--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়া আৰু ভাৰতকলৈ চলি আছে বিতৰ্ক। এনে বিতৰ্কৰ মাজতে কংগ্ৰেছ নেতা শশী থাৰুৰে বুধবাৰে এটা বিশেষ প্ৰস্তাৱ দিয়ে। থাৰুৰে বিৰোধীৰ মিত্ৰজোঁট  ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স (ইণ্ডিয়া)ৰ  নাম সলনি কৰি ভাৰত ৰখাৰ প্ৰস্তাৱ দিয়ে।  থাৰুৰে কয় যে বিৰোধী দলসমূহৰ মিত্ৰজোঁটক ভাৰত নামেৰে নামকৰণ কৰা উচিত, যাৰ অৰ্থ হৈছে Betterment, Harmony And Responsible Advancement for Tomorrow '(BHARAT)। তেওঁ আশা কৰিছে যে বিৰোধী মিত্ৰজোঁটৰ এনে নাম সলনিয়ে  বিজেপিক দেশৰ নাম সলনি কৰাৰ  খেল বন্ধ কৰিব।

 উল্লেখ্য ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে সাধাৰণ 'প্ৰেছিডেণ্ট অব ইণ্ডিয়া'ৰ পৰিৱৰ্তে 'ভাৰতৰ ৰাষ্ট্ৰপতি' বাক্যষাৰ ব্যৱহাৰ কৰি ৯ ছেপ্টেম্বৰত জি-২০ নৈশ ভোজৰ বাবে আমন্ত্ৰণ পত্ৰ  প্ৰকাশ কৰিছিল৷ ইয়াৰ পিছতে বিজেপিয়ে দেশৰ নাম ইণ্ডিয়াৰ সলনি ভাৰত কৰিব বুলি কথা ওলাইছিল৷ আনকি বহুতে সংসদৰ বিশেষ অধিৱেশন সেই উদ্দেশ্যেই আহ্বান কৰা বুলিও সন্দেহ ব্যক্ত কৰিছিল৷ এনে পৰিস্থিতিৰ মাজতে  থাৰুৰে বিৰোধী মিত্ৰজোঁটক নাম সলনি কৰাৰ পৰামৰ্শ দজিয়ে৷ থাৰেৰে  এক্সত পোষ্ট কৰি কয় , "আমি অৱশ্যে নিজকে এলায়েন্স ফৰ বেটাৰমেণ্ট বুলি ক'ব পাৰোঁ, কাইলৈৰ বাবে সম্প্ৰীতি আৰু দায়িত্বশীল উন্নতিৰ লক্ষ্য হ’ব  ভাৰতৰ। তেতিয়া হয়তো শাসকীয় দলে নাম সলনি কৰাৰ এই চমৎকাৰ খেলটো বন্ধ কৰিব পাৰে।" 

উল্লেখ্য কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী দলবোৰে ১৭ আৰু ১৮ জুলাইত কৰ্ণাটকৰ বাংগালুৰুত তেওঁলোকৰ দ্বিতীয় বৈঠকত তেওঁলোকৰ মিত্ৰতাক ইণ্ডিয়া  হিচাপে নামকৰণ কৰিছিল। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ইয়াৰ পূৰ্বে ইণ্ডিয়া  মিত্ৰজোঁটক আক্ৰমণ কৰি কৈছিল যে আনকি নিষিদ্ধ সন্ত্ৰাসবাদী গোট ইণ্ডিয়ান মুজাহিদীন আৰু ঔপনিৱেশিক ইষ্ট ইণ্ডিয়া কোম্পানীৰ নামৰ সৈতেও ইণ্ডিয়া শব্দটো আছে। প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলসমূহে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ প্ৰতি তেওঁৰ সঁহাৰিৰ পূৰ্বেও ইণ্ডিয়া নামটোকলৈ সমালোচনা কৰিছিল। 

তেওঁ বিজেপি সংসদীয় বৈঠকত তেওঁৰ দলৰ সাংসদসকলক সম্বোধন কৰি বিৰোধী মিত্ৰজোঁটক  অহংকাৰী বুলি অভিহিত কৰিছিল৷  কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ইণ্ডিয়ান মুজাহিদীনৰ সৈতে ভাৰতক একত্ৰিত কৰাৰ বাবে বিজেপিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল ৷







 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক