--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বিতৰ্কিত সাক্ষাৎকাৰ। এই সাক্ষাৎকাৰটোৰ বাবেই মানচেষ্টাৰ ইউনাইটেডৰ সৈতে সম্পৰ্ক ছেদ হ'ল তাৰকা ফুটবলৰ ক্ৰিষ্টিয়ানো ৰোনান্ডোৰ ।সক্ষাৎকাৰটোৰ পিছতে মানচেষ্টাৰ ইউনাইটেডে ফৰৱাৰ্ড ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ সৈতে থকা তেওঁলোকৰ চুক্তি    ছিজনৰ মাজভাগত হঠাতে বাতিল কৰাৰ সিদ্ধান্ত লৈছে। পিয়েৰ্ছ মৰ্গানৰ সৈতে ৰোনাল্ডোৰ বিতৰ্কিত সাক্ষাৎকাৰৰ পিছত এই পদক্ষেপ লোৱা হৈছে।

ম্যানচেষ্টাৰ ইউনাইটেডে ২২ নৱেম্বৰত  ঘোষণা কৰিছিল যে তেওঁলোকে তেওঁলোকৰ তাৰকা ফৰৱাৰ্ড ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ সৈতে ছিজনৰ মাজভাগত পূৰ্বে থকা  চুক্তি বাতিল কৰাৰ বাবে এক নতুন  চুক্তিত উপনীত হ'ব। ফিফা বিশ্বকাপ ২০২২ ৰ পূৰ্বে পৰ্তুগালৰ তাৰকাৰ পিয়েৰ্ছ মৰ্গানক দিয়া বিস্ফোৰক সাক্ষাৎকাৰৰ পিছত ইউনাইটেডে  এই পদক্ষেপ গ্ৰহণ কৰে। সাক্ষাৎকাৰটোত ৰোনাল্ডোৱে ক্লাবটোক চোকা সমালোচনা কৰিছিল।ৰোনাল্ডোৱে কৈছিল যে ক্লাবৰ মালিক গ্লেজাৰ্ছৰ পৰিয়ালে দলটোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে আৰু তেওঁলোকৰ চকু কেৱল মানচেষ্টাৰ ইউনাইটেডে উপাৰ্জন কৰা ধনৰ ওপৰতহে।

সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ম্যানচেষ্টাৰ ইউনাইটেডৰ খেলুৱৈসকলৰ ভিতৰৰে এজন ৰোনাল্ডোই   ২০২২  চনৰ দ্বিতীয় কাৰ্যকাল ছিজনত প্ৰায় ক্ষেত্ৰতে অসফল হৈছে। সেয়ে ক্লাবটোৰ  মেনেজাৰে তেওঁৰ সলনি আন যুৱ খেলুৱৈসকলক অগ্ৰাধিকাৰ দিছে। ৰোনাল্ডোৱে ক্লাবটোৰ সৈতে একাধিক বাৰ বিবাদত লিপ্ত হৈছে। এবাৰ প্ৰিমিয়াৰ লীগৰ এখন খেলত বিকল্প হিচাপে খেলিবলৈ তেওঁ  অস্বীকাৰ কৰিছিল। খেলুৱৈজনে একেখন খেলতে খেল শেষ হোৱাৰ আগতে ষ্টেডিয়াম এৰিছিল। 

ক্ৰিষ্টিয়ানো ৰোনাল্ডোই  এতিয়ালৈকে  ৩৪৬ খনখেলত ১৪৫  টা গ'ল কৰিছে। ম্যানচেষ্টাৰ ইউনাইটেডে এতিয়ৰে পৰা   এৰিক টেন হেগৰ অধীনত দলটোৰ সফলতাৰ বাবে কাম কৰি যাব বুলি ঘোষণা কৰা হৈছে। 

এই ছিজনত ম্যানচেষ্টাৰ ইউনাইটেডৰ প্ৰাক্তন খেলুৱৈসকলে ৰোনাল্ডোক তীব্ৰ সমালোচনা কৰিছিল।প্ৰাক্তন খেলুৱৈসকলে ক্লাবৰ ভিতৰত বৰ্ধিত উত্তেজনাৰ বাবে তাৰকাগৰাকীক জগৰীয়া কৰিছিল।  ৰোনাল্ডোই সাক্ষাৎকাৰৰ সময়ত তেওঁৰ এজন সমালোচক গেৰী নেভিলক তুলাধুনা দিছিল।পিয়েৰ্ছ মৰ্গানৰ সৈতে হোৱা  সাক্ষাৎকাৰত তেওঁ তেওঁৰ সমালোচকসকলক 'নিগনি' বুলিও অভিহিত কৰিছিল।

সাক্ষাৎকাৰটোৰ কিছু অংশ সামাজিক মাধ্যমত ভাইৰেল  হৈ পৰাৰ পিছত পিছত ইউনাইটেডে প্ৰথমে এইবুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু যে গোটেই সাক্ষাৎকাৰটো লাইভ হোৱাৰ পিছত তেওঁলোকে তেওঁলোকৰ সিদ্ধান্ত ল'ব।  উল্লেখ্য ৰোনাল্ডো বৰ্তমান ফিফা বিশ্বকাপত পৰ্তুগাল দলৰ সৈতে  আছে ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু