ডিজিটেল ডেস্কঃ মানচেষ্টাৰ ইউনাইটেডত আৰু দেখা নাযাব ক্ৰিষ্টিয়ানো ৰোণাল্ডোক। ইয়াৰ পাছত ক’ত যাব পৰ্টুগীজ তাৰাগৰাকী? কেইবাটাও ক্লাবৰ নাম বাতৰিৰ শিৰোনামালৈ আহিছে। শেহতীয়াকৈ ইয়াৰ স’তে যোগ হৈছে ইটালীয়ান লীগৰ অতি পুৰণি ক্লাব নাপলি।
স্পেইনৰ সংবাদ পত্ৰ 'মাৰ্কা’ত এই খবৰ দিয়া হৈছে। খবৰ অনুসৰি, নাপোলিত যোগ দিব পাৰে ৰোণাল্ডোৱে। অৰ্থাৎ জুভেণ্টাছৰ পাছত পুনৰ ইটালীয়ান লীগত খেলাৰ মন কৰিছে তাৰকাগৰাকীয়ে।
উল্লেখ্য যে নাপোলিত ডিয়োগো মাৰাডোনাইও খেলিছিল। জীৱনৰ এছোৱা সোণালী সময় মাৰাডোনাই নাপোলিতে কটাইছিল। বৰ্তমানেও আৰ্জেণ্টিনাৰ তাৰকাগৰাকীক ক্লাবটোত ঈশ্বৰৰ দৰে পূজা কৰা হয়।
ৰোণাল্ডোৰ পুৰণি ক্লাব জুভেণ্টাছৰ স’তে তীব্ৰ প্ৰতিদ্বন্দীতা আছে ক্লাবটোৰ। চলিত চিজনত নাপোলি ইটালীয়ান লীগৰ শীৰ্ষস্থানত আছে।
আনহাতে, মানচেষ্টাৰ ইউনাইটেডৰ স’তে বিচ্ছেদ হোৱাৰ পাছতে ৰোণাল্ডোৰ পৰৱৰ্তী ক্লাব হিচাপে চেলছি, ৰিয়েল মাদ্ৰিদৰ নাম চৰ্চালৈ আহিছিল। আনকি তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিৰ পৰ্টুগীজ ক্লাব স্পৰ্টিং ক্লাব ডি লিছবনতো ৰোণাল্ডোৱে যোগ দিব পাৰে বুলি চৰ্চা চলিছে।