--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ মানুহে ভাবিছিল ছোৱালীজনীৰ মৃত্যু হৈছে। সেয়ে উদ্ধাৰ হোৱা মৃতদেহ পৰিয়ালৰ লোকে সৎকাৰো কৰিলে। কিন্তু মৃতদেহ সৎকাৰৰ এদিন পিছতে মৃত বুলি ভবা ছোৱালীজনীয়ে নিজৰ পিতৃলৈ ফোন কৰাৰ ঘটনাই তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে। ঘটনাটো ঘটিছে বিহাৰৰ  পূৰ্ণিয়াত ।পূৰ্ণিয়াৰ  এজনী ছোৱালীৱে তেওঁৰ পিতৃক ফোন কৰি জীয়াই থকাৰ খবৰ দিছে।   অথচ তেওঁৰ পৰিয়ালৰ সদস্যসকলে আগদিনাই ছোৱালীজনীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন  কৰিছিল।

 ছোৱালীজনীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ এদিন পিছতে ছোৱালীজনীৰ পিতৃয়ে  এটা ফোন কল পাইছিল। তাত ছোৱালী জনীয়ে কৈছিল-দেউতা ,মই জীয়াই আছোঁ। আপোনালোকে  অন্ত্যেষ্টিক্ৰিয়া কৰা মৃতদেহটো মোৰ নহয়, আন কাৰোবাৰ আছিল।  ফোনত ছোৱালীজনীয়ে কৈছিল - মই তোমাৰ ছোৱালী অংশু। তোমাৰ  ছোৱালী মৰি যোৱা নাই, জীয়াই আছে। ইয়াৰ পাছতো যেতিয়া  পিতৃয়ে কতাটো বিশ্বাস কৰা নাছিল তেতিয়া ছোৱালীজনীয়ে  ভিডিঅ' কল কৰি জীয়াই থকাৰ প্ৰমাণ দিছিল।
ছোৱালীজনীৰ নাম অংশু। কিছুদিন পূৰ্বে তেওঁ  গাওঁৰে  এজন ল’ৰাৰ সৈতে   পলাই গৈ  বিয়া হৈছিল আৰু ঘৰৰ পৰা দূৰত এটা সৰু ভাড়াঘৰত থিতাপি লৈছিল।

পূৰ্ণিয়া জিলাৰ ভৱানীপুৰৰ নৱগাচিয়া টোলাৰ বাসিন্দা বিনোদ মণ্ডলৰ ১৭ বছৰীয়া  কন্যাগৰাকী ৩ জুনৰ পৰা সন্ধানহীন হৈ আছিল। পৰিয়ালটোৱে তেওঁক  বিচাৰি চলাথ কৰিছিল, কিন্তু তেওঁক  বিচাৰি পোৱা নাছিল। ইফালে  ১৬ আগষ্টত পৰিয়ালটোৱে কাষৰে নদীত এটা মৃতদেহ ভাঁহি থকাৰ  বিষয়ে জানিব পাৰিছিল। পৰিয়ালটোৱে সেয়াই অংশুৰ মৃতদেহ বুলি ভাবি সৎকাৰ কৰিছিল।   শৰীৰৰ উচ্চতা আৰু পিন্ধি থকা কাপোৰ দেখি পৰিয়ালটোৱে সেয়া অংশুৰেই মৃতদেহ বুলি নিশ্চিত হৈছিল। মৃতদেহটোৰ প্ৰায় গেলি-পচি গৈছিল। সেয়ে  পৰিয়ালটোৱেও মৃতদেহটো  খৰখেদাকৈ  সৎকাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস