--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ আগশাৰীৰ নিৰ্বাচনী ৰণকৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰে কংগ্ৰেছ নেতৃত্বৰ সৈতে দীঘলীয়া আলাপ-আলোচনাৰ পাছতো কংগ্ৰেছ তেওঁৰ বাবে সুবিধাজনক স্থান নহয় বুলি বিবেচনা কৰি দলটোত যোগদানৰ পৰা বিৰত থাকিল। তাৰ পাছত তেওঁ এই বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ খোলা দেখিবলৈ পোৱা গৈছে।

পোনপটীয়াকৈ একো নোকোৱা কিশোৰে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয় সম্পৰ্কত ভালেমান তাৎপৰ্যপূৰ্ণ কথা কৈছে। কিন্তু এই বিষয়বোৰৰ চৰ্বিত চৰ্বনৰ প্ৰয়োজনীয়তা এতিয়া আৰু নাই। বৰং তেওঁ কৰা এটা তাৎপৰ্যপূৰ্ণ মন্তব্যৰ বিষয়েহে আলোচনা কৰিব বিচাৰিছোঁ। তেওঁ কৈছে যে, দেশত কোনো তৃতীয় মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব নোৱাৰে। বিজেপিক পৰাজিত কৰিব পাৰিব দ্বিতীয় মিত্ৰজোঁটেহে।

দেশৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষপটক বুজি উঠাৰ বাবে এই কথাষাৰৰ তাৎপৰ্য অনুধাৱন কৰাটো অতি জৰুৰী। দেশৰ ৰাজনীতিত কংগ্ৰেছৰ অৱস্থা এতিয়া কিছু থৰক-বৰক যদিও কংগ্ৰেছ দল অপ্ৰাসংগিত হৈ পৰা নাই দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা। দেশজুৰি বিস্তৃতি লাভ কৰা দল বুলিলে বিজেপিৰ বিকল্প হৈ আজিও কংগ্ৰেছেই আছে। বাকী সকলো দলেই আঞ্চলিক একো একোটা প্ৰেক্ষাপটকহে প্ৰতিনিধিত্ব কৰে।

এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছক বাদ দি দেশত এটা বিকল্প ৰাজনৈতিক শক্তিয়ে গা কৰি উঠিব নোৱাৰে। বা তেনে কৰাৰ চেষ্টা কৰিলেও বিজেপিৰ দৰে শক্তিশালী সাংগঠনিক ভেটি থকা দল এটাক পৰাভূত কৰিব পৰাকৈ এই তৃতীয় মৰ্চা শক্তিশালী নহ’ব। কাৰণ দেশৰ প্ৰায় সকলো প্ৰান্ততে কংগ্ৰেছে এটা বৃহৎ অংশ ভোট নিজৰ পক্ষলৈ নিব আৰু প্ৰথম মৰ্চাৰ বাবে সহায়ক হৈ উঠিব। এনে পৰিপ্ৰেক্ষিতত দেশত বিৰোধী ঐক্য গঠন কৰিব লাগিলে আৰু সেই ঐক্যই বিজেপি মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাব লাগিলে কংগ্ৰেছক লগত লৈয়েই কৰিব লাগিব।
২০১৯ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছক কেন্দ্ৰ কৰি এটা বিৰোধী ঐক্য গঠনৰ চেষ্টা কৰা হৈছিল যদিও সেয়া পৰিপূৰ্ণ হৈ নুঠিল। তাৰ কাৰণ হৈছে কংগ্ৰেছৰ অনমনীয় স্থিতি।

কংগ্ৰেছৰ বাবে ৰাহুল-প্ৰিয়ংকাক বাদ দি নতুন নেতৃত্বক সন্মুখলৈ আহিবলৈ নিদিয়ে। কংগ্ৰেছে বিচাৰে ৰাহুলক সন্মুখত লৈয়েই বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে যুঁজৰ আখৰা কৰক। কিন্তু বিৰোধীৰ বহু নেতাই ৰাহুলক নেতা হিচাপে গ্ৰহণ কৰিবলৈ নাৰাজ। এইবাৰো মমতা বেনাৰ্জী, অখিলেশ যাদৱ, কেচিআৰৰ দৰে বিজেপিৰ প্ৰধান বিৰোধী নেতাই কংগ্ৰেছক বাদ দিয়েই এটা জোঁট গঠনৰ কথা চিন্তা কৰিছে। কিন্তু সেই প্ৰচেষ্টা এতিয়ালৈ সম্ভৱ হৈ উঠা নাই। মমতাই চেষ্টা কৰি ব্যৰ্থ হোৱাৰ পাছত কেচিআৰেও এই দিশত সফলতা লাভ কৰা নাই। কাৰণ কংগ্ৰেছক বাদ দি সেয়া গঢ় দিয়াটো বৰ সহজ কাম নহয়। আৰু কংগ্ৰেছে ৰাহুলক সন্মুখৰ পৰা আঁতৰাই আগবাঢ়িবলৈ সাজু নহয়।

তাৎপৰ্যপূৰ্ণভাৱে প্ৰশান্ত কিশোৰেও কংগ্ৰেছৰ আগত দাখিল কৰা লীডাৰশ্বিপ প্ৰস্তাৱত ৰাহুল-প্ৰিয়ংকাক ৰখা নাছিল। গতিকে এতিয়া পৰিস্থিতি অনুধাৱক কৰি যদি কংগ্ৰেছে নমনীয় স্থিতি গ্ৰহণ কৰে আৰু এটা দ্বিতীয় মৰ্চা গঠন কৰিবলৈ সন্মত হয় তেন্তে সেয়া বিৰোধী শিবিৰৰ কাৰণে আশাপ্ৰদ কথা হ’ব। অন্যথা বিজেপিক ২০২৪তো ৱাকঅভাৰ দিয়াৰ দৰে হ’ব। আৰু তাৰ বাবে কংগ্ৰেছ প্ৰধানকৈ জগৰীয়া হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ