--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰে’লৱে বিভাগে সোমবাৰে গ্ৰহণ কৰে বিনেশ ফ’গাট আৰু বজৰং পুনিয়াৰ পদত্যাগ। শুকুৰবাৰে কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে দুয়োগৰাকী মল্লযুঁজাৰুৱে ৰে’লৱেৰ চাকৰিৰ পৰা পদত্যাগ কৰিছিল। বিনেশ ভাৰতীয় ৰেলৱেত অ’ এছ ডি স্প’ৰ্টছ হিচাপে কাম কৰি আছিল। আনহাতে বজৰঙেও একেটা পদতে আছিল। কংগ্ৰেছত যোগদান কৰাৰ লগে লগে দলটোৱে জুলানাৰ পৰা বিনেশক হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ টিকট প্ৰদান কৰাৰ লগতে বজৰং পুনিয়াক কৃষক শাখাত অন্তৰ্ভুক্ত কৰে।

ৰে’লৱে বিভাগে পদত্যাগ মঞ্জুৰ কৰাৰ পিছতে বিনেশ ফ’গাটে বৃহৎ সকাহ পাইছে। এতিয়া তেওঁৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাট সম্পূৰ্ণৰূপে মুকলি হৈছে। যদিহে তেঁওৰ পদত্যাগ মানি লোৱা নহ’লহেঁতেন তেন্তে ফ’গাটে নিৰ্বাচনত প্ৰৱেশ কৰিবলৈ নোৱাৰিলেহেঁতেন ৷ আইনৰ মতে যদি কোনো ব্যক্তিয়ে চৰকাৰী পদত অধিষ্ঠিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচাৰে তেন্তে প্ৰথমে পদত্যাগ কৰি বিভাগৰ পৰা এনঅ’চি ল’ব লাগিব।

নামভৰ্তিৰ সময়ত এনঅ’চিখনো নথিসমূহৰ লগত সংলগ্ন কৰিব লাগে, তেতিয়াহে ৰিটাৰ্নিং অফিচাৰে আবেদন গ্ৰহণ কৰিব। অহা ৫ অক্টোবৰত হাৰিয়ানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, যাৰ বাবে মনোনয়ন অব্যাহত আছে। ইয়াৰ শেষ তাৰিখ ১২ ছেপ্টেম্বৰ, তাৰ ঠিক আগতে বিনেশ ফ’গাটৰ বাবে এইটো এটা সকাহৰ খবৰ।


কংগ্ৰেছে বিনেশ ফ’গাটক জুলানাৰ পৰা টিকট দিছে। দীৰ্ঘদিন ধৰি জুলানাত আসন জয় কৰাৰ অপেক্ষাত আছিল কংগ্ৰেছ। ২০০৫ চনতে কংগ্ৰেছে শেষবাৰৰ বাবে এই আসনত জয়লাভ কৰিছিল। দলৰ অৱনতিৰ বাবেই বিনেশ ফ’গাটক প্ৰাৰ্থী হিচাপে নিযুক্ত কৰিছে। বিনেশৰ প্ৰতিযোগী হ’ব বৰ্তমানৰ জননায়ক জনতা পাৰ্টিৰ বিধায়ক অমৰজীত ধনদা।

২০১৯ৰ বিধানসভা নিৰ্বাচনত জেজেপিয়ে জয়লাভ কৰিছিল। বিজেপিৰ পৰমিন্দৰ সিং ধুলক ২৪,১৯৩ হাজাৰ ভোটত পৰাস্ত কৰে অমৰজীত ধনদাই। ধনদাই ৬১,৯৪২টা ভোট লাভ কৰাৰ বিপৰীতে ধূলে ৩৭,৭৪৯ হাজাৰ ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ