--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভাৰ বিৰোধী নেতা ৰাহুলগান্ধীয়ে আমেৰিকা ভ্ৰমণত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ে কৰা এক মন্তব্যক লৈ বিৰোধী পক্ষৰ নেতাগৰাকীৰ উপৰত সৰৱ হৈ উঠে কেন্দ্ৰীয়মন্ত্ৰী গিৰিৰাজ সিং৷ সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে ৰাহুল গান্ধীক কটাক্ষ কৰি কয় যে ‘যদি মৃতকৰ সৈতে যোগাযোগ কৰিব পৰা কোনো প্ৰযুক্তি আছে তেন্তে ৰাহুল গান্ধীয়ে তেওঁৰ আইতাক ইন্দিৰা গান্ধীক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভূমিকা সম্পৰ্কে সুধা উচিত৷’ 

‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ভাৰতক এটা ধাৰণা বুলি বিশ্বাস কৰে, কিন্তু আমি বিস্বাশ কৰোঁ যে ভাৰত এক বহুল ধাৰণা’বুলি লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে প্ৰদান কৰা মন্তব্যৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে তিব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্যকৰি লয়। 

ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত ডালাছত ভৰতীয় প্ৰবাসী সকলক সম্বোধন কৰি প্ৰদান কৰা ভাষণত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক সমালোচনা কৰি কয় যে ‘জাতি, ধৰ্ম, ভাষা, সংস্কৃতি-পৰম্পৰা, ইতিহাস নিৰ্বিশেষে সকলোকে অংশগ্ৰহণ কৰিবলৈ দিয়াৰ লগতে সকলোকে নিৰ্দিষ্ট স্থান দিয়া উচিত৷ এয়া এখন যুঁজ, যি নিৰ্বাচনৰ সময়ত স্পষ্ট হৈ পৰিব যেতিয়া জনসাধাৰণে বুজি উঠিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সংবিধানৰ ওপৰত আক্ৰণ চলাই আহিছে৷ৰাহুল গান্ধীয়ে লগতে কয় যে ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে  মানুহৰ ভয় হেৰাই গৈছে।’ 

কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘ৰাহুল গান্ধীয়ে আৰ.এছ.এছক বুজিবলৈ কেইবাজনমো লাগিব৷ লগতে বিৰোধী নেতাগৰাকীক কটাক্ষ কৰি কয় বহিঃৰাজ্যলৈ গৈ দেশক সমালোচনা কৰাসকলে আৰ এছ এছক প্ৰকৃতাৰ্থত বুজিব নোৱাৰে।লগতে কয় ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰাৰ মাজেৰে আৰ এছ এছৰ জন্ম হৈছিল।’ কেৱল দেশৰ ভাবমূৰ্তি কলংকিত কৰিবলৈহে ৰাহুল গান্ধীয়ে বহিঃৰাজ্যলৈ যায় বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ