--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই বিজেপিৰ গতি ৰুদ্ধ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ এনে সময়তে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ নামটোকলৈ গেৰুৱা দলটোত তীব্ৰ অসন্তুষ্টি আৰু শংকাৰ ভাবে ক্ৰিয়া কৰিছে বুলি বিভিন্ন জনে মন্তব্য কৰি আহিছে৷ লক্ষ্যণীয়ভাবে  জি-২০ নৈশ ভোজৰ আমন্ত্ৰণ পত্ৰত  ৰাষ্ট্ৰপতিক "প্ৰেছিডেণ্ট অব ইণ্ডিয়া "বুলি সম্বোধন কৰাৰ সলনি   "ভাৰতৰ ৰাষ্ট্ৰপতি" বুলিহে সম্বোধন কৰা হৈছে ৷ 

এই কথাই  বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া( ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্ট ইনক্লুচিভ এলায়েন্স )ৰ প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ ভয় আৰু ঘৃণাকেই সূচাইছে বুলি কংগ্ৰেছে অভিযোগ কৰিছে৷  এনে  ভয় আৰু ঘৃণাৰ বাবেই চৰকাৰে দেশৰ নামেই  সলনি কৰাত ব্যস্ত হৈ পৰিছে বুলি কংগ্ৰেছে মন্তব্য কৰিছে৷ কংগ্ৰেছে লহগতে  এইবুলিও  কৈছে যে বিৰোধী মিত্ৰজোঁটে এই "বিভাজনকাৰী" ৰাজনীতিক ওফৰাই পেলাবলৈ সক্ষম হ’ব৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ছ'চিয়েল নেটৱৰ্কিং ছাইট 'এক্স'ত  কৰা এটা পোষ্টত কয়, "এয়া  সঁচা। ৰাষ্ট্ৰপতি ভৱনে "প্ৰেছিডেণ্ট অব ইণ্ডিয়া "ৰ পৰিৱৰ্তে 'ভাৰতৰ ৰাষ্ট্ৰপতি'ৰ নামত  জি-২০ সন্মিলনৰ আমন্ত্ৰণ প্ৰেৰণ কৰিছে। ''

তেওঁ লগতে কয় "এতিয়া, সংবিধানৰ অনুচ্ছেদ ১-ত কোৱা হৈছে: "ইণ্ডিয়া , অৰ্থাৎ ভাৰত, ৰাজ্যসমূহৰ এক সংঘ হ'ব। কিন্তু এতিয়া এই 'ৰাজ্যৰ সংঘ'ও আক্ৰমণৰ সন্মুখীন হৈছে। ''

ভাৰতৰ অধ্যক্ষতাত ৯ ৰ পৰা ১০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত  জি-২০ সন্মিলন অনুষ্ঠিত হ’ব৷  এই সন্মিলনত  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনকে ধৰি বিশ্বৰ আন কেইবা খনো দেশৰ  কেইবাজনো ৰাষ্ট্ৰপ্ৰধান উপস্থিত থাকিব।
আন এটা পোষ্টত ৰমেশে কয়, "মোদীয়ে ইতিহাসক বিকৃত কৰি ভাৰতক বিভক্ত কৰিব বিচাৰিছে। কিন্তু আমি অন্যমনস্ক নহ'ম।  'ইণ্ডিয়া '  মিত্ৰজোঁটৰ অংশীদাৰ দলবোৰৰ উদ্দেশ্য হৈছে ভাৰতত – সম্প্ৰীতি, সৌহাৰ্দ, মীমাংসা আৰু বিশ্বাসৰ পৰিবেশ গঢ়ি তোলা৷"







কংগ্ৰেছৰ  জ্যেষ্ঠ নেতা  কে চি বেণুগোপালে 'এক্স'ত পোষ্ট কৰি কয়, "বিজেপিৰ ধ্বংসাত্মক মনটোৱে কেৱল জনসাধাৰণক কেনেদৰে বিভাজন কৰিব লাগে সেই বিষয়েহে ভাবিব পাৰে।" আকৌ এবাৰ, তেওঁলোকে 'ইণ্ডিয়ান ' আৰু ভাৰতীয়সকলৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে। ''

বেণুগোপালে লগতে কয়"এয়া ক্ষুদ্ৰ ৰাজনীতি৷   তেওঁলোকে 'ইণ্ডিয়া'ক ভয় কৰে। "

কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে দাবী কৰেযে  "জি-২০ সন্মিলনৰ বাবে অতিথিসকললৈ প্ৰেৰণ কৰা আমন্ত্ৰণ পত্ৰত 'ৰিপাব্লিক অৱ ইণ্ডিয়া'ৰ সলনি 'ৰিপাব্লিক অৱ ভাৰত ' কৰা হৈছে৷ এয়া প্ৰধানমন্ত্ৰী মোদীৰ ইচ্ছাতে হৈছে।" ''

তেওঁ কয় "আমি জানিছিলো যে তেওঁ 'ইণ্ডিয়া'ক ভয় কৰে, কিন্তু ইমান ঘৃণা... ইয়াৰ বাবেই দেশৰ নাম সলনি হ'ব নেকি? এয়া তেওঁলোকৰ মাজত বাঢ়ি অহা আতংকৰ বহিঃপ্ৰকাশ।  ক্ষমতা হেৰুৱাবলৈ ওলোৱা এজনৰ ভীতি দেখি মই দুখ অনুভৱ কৰিছো। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস