--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীয়ে ব্যৱসায়িক জগতত অপাৰ সফলতা কৰিছে। ভাৰতৰ আটাইতকৈ ধনী পৰিয়াল হোৱাৰ বাবে আম্বানীসকল আন ধনী পৰিয়ালৰ সৈতে সম্পৰ্কিত। তেনে এটা উদ্যোগী পৰিয়াল হ’ল পিৰামাল পৰিয়াল, আনন্দ পিৰামল যিজন অজয় পিৰামলৰ পুত্ৰ ঈশা আম্বানীৰ স্বামী। অজয় পিৰামল মুকেশ আম্বানীৰ 'বিয়ৈ' আৰু ঈশা আম্বানীৰ শহুৰেক। ভাৰতৰ অন্যতম ধনী উদ্যোগপতি হৈছে অজয় পিৰামল।

১৯৭৭ চনত ২২ বছৰ বয়সত অজয় পিৰামলে নিজৰ পৰিয়ালৰ বস্ত্ৰ ব্যৱসায়ত কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ কোম্পানীসমূহৰ নিয়ন্ত্ৰণ দখল কৰি এক বিশাল ঔষধৰ ব্যৱসায়িক  সাম্ৰাজ্য গঢ়ি তুলিছিল। সংঘবদ্ধ সংস্থাটোৰ প্ৰাথমিক ব্যৱসায় পিৰামাল এণ্টাৰপ্ৰাইজে বেছিভাগেই বিত্তীয় আৰু স্বাস্থ্য সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।উল্লেখ্য যে তেওঁৰ ককাক পিৰামল চত্ৰভুজে ১৯৩৪ চনত বস্ত্ৰ কোম্পানীটোৰ আৰম্ভ কৰিছিল।

গত সময়চোৱাত কেইবাটাও দুৰ্ঘটনাৰ সন্মুখীন হৈছিল পিৰামল পৰিয়াল। ১৯৭৯ চনত অজয় পিৰামলৰ পিতৃ গোপীকৃষ্ণ পিৰামলৰ আকস্মিক দেহাৱসান ঘটে।পাঁচ বছৰৰ পাছত কৰ্কট ৰোগত আক্ৰান্ত হৈ ডাঙৰ ভাতৃক হেৰুৱালে। পৰিস্থিতিৰ বাবে বাধ্য হৈ তেওঁ পৰিয়ালৰ ব্যৱসায়টো হাতত ল’বলৈ বাধ্য হৈছিল। তেওঁ পৰিয়ালৰ ব্যৱসায়ৰ পৰিসৰ বস্ত্ৰশিল্পৰ মাজতে সীমাবদ্ধ ৰাখিব বিচৰা নাছিল। ১৯৮৭ চনত তেওঁ নিকোলাছ লেবৰেটৰীজ ক্ৰয় কৰে।তেওঁ কোম্পানীটো সম্প্ৰসাৰণ কৰিলে। ২০১০ চনত তেওঁ এবট লেবছক তেওঁৰ শ্বেয়াৰসমূহ ৩.৮ বিলিয়ন ডলাৰত বিক্ৰী কৰে। 

গোটটোৰ উপাধ্যক্ষ অজয় পিৰামলৰ পত্নী স্বাতী পিৰামল। নন্দিনী আৰু আনন্দ পিৰামল দুয়োজনেই সংগঠনটোৰ ব’ৰ্ডত আছে। মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা এম বি এ স্নাতক অজয় পিৰামল। অজয় পিৰামলৰ সম্পত্তিৰ বৰ্তমান মূল্য ৩.৮ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৩১ হাজাৰ কোটি টকা। তেওঁলোকৰ বিয়াত ঈশা আম্বানী আৰু আনন্দ পিৰামলে বিয়াৰ উপহাৰ হিচাপে ৪৫০ কোটি টকাৰ এটা গৃহ উপহাৰ হিচাপে লাভ কৰিছিল।













FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান