--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ তেজেৰে পুনৰ ৰাঙলী হ’ল ভূস্বৰ্গ কাশ্মীৰৰ ভূমি।  শুকুৰবাৰে সন্ধিয়া কুলগামৰ হালান বনাঞ্চলত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে তালাচী অভিযান চলাই থকাৰ সময়তে পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। 

কুলগাম জিলাত সংঘটিত এই আক্ৰমণৰ ঘটনাত  তিনিজন সেনা জোৱান নিহত হৈছে। সেনাৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ কথা গম পোৱাৰ  পিছতেই  শুকুৰবাৰে সন্ধিয়া কুলগামৰ হালান বনাঞ্চলত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে।যুটীয়া বাহিনীয়ে হাবিৰ মাজত  চাৰিওফালৰ পৰা সন্ত্ৰাসবাদীৰ দলটোক  ঘেৰি ধৰাৰ সময়তে সন্ত্ৰাসবাদীয়ে  জোৱানসকলৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। সন্ত্ৰাসবাদীৰ  গুলীচালনাত তিনিজন সেনা জোৱান থিতাতে  নিহত হয়। সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ দলটোক আটক কৰিবলৈ  এতিয়াও অভিযান চলি আছে।

ভাৰতীয় সেনাই  টুইটযোগে কয়, "কুলগামৰ হালানতস ন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পোৱাৰ পিছত শুকুৰবাৰে সন্ধিয়া নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰে।" সেনাই এইবুলিও  কৈছেযে অঞ্চলটোলৈ অধিক সৈন্য প্ৰেৰণ কৰা হৈছে আৰু অভিযান তীব্ৰতৰ কৰা হৈছে।

উল্লেখ্য চলিত বৰ্ষৰ এপ্ৰিল আৰু মে’ মাহত কাশ্মীৰৰ  পুঞ্চ আৰু ৰাজৌৰী জিলাত দুটা পৃথক সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতীয় সেনাৰ ১০ জন জোৱান নিহত হৈছিল।














FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস