--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন এজনকৈ ৫০ জন পুৰুষ যৌন ফান্দত পৰিল। প্ৰায় ৩৫ লাখ টকা লুটিবলৈ সক্ষম হৈছিল এগৰাকী মুম্বাই মডেলে৷ এই লৈ আৰক্ষীয়ে চিন্তিত হৈ পৰিছিল৷

অভিযোগ অনুসৰি, মুম্বাইৰ মডেল নেহা ওৰফে মেহৰে মহানগৰীত পুৰুষৰ বাবে যৌন ফান্দ বান্ধি ধন চুৰি কৰিছিল। আৰক্ষীৰ মতে বহু লোকে মডেলগৰাকীৰ ফান্দত ভৰি দিছিল।

ফান্দটো কেনেকুৱা আছিল? আৰক্ষীৰ মতে, নেহাই নিজৰ ঘৰলৈ পুৰুষক প্ৰলোভিত কৰি আনিছিল। ইয়াৰ পিছত তেওঁলোকৰ অন্তৰংগ মুহূৰ্তবোৰ গোপনে কেমেৰাত ৰেকৰ্ডিং কৰা হয়। আনকি পুৰুষজনক মাৰ-পিটো কৰিও ভিডিঅ’ কৰা হয়৷ এই ভিডিঅ'বোৰেই আছিল প্ৰতাৰণাৰ মূল অস্ত্ৰ।

অভিযুক্ত নেহাই সেই ভিডিঅ’বোৰ ফেচবুক আৰু হোৱাটছএপত প্ৰেৰণ কৰি ‘টাৰ্গেট’বোৰক ব্লেকমেইল কৰিছিল। সেই মানুহবোৰে তেওঁক সন্মান হেৰুৱাৰ ভয়ত টকা দিছিল।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত মডেলগৰাকীয়ে পুৰুষক ঘৰলৈ প্ৰলোভিত কৰিছিল যদিও এই অপৰাধত তেওঁৱেই জড়িত নহয়। প্ৰৱঞ্চনাৰ চক্ৰ এটা আছে। নেহাৰ বাহিৰেও সেই চক্ৰত বহুত মানুহ আছিল।

শেহতীয়াকৈ কৰ্ণাটক আৰক্ষীয়ে এই গেঙৰ পৰ্দা উদঙাই দিলে। আৰক্ষীৰ মতে, এই কেলেংকাৰিৰ বলি এতিয়ালৈকে ৫০ জনতকৈ অধিক পুৰুষ। ইয়াৰ মাজৰে এজনে আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতে সমগ্ৰ বিষয়টো পোহৰলৈ আহে।

অভিযোগকাৰীয়ে আৰক্ষীক জনোৱা মতে, নেহাই প্ৰথমে মেছেজিং এপ টেলিগ্ৰামৰ জৰিয়তে তেওঁৰ সৈতে যোগাযোগ কৰিছিল। তাৰ পৰাই ফোন নম্বৰ বিনিময় কৰি হোৱাটছএপত আড্ডা মাৰিবলৈ ধৰিলে।

নেহাই প্ৰতাৰকজনক কয় যে তাইৰ স্বামীয়ে ডুবাইত কাম কৰে। অভিযোগ অনুসৰি, ইয়াৰ পিছত তেওঁ যুৱকজনক বিভিন্ন ধৰণে যৌন সম্পৰ্কত লিপ্ত কৰাৰ ইংগিত দিছিল। নেহাই হোৱাটছএপত সেই যুৱকজনলৈ নিজৰ ফটো আৰু ঠিকনা পঠিয়াইছিল।

অভিযোগকাৰীয়ে দাবী কৰা মতে, ৩ মাৰ্চৰ বিয়লি প্ৰায় ৩:৩০ বজাত তেওঁ নেহাৰ ঘৰলৈ গৈছিল। ঘৰত সোমোৱাৰ কিছু মুহূৰ্তৰ পিছতে তিনিজন যুৱক আহি পালেহি। যুৱকজনক মাৰপিট কৰে।

অভিযোগ অনুসৰি, ৰাজপথত উলংগ কৰাৰ ভাবুকিও দিয়া হৈছিল। ক্ষতিগ্ৰস্ত যুৱকজনক ৩ লাখ টকা দিবলৈ হেঁচা প্ৰয়োগ কৰা হয়। যুৱকজনে প্ৰথমে এটা মোবাইল নম্বৰত ২১,৫০০ টকা পঠিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰে। কিন্তু তাৰ পিছতো তেওঁক মুকলি কৰি দিয়া নহ’ল। নিশা ৮ বজালৈ তেওঁক আটক কৰি ৰখা হয়।

ইয়াৰ পিছত যুৱকজনে দাবী কৰে যে তেওঁ কেনেবাকৈ ক্ৰেডিট কাৰ্ড লৈ ঘৰলৈ যোৱাৰ অজুহাতত দুস্কৃতিকাৰীৰ হাতৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল। যুৱকজনৰ এজাহাৰ লাভ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তৰ অন্তত আৰক্ষীয়ে গম পালে যে নেহাই সেই যুৱকজনৰ দৰে আন বহুক প্ৰতাৰণা কৰিছিল। ৩৫ লাখ টকা লুণ্ঠন কৰিবলৈও সক্ষম হৈছে৷

এই পৰ্যন্ত আৰক্ষীয়ে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জালত ধৰা পৰিল নেহাও। গেংটোৰ লগত জড়িত আনকেইজনক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস