--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিক প্ৰতিহত কৰিবলৈ গঠন হোৱা বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ’ব? এই প্ৰশ্ন এতিয়া বিভিন্ন জনৰ মুখে মুখে বাগৰি ফুৰিছে। এনে সময়তে কংগ্ৰেছ নেতা পি এল পুনিয়াই কৈছে যে ক্ষমতালৈ  অহাৰ পিছত ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীৰ  সিদ্ধান্ত লোৱা হ'ব। 

 পুনিয়াই লগতে কয় যে মিত্ৰজোঁট ক্ষমতালৈ অহাৰ পিছত মিত্ৰজোঁটৰ পৰা নিৰ্বাচিত সাংসদসকলে মিলি-জুলি প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিব।পুনিয়াই কয় " ভাৰত মিত্ৰজোঁটে সিদ্ধান্ত লৈছে যে ক্ষমতালৈ অহাৰ পিছত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত লোৱা হ'ব। নিৰ্বাচিত সাংসদসকলে প্ৰধানমন্ত্ৰী বাছনি কৰিব," । বিৰোধী দলবোৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক পৰাভূত কৰিবলৈ   ঐক্যবদ্ধ ফ্ৰণ্ট গঠন কৰি নিৰ্বাচনী  ৰণনীতি প্ৰস্তুত কৰিব পদক্ষেপ গ্ৰহণ কৰিছে।

 লক্ষণীয়ভাৱে ভাৰত বা 'ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স' হৈছে কংগ্ৰেছকে ধৰি ২৬ টা বিৰোধী দলৰ মিত্ৰজোঁট। ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) নেতৃত্বত  থকা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) সৈতে যুঁজিবলৈ ইণ্ডিয়া গঠন কৰা হৈছে। ২৩ জুনত বিহাৰৰ পাটনাত বিৰোধী মিত্ৰজোঁটৰ  প্ৰথম খন বৈঠক আহ্বান কৰা হৈছিল আৰু দ্বিতীয় খন বৈঠক ১৭-১৮ জুলাইত কৰ্ণাটকৰ বাংগালুৰুত অনুষ্ঠিত হৈছিল৷

 পুনিয়াই অৱশ্যে আৰু  যে বিজেপি নেতা স্মৃতি ইৰাণী আমেঠি আসনৰ পৰা পৰাজিত হ'ব৷ এয়া  সঁচা যে ৰাইজে (আমেঠিৰ) ২০২৪ চনত স্মৃতি ইৰাণীক পৰাজিত কৰিব, আৰু কংগ্ৰেছ বা ইণ্ডিয়া  মিত্ৰজোঁটৰ প্ৰাৰ্থী নিশ্চিতভাৱে তাত জিকিব...। এইবাৰ ৰাহুল গান্ধীয়ে পুনৰ উত্তৰ প্ৰদেশৰ আমেঠিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে।  ৰাহুল গান্ধীয়ে সেই সমষ্টিটোত ২০১৯ ৰ নিৰ্বাচনত স্মৃতি ইৰাণীৰ হাতত প্ৰায় ৫৫,০০০ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস