--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ মানুহে ভাবিছিল ছোৱালীজনীৰ মৃত্যু হৈছে। সেয়ে উদ্ধাৰ হোৱা মৃতদেহ পৰিয়ালৰ লোকে সৎকাৰো কৰিলে। কিন্তু মৃতদেহ সৎকাৰৰ এদিন পিছতে মৃত বুলি ভবা ছোৱালীজনীয়ে নিজৰ পিতৃলৈ ফোন কৰাৰ ঘটনাই তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে। ঘটনাটো ঘটিছে বিহাৰৰ  পূৰ্ণিয়াত ।পূৰ্ণিয়াৰ  এজনী ছোৱালীৱে তেওঁৰ পিতৃক ফোন কৰি জীয়াই থকাৰ খবৰ দিছে।   অথচ তেওঁৰ পৰিয়ালৰ সদস্যসকলে আগদিনাই ছোৱালীজনীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন  কৰিছিল।

 ছোৱালীজনীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ এদিন পিছতে ছোৱালীজনীৰ পিতৃয়ে  এটা ফোন কল পাইছিল। তাত ছোৱালী জনীয়ে কৈছিল-দেউতা ,মই জীয়াই আছোঁ। আপোনালোকে  অন্ত্যেষ্টিক্ৰিয়া কৰা মৃতদেহটো মোৰ নহয়, আন কাৰোবাৰ আছিল।  ফোনত ছোৱালীজনীয়ে কৈছিল - মই তোমাৰ ছোৱালী অংশু। তোমাৰ  ছোৱালী মৰি যোৱা নাই, জীয়াই আছে। ইয়াৰ পাছতো যেতিয়া  পিতৃয়ে কতাটো বিশ্বাস কৰা নাছিল তেতিয়া ছোৱালীজনীয়ে  ভিডিঅ' কল কৰি জীয়াই থকাৰ প্ৰমাণ দিছিল।
ছোৱালীজনীৰ নাম অংশু। কিছুদিন পূৰ্বে তেওঁ  গাওঁৰে  এজন ল’ৰাৰ সৈতে   পলাই গৈ  বিয়া হৈছিল আৰু ঘৰৰ পৰা দূৰত এটা সৰু ভাড়াঘৰত থিতাপি লৈছিল।

পূৰ্ণিয়া জিলাৰ ভৱানীপুৰৰ নৱগাচিয়া টোলাৰ বাসিন্দা বিনোদ মণ্ডলৰ ১৭ বছৰীয়া  কন্যাগৰাকী ৩ জুনৰ পৰা সন্ধানহীন হৈ আছিল। পৰিয়ালটোৱে তেওঁক  বিচাৰি চলাথ কৰিছিল, কিন্তু তেওঁক  বিচাৰি পোৱা নাছিল। ইফালে  ১৬ আগষ্টত পৰিয়ালটোৱে কাষৰে নদীত এটা মৃতদেহ ভাঁহি থকাৰ  বিষয়ে জানিব পাৰিছিল। পৰিয়ালটোৱে সেয়াই অংশুৰ মৃতদেহ বুলি ভাবি সৎকাৰ কৰিছিল।   শৰীৰৰ উচ্চতা আৰু পিন্ধি থকা কাপোৰ দেখি পৰিয়ালটোৱে সেয়া অংশুৰেই মৃতদেহ বুলি নিশ্চিত হৈছিল। মৃতদেহটোৰ প্ৰায় গেলি-পচি গৈছিল। সেয়ে  পৰিয়ালটোৱেও মৃতদেহটো  খৰখেদাকৈ  সৎকাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ