--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বিতৰ্কিত সাক্ষাৎকাৰ। এই সাক্ষাৎকাৰটোৰ বাবেই মানচেষ্টাৰ ইউনাইটেডৰ সৈতে সম্পৰ্ক ছেদ হ'ল তাৰকা ফুটবলৰ ক্ৰিষ্টিয়ানো ৰোনান্ডোৰ ।সক্ষাৎকাৰটোৰ পিছতে মানচেষ্টাৰ ইউনাইটেডে ফৰৱাৰ্ড ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ সৈতে থকা তেওঁলোকৰ চুক্তি    ছিজনৰ মাজভাগত হঠাতে বাতিল কৰাৰ সিদ্ধান্ত লৈছে। পিয়েৰ্ছ মৰ্গানৰ সৈতে ৰোনাল্ডোৰ বিতৰ্কিত সাক্ষাৎকাৰৰ পিছত এই পদক্ষেপ লোৱা হৈছে।

ম্যানচেষ্টাৰ ইউনাইটেডে ২২ নৱেম্বৰত  ঘোষণা কৰিছিল যে তেওঁলোকে তেওঁলোকৰ তাৰকা ফৰৱাৰ্ড ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ সৈতে ছিজনৰ মাজভাগত পূৰ্বে থকা  চুক্তি বাতিল কৰাৰ বাবে এক নতুন  চুক্তিত উপনীত হ'ব। ফিফা বিশ্বকাপ ২০২২ ৰ পূৰ্বে পৰ্তুগালৰ তাৰকাৰ পিয়েৰ্ছ মৰ্গানক দিয়া বিস্ফোৰক সাক্ষাৎকাৰৰ পিছত ইউনাইটেডে  এই পদক্ষেপ গ্ৰহণ কৰে। সাক্ষাৎকাৰটোত ৰোনাল্ডোৱে ক্লাবটোক চোকা সমালোচনা কৰিছিল।ৰোনাল্ডোৱে কৈছিল যে ক্লাবৰ মালিক গ্লেজাৰ্ছৰ পৰিয়ালে দলটোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে আৰু তেওঁলোকৰ চকু কেৱল মানচেষ্টাৰ ইউনাইটেডে উপাৰ্জন কৰা ধনৰ ওপৰতহে।

সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ম্যানচেষ্টাৰ ইউনাইটেডৰ খেলুৱৈসকলৰ ভিতৰৰে এজন ৰোনাল্ডোই   ২০২২  চনৰ দ্বিতীয় কাৰ্যকাল ছিজনত প্ৰায় ক্ষেত্ৰতে অসফল হৈছে। সেয়ে ক্লাবটোৰ  মেনেজাৰে তেওঁৰ সলনি আন যুৱ খেলুৱৈসকলক অগ্ৰাধিকাৰ দিছে। ৰোনাল্ডোৱে ক্লাবটোৰ সৈতে একাধিক বাৰ বিবাদত লিপ্ত হৈছে। এবাৰ প্ৰিমিয়াৰ লীগৰ এখন খেলত বিকল্প হিচাপে খেলিবলৈ তেওঁ  অস্বীকাৰ কৰিছিল। খেলুৱৈজনে একেখন খেলতে খেল শেষ হোৱাৰ আগতে ষ্টেডিয়াম এৰিছিল। 

ক্ৰিষ্টিয়ানো ৰোনাল্ডোই  এতিয়ালৈকে  ৩৪৬ খনখেলত ১৪৫  টা গ'ল কৰিছে। ম্যানচেষ্টাৰ ইউনাইটেডে এতিয়ৰে পৰা   এৰিক টেন হেগৰ অধীনত দলটোৰ সফলতাৰ বাবে কাম কৰি যাব বুলি ঘোষণা কৰা হৈছে। 

এই ছিজনত ম্যানচেষ্টাৰ ইউনাইটেডৰ প্ৰাক্তন খেলুৱৈসকলে ৰোনাল্ডোক তীব্ৰ সমালোচনা কৰিছিল।প্ৰাক্তন খেলুৱৈসকলে ক্লাবৰ ভিতৰত বৰ্ধিত উত্তেজনাৰ বাবে তাৰকাগৰাকীক জগৰীয়া কৰিছিল।  ৰোনাল্ডোই সাক্ষাৎকাৰৰ সময়ত তেওঁৰ এজন সমালোচক গেৰী নেভিলক তুলাধুনা দিছিল।পিয়েৰ্ছ মৰ্গানৰ সৈতে হোৱা  সাক্ষাৎকাৰত তেওঁ তেওঁৰ সমালোচকসকলক 'নিগনি' বুলিও অভিহিত কৰিছিল।

সাক্ষাৎকাৰটোৰ কিছু অংশ সামাজিক মাধ্যমত ভাইৰেল  হৈ পৰাৰ পিছত পিছত ইউনাইটেডে প্ৰথমে এইবুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু যে গোটেই সাক্ষাৎকাৰটো লাইভ হোৱাৰ পিছত তেওঁলোকে তেওঁলোকৰ সিদ্ধান্ত ল'ব।  উল্লেখ্য ৰোনাল্ডো বৰ্তমান ফিফা বিশ্বকাপত পৰ্তুগাল দলৰ সৈতে  আছে ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক