--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেমৰ ভৰত যেন কোঙা হৈ পৰিছে সমাজ। বোৱাৰী পলায়ন ঘটনা আজিকালি নিত্য নৈমত্তিক ঘটনা যেন হৈ পৰিছে। ক'ৰবাত যদি বোৱাৰী অন্য পুৰুষলৈ পলায়ন কৰিছে ক'ৰবাত আক কোনো পুৰুষে পত্নী থাকোতেই চপাই লৈছে অন্য কোনো মহিলা। উত্তৰ প্ৰদেশৰ আজমগড়ত চৰ্চালৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। 

এগৰাকী মহিলাই ৪ নম্বৰৰ স্বামীক এৰি পঞ্চম প্ৰেমিকলৈ পলায়ন কৰিছে। ৯ বছৰ একেলগে থকাৰ পিছত হঠাতে চতুৰ্থ স্বামীক এৰি নিৰুদ্দেশ হয় মহিলাগৰাকী। তিনি সন্তানৰ সৈতে চতুৰ্থ স্বামী থানাত উপস্থিত হৈ ন্যায়ৰ বাবে কাতৰ অনুৰোধ কৰে। 

মানুহজনৰ এই ঘটনা শুনি আৰক্ষীয়ো আচৰিত হৈ পৰে। স্বামীৰ অভিযোগ যে পত্নীয়ে পঞ্চম প্ৰেমিকৰ সৈতে পলায়ন কৰিছে। এই গোচৰটো আহৰৌলা থানা এলেকাৰ চকব্ৰাভানি গাঁৱৰ। অনিল ৰাজভৰে নামৰ লোকজনে আগতে চণ্ডীগড়ত কাম কৰিছিল। চণ্ডীগড়ত ৰীনা নামৰ ছোৱালী এজনীক লগ পায়। তেওঁলোকৰ লগ পোৱাটো লাহে লাহে প্ৰেমলৈ পৰিণত হ’ল আৰু বিষয়টো আগবাঢ়ি গ’ল। 

ভুক্তভোগী স্বামীৰ মতে, ৰীনাই তেওঁৰ লগত বিয়া হ’বলৈ সন্মত হয়। দুয়োজনে মন্দিৰত হিন্দু ৰীতি-নীতি অনুসৰি বিয়া পাতিছিল। বিয়াৰ পিছত পত্নী ৰীনাৰ সৈতে অনিল ৰাজভৰ গাঁৱলৈ আহিছিল। তেওঁ কয় যে একেলগে থকা ৯ বছৰত ৰীনাৰ ৩টা সন্তানো হৈছিল। দুয়োৰে জীৱনটো ভালেই চলি আছিল। ঘৰুৱা বিবাদো নাছিল।

৯ বছৰৰ পাছতো স্বামীয়ে সপোনতো এই অশুভ ঘটনাৰ কথা ভবা নাছিল। এতিয়া ভুক্তভোগী স্বামী অনিলে কয় যে তেওঁৰ পত্নী ৰীনাই মানুহক প্ৰতাৰণা কৰি বিয়া পাতি তাৰপাছত কেইবছৰমান একেলগে থকাৰ পাছত পলাই যায়। স্বামীৰ মতে, ৰীনাৰ ছলনাৰ বাবে বহু যুৱকৰ জীৱন ধ্বংস হৈছে। তেওঁৰ পত্নীয়ে আগতে ৩ বাৰ বিয়া পাতিছিল। তিনিওজন স্বামীক এৰি তেওঁ অনিল ৰাজভৰক প্ৰেমৰ জালত আৱদ্ধ কৰি চতুৰ্থবাৰৰ বাবে বিয়া পাতিলে। স্বামীয়ে কয় যে ৯ বছৰীয়া বিবাহ জীৱনৰ পিছত পত্নীয়ে পুনৰবাৰ পঞ্চম প্ৰেমিকৰ সৈতে পলায়ন কৰিছে।

স্বামীয়ে জনোৱা মতে, পত্নীয়ে কাৰোবাৰ লগত সদায় ফোনত কথা পাতিছিল। এদিন সোধা-পোছা কৰাত পত্নীয়ে উত্তৰ ভালকৈ নিদিলে। ঘটনা সন্দৰ্ভত স্বামীয়ে আৰক্ষীক অৱগত কৰে। আনকি আৰক্ষীয়েও নিৰুদ্দেশ হোৱা পত্নীক বিচাৰি উলিয়াব পৰা নাই। পলায়নৰ পূৰ্বে পত্নীয়ে ঘৰতে পৰিচয় পত্ৰ এৰি থৈ গৈছে। পত্নীয়ে নতুন পৰিচয় গঢ়িবলৈ ওলাইছে বুলি সন্দেহ কৰিছে স্বামীয়ে। আগতেও তেওঁ নতুন পৰিচয় সৃষ্টি কৰি মানুহক প্ৰেমৰ জালত আবদ্ধ কৰিছে। নতুন পৰিচয় লৈ ৰীনাই পঞ্চম প্ৰেমিকৰ সৈতে পলায়ন কৰিছে। বৰ্তমান এই বিষয়টো আৰক্ষীৰ বাবেও এক প্ৰহেলিকা হৈয়েই আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
আগষ্টত ২০০০ কোটি UPI লেনদেন
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান