--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানচেষ্টাৰ ইউনাইটেডত আৰু দেখা নাযাব ক্ৰিষ্টিয়ানো ৰোণাল্ডোক। ইয়াৰ পাছত ক’ত যাব পৰ্টুগীজ তাৰাগৰাকী? কেইবাটাও ক্লাবৰ নাম বাতৰিৰ শিৰোনামালৈ আহিছে। শেহতীয়াকৈ ইয়াৰ স’তে যোগ হৈছে ইটালীয়ান লীগৰ অতি পুৰণি ক্লাব নাপলি।

স্পেইনৰ সংবাদ পত্ৰ 'মাৰ্কা’ত এই খবৰ দিয়া হৈছে। খবৰ অনুসৰি, নাপোলিত যোগ দিব পাৰে ৰোণাল্ডোৱে। অৰ্থাৎ জুভেণ্টাছৰ পাছত পুনৰ ইটালীয়ান লীগত খেলাৰ মন কৰিছে তাৰকাগৰাকীয়ে।

উল্লেখ্য যে নাপোলিত ডিয়োগো মাৰাডোনাইও খেলিছিল। জীৱনৰ এছোৱা সোণালী সময় মাৰাডোনাই নাপোলিতে কটাইছিল। বৰ্তমানেও আৰ্জেণ্টিনাৰ তাৰকাগৰাকীক ক্লাবটোত ঈশ্বৰৰ দৰে পূজা কৰা হয়।

ৰোণাল্ডোৰ পুৰণি ক্লাব জুভেণ্টাছৰ স’তে তীব্ৰ প্ৰতিদ্বন্দীতা আছে ক্লাবটোৰ। চলিত চিজনত নাপোলি ইটালীয়ান লীগৰ শীৰ্ষস্থানত আছে।

আনহাতে, মানচেষ্টাৰ ইউনাইটেডৰ স’তে বিচ্ছেদ হোৱাৰ পাছতে ৰোণাল্ডোৰ পৰৱৰ্তী ক্লাব হিচাপে চেলছি, ৰিয়েল মাদ্ৰিদৰ নাম চৰ্চালৈ আহিছিল। আনকি তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিৰ পৰ্টুগীজ ক্লাব স্পৰ্টিং ক্লাব ডি লিছবনতো ৰোণাল্ডোৱে যোগ দিব পাৰে বুলি চৰ্চা চলিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক