--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই বিজেপিৰ গতি ৰুদ্ধ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ এনে সময়তে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ নামটোকলৈ গেৰুৱা দলটোত তীব্ৰ অসন্তুষ্টি আৰু শংকাৰ ভাবে ক্ৰিয়া কৰিছে বুলি বিভিন্ন জনে মন্তব্য কৰি আহিছে৷ লক্ষ্যণীয়ভাবে  জি-২০ নৈশ ভোজৰ আমন্ত্ৰণ পত্ৰত  ৰাষ্ট্ৰপতিক "প্ৰেছিডেণ্ট অব ইণ্ডিয়া "বুলি সম্বোধন কৰাৰ সলনি   "ভাৰতৰ ৰাষ্ট্ৰপতি" বুলিহে সম্বোধন কৰা হৈছে ৷ 

এই কথাই  বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া( ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্ট ইনক্লুচিভ এলায়েন্স )ৰ প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ ভয় আৰু ঘৃণাকেই সূচাইছে বুলি কংগ্ৰেছে অভিযোগ কৰিছে৷  এনে  ভয় আৰু ঘৃণাৰ বাবেই চৰকাৰে দেশৰ নামেই  সলনি কৰাত ব্যস্ত হৈ পৰিছে বুলি কংগ্ৰেছে মন্তব্য কৰিছে৷ কংগ্ৰেছে লহগতে  এইবুলিও  কৈছে যে বিৰোধী মিত্ৰজোঁটে এই "বিভাজনকাৰী" ৰাজনীতিক ওফৰাই পেলাবলৈ সক্ষম হ’ব৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ছ'চিয়েল নেটৱৰ্কিং ছাইট 'এক্স'ত  কৰা এটা পোষ্টত কয়, "এয়া  সঁচা। ৰাষ্ট্ৰপতি ভৱনে "প্ৰেছিডেণ্ট অব ইণ্ডিয়া "ৰ পৰিৱৰ্তে 'ভাৰতৰ ৰাষ্ট্ৰপতি'ৰ নামত  জি-২০ সন্মিলনৰ আমন্ত্ৰণ প্ৰেৰণ কৰিছে। ''

তেওঁ লগতে কয় "এতিয়া, সংবিধানৰ অনুচ্ছেদ ১-ত কোৱা হৈছে: "ইণ্ডিয়া , অৰ্থাৎ ভাৰত, ৰাজ্যসমূহৰ এক সংঘ হ'ব। কিন্তু এতিয়া এই 'ৰাজ্যৰ সংঘ'ও আক্ৰমণৰ সন্মুখীন হৈছে। ''

ভাৰতৰ অধ্যক্ষতাত ৯ ৰ পৰা ১০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত  জি-২০ সন্মিলন অনুষ্ঠিত হ’ব৷  এই সন্মিলনত  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনকে ধৰি বিশ্বৰ আন কেইবা খনো দেশৰ  কেইবাজনো ৰাষ্ট্ৰপ্ৰধান উপস্থিত থাকিব।
আন এটা পোষ্টত ৰমেশে কয়, "মোদীয়ে ইতিহাসক বিকৃত কৰি ভাৰতক বিভক্ত কৰিব বিচাৰিছে। কিন্তু আমি অন্যমনস্ক নহ'ম।  'ইণ্ডিয়া '  মিত্ৰজোঁটৰ অংশীদাৰ দলবোৰৰ উদ্দেশ্য হৈছে ভাৰতত – সম্প্ৰীতি, সৌহাৰ্দ, মীমাংসা আৰু বিশ্বাসৰ পৰিবেশ গঢ়ি তোলা৷"







কংগ্ৰেছৰ  জ্যেষ্ঠ নেতা  কে চি বেণুগোপালে 'এক্স'ত পোষ্ট কৰি কয়, "বিজেপিৰ ধ্বংসাত্মক মনটোৱে কেৱল জনসাধাৰণক কেনেদৰে বিভাজন কৰিব লাগে সেই বিষয়েহে ভাবিব পাৰে।" আকৌ এবাৰ, তেওঁলোকে 'ইণ্ডিয়ান ' আৰু ভাৰতীয়সকলৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে। ''

বেণুগোপালে লগতে কয়"এয়া ক্ষুদ্ৰ ৰাজনীতি৷   তেওঁলোকে 'ইণ্ডিয়া'ক ভয় কৰে। "

কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে দাবী কৰেযে  "জি-২০ সন্মিলনৰ বাবে অতিথিসকললৈ প্ৰেৰণ কৰা আমন্ত্ৰণ পত্ৰত 'ৰিপাব্লিক অৱ ইণ্ডিয়া'ৰ সলনি 'ৰিপাব্লিক অৱ ভাৰত ' কৰা হৈছে৷ এয়া প্ৰধানমন্ত্ৰী মোদীৰ ইচ্ছাতে হৈছে।" ''

তেওঁ কয় "আমি জানিছিলো যে তেওঁ 'ইণ্ডিয়া'ক ভয় কৰে, কিন্তু ইমান ঘৃণা... ইয়াৰ বাবেই দেশৰ নাম সলনি হ'ব নেকি? এয়া তেওঁলোকৰ মাজত বাঢ়ি অহা আতংকৰ বহিঃপ্ৰকাশ।  ক্ষমতা হেৰুৱাবলৈ ওলোৱা এজনৰ ভীতি দেখি মই দুখ অনুভৱ কৰিছো। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান