ’ব।বিয়েৰ কোম্পানীয়ে লোকচানৰ বাবেই ফিফাক  ২০২৬ চনৰ বিশ্বকাপৰ চুক্তিতকৈ ৪০ নিযুত পাউণ্ড কম দিয়াৰ সিদ্ধান্ত লৈছে। যি ভাৰতীয় মুদ্ৰাৰ হিচাবত  ৩৮৭ কোটি ৫০ লাখ টকাতকৈও অধিক। ২০২৬ চনৰ ফিফা বিশ্বকাপ আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো আৰু কানাডাই সন্মিলিতভাবে আয়োজন কৰিব। 

ইপিনে কাটাৰৰ কৰ্তৃপক্ষই ডোহাৰ কেইটামান কেন্দ্ৰত ফুটবল অনুৰাগীসকলৰ বাবে  বিয়েৰৰ বিক্ৰীক ৰেহাই দিছে। অৱশ্যে, আগ্ৰহী লোকসকলে অতি উচ্চ মূল্যত বিয়েৰ কিনিব লাগিব। ৫০০ মিলিলিটাৰ বিয়েৰৰ মূল্য  ভাৰতীয় মুদ্ৰাত প্ৰায় ১১৬৩ টকা হ’ব। উল্লেখ্য ব্ৰিটেইনৰ তিনিটা কাৰখানাৰ পৰা লাখ লাখ  বিয়েৰৰ কেন কাটাৰলৈ অনা হৈছিল। 

সাগৰীয় পথেৰে প্ৰায় ৮,০০০ মাইল অতিক্ৰম কৰি সেই বিয়েৰ কাটাৰ আহি পাইছিল। কোম্পানী কেইটাই  প্ৰায় সকলো বোৰ বিয়েৰ ঘূৰাই নিয়াৰ সিদ্ধান্ত লৈছে।প্ৰতিযোগিতা আৰম্ভ হোৱাৰ মাত্ৰ দুদিন আগতে ৰজাৰ ভাতৃ শ্বেখ জছিম বিন হামাদ বিন খলিফা আল-থানিয়ে বিশ্বকাপৰ ষ্টেডিয়ামত বিয়েৰ বিক্ৰীত আপত্তি জনাইছিল। তেওঁ কাটাৰ ফুটবল এছ'চিয়েশ্যনৰ সভাপতিও। 

ৰাজপৰিয়ালক সৈমান কৰাটো সম্ভৱ নহয় বুলি অনুভৱ কৰি ফিফাৰ বিষয়াসকলে সংশ্লিষ্ট বিয়েৰ নিৰ্মাণকাৰী কোম্পানীবোৰৰ বিষয়াসকলৰ সৈতে আলোচনাত  বহিছিল। অৱশ্যে আলোচনাত কোনো সমাধান  সূত্ৰ নোলাল।অৱশেষত সেই বিয়েৰ বিজয়ী দেশত বিনামূলীয়াকৈ বিতৰণৰ সিদ্ধান্ত লয় কোম্পানীটোৱে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু