--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেমৰ ভৰত যেন কোঙা হৈ পৰিছে সমাজ। বোৱাৰী পলায়ন ঘটনা আজিকালি নিত্য নৈমত্তিক ঘটনা যেন হৈ পৰিছে। ক'ৰবাত যদি বোৱাৰী অন্য পুৰুষলৈ পলায়ন কৰিছে ক'ৰবাত আক কোনো পুৰুষে পত্নী থাকোতেই চপাই লৈছে অন্য কোনো মহিলা। উত্তৰ প্ৰদেশৰ আজমগড়ত চৰ্চালৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। 

এগৰাকী মহিলাই ৪ নম্বৰৰ স্বামীক এৰি পঞ্চম প্ৰেমিকলৈ পলায়ন কৰিছে। ৯ বছৰ একেলগে থকাৰ পিছত হঠাতে চতুৰ্থ স্বামীক এৰি নিৰুদ্দেশ হয় মহিলাগৰাকী। তিনি সন্তানৰ সৈতে চতুৰ্থ স্বামী থানাত উপস্থিত হৈ ন্যায়ৰ বাবে কাতৰ অনুৰোধ কৰে। 

মানুহজনৰ এই ঘটনা শুনি আৰক্ষীয়ো আচৰিত হৈ পৰে। স্বামীৰ অভিযোগ যে পত্নীয়ে পঞ্চম প্ৰেমিকৰ সৈতে পলায়ন কৰিছে। এই গোচৰটো আহৰৌলা থানা এলেকাৰ চকব্ৰাভানি গাঁৱৰ। অনিল ৰাজভৰে নামৰ লোকজনে আগতে চণ্ডীগড়ত কাম কৰিছিল। চণ্ডীগড়ত ৰীনা নামৰ ছোৱালী এজনীক লগ পায়। তেওঁলোকৰ লগ পোৱাটো লাহে লাহে প্ৰেমলৈ পৰিণত হ’ল আৰু বিষয়টো আগবাঢ়ি গ’ল। 

ভুক্তভোগী স্বামীৰ মতে, ৰীনাই তেওঁৰ লগত বিয়া হ’বলৈ সন্মত হয়। দুয়োজনে মন্দিৰত হিন্দু ৰীতি-নীতি অনুসৰি বিয়া পাতিছিল। বিয়াৰ পিছত পত্নী ৰীনাৰ সৈতে অনিল ৰাজভৰ গাঁৱলৈ আহিছিল। তেওঁ কয় যে একেলগে থকা ৯ বছৰত ৰীনাৰ ৩টা সন্তানো হৈছিল। দুয়োৰে জীৱনটো ভালেই চলি আছিল। ঘৰুৱা বিবাদো নাছিল।

৯ বছৰৰ পাছতো স্বামীয়ে সপোনতো এই অশুভ ঘটনাৰ কথা ভবা নাছিল। এতিয়া ভুক্তভোগী স্বামী অনিলে কয় যে তেওঁৰ পত্নী ৰীনাই মানুহক প্ৰতাৰণা কৰি বিয়া পাতি তাৰপাছত কেইবছৰমান একেলগে থকাৰ পাছত পলাই যায়। স্বামীৰ মতে, ৰীনাৰ ছলনাৰ বাবে বহু যুৱকৰ জীৱন ধ্বংস হৈছে। তেওঁৰ পত্নীয়ে আগতে ৩ বাৰ বিয়া পাতিছিল। তিনিওজন স্বামীক এৰি তেওঁ অনিল ৰাজভৰক প্ৰেমৰ জালত আৱদ্ধ কৰি চতুৰ্থবাৰৰ বাবে বিয়া পাতিলে। স্বামীয়ে কয় যে ৯ বছৰীয়া বিবাহ জীৱনৰ পিছত পত্নীয়ে পুনৰবাৰ পঞ্চম প্ৰেমিকৰ সৈতে পলায়ন কৰিছে।

স্বামীয়ে জনোৱা মতে, পত্নীয়ে কাৰোবাৰ লগত সদায় ফোনত কথা পাতিছিল। এদিন সোধা-পোছা কৰাত পত্নীয়ে উত্তৰ ভালকৈ নিদিলে। ঘটনা সন্দৰ্ভত স্বামীয়ে আৰক্ষীক অৱগত কৰে। আনকি আৰক্ষীয়েও নিৰুদ্দেশ হোৱা পত্নীক বিচাৰি উলিয়াব পৰা নাই। পলায়নৰ পূৰ্বে পত্নীয়ে ঘৰতে পৰিচয় পত্ৰ এৰি থৈ গৈছে। পত্নীয়ে নতুন পৰিচয় গঢ়িবলৈ ওলাইছে বুলি সন্দেহ কৰিছে স্বামীয়ে। আগতেও তেওঁ নতুন পৰিচয় সৃষ্টি কৰি মানুহক প্ৰেমৰ জালত আবদ্ধ কৰিছে। নতুন পৰিচয় লৈ ৰীনাই পঞ্চম প্ৰেমিকৰ সৈতে পলায়ন কৰিছে। বৰ্তমান এই বিষয়টো আৰক্ষীৰ বাবেও এক প্ৰহেলিকা হৈয়েই আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস