--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীয়ে ব্যৱসায়িক জগতত অপাৰ সফলতা কৰিছে। ভাৰতৰ আটাইতকৈ ধনী পৰিয়াল হোৱাৰ বাবে আম্বানীসকল আন ধনী পৰিয়ালৰ সৈতে সম্পৰ্কিত। তেনে এটা উদ্যোগী পৰিয়াল হ’ল পিৰামাল পৰিয়াল, আনন্দ পিৰামল যিজন অজয় পিৰামলৰ পুত্ৰ ঈশা আম্বানীৰ স্বামী। অজয় পিৰামল মুকেশ আম্বানীৰ 'বিয়ৈ' আৰু ঈশা আম্বানীৰ শহুৰেক। ভাৰতৰ অন্যতম ধনী উদ্যোগপতি হৈছে অজয় পিৰামল।

১৯৭৭ চনত ২২ বছৰ বয়সত অজয় পিৰামলে নিজৰ পৰিয়ালৰ বস্ত্ৰ ব্যৱসায়ত কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ কোম্পানীসমূহৰ নিয়ন্ত্ৰণ দখল কৰি এক বিশাল ঔষধৰ ব্যৱসায়িক  সাম্ৰাজ্য গঢ়ি তুলিছিল। সংঘবদ্ধ সংস্থাটোৰ প্ৰাথমিক ব্যৱসায় পিৰামাল এণ্টাৰপ্ৰাইজে বেছিভাগেই বিত্তীয় আৰু স্বাস্থ্য সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।উল্লেখ্য যে তেওঁৰ ককাক পিৰামল চত্ৰভুজে ১৯৩৪ চনত বস্ত্ৰ কোম্পানীটোৰ আৰম্ভ কৰিছিল।

গত সময়চোৱাত কেইবাটাও দুৰ্ঘটনাৰ সন্মুখীন হৈছিল পিৰামল পৰিয়াল। ১৯৭৯ চনত অজয় পিৰামলৰ পিতৃ গোপীকৃষ্ণ পিৰামলৰ আকস্মিক দেহাৱসান ঘটে।পাঁচ বছৰৰ পাছত কৰ্কট ৰোগত আক্ৰান্ত হৈ ডাঙৰ ভাতৃক হেৰুৱালে। পৰিস্থিতিৰ বাবে বাধ্য হৈ তেওঁ পৰিয়ালৰ ব্যৱসায়টো হাতত ল’বলৈ বাধ্য হৈছিল। তেওঁ পৰিয়ালৰ ব্যৱসায়ৰ পৰিসৰ বস্ত্ৰশিল্পৰ মাজতে সীমাবদ্ধ ৰাখিব বিচৰা নাছিল। ১৯৮৭ চনত তেওঁ নিকোলাছ লেবৰেটৰীজ ক্ৰয় কৰে।তেওঁ কোম্পানীটো সম্প্ৰসাৰণ কৰিলে। ২০১০ চনত তেওঁ এবট লেবছক তেওঁৰ শ্বেয়াৰসমূহ ৩.৮ বিলিয়ন ডলাৰত বিক্ৰী কৰে। 

গোটটোৰ উপাধ্যক্ষ অজয় পিৰামলৰ পত্নী স্বাতী পিৰামল। নন্দিনী আৰু আনন্দ পিৰামল দুয়োজনেই সংগঠনটোৰ ব’ৰ্ডত আছে। মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা এম বি এ স্নাতক অজয় পিৰামল। অজয় পিৰামলৰ সম্পত্তিৰ বৰ্তমান মূল্য ৩.৮ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৩১ হাজাৰ কোটি টকা। তেওঁলোকৰ বিয়াত ঈশা আম্বানী আৰু আনন্দ পিৰামলে বিয়াৰ উপহাৰ হিচাপে ৪৫০ কোটি টকাৰ এটা গৃহ উপহাৰ হিচাপে লাভ কৰিছিল।













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক