ডিজিটেল ডেস্কঃ ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বাৰ্ষিকী 'জন্মাষ্টমী' সমগ্ৰ দেশতে পালন কৰা হয়। ভগৱান শ্ৰীকৃষ্ণৰ ৰঙেৰে ভক্তিত বিলীন সমগ্ৰ দেশ। আমি এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ বংশধৰসকলৰ বিষয়ে জানো আহক। ভগৱান শ্ৰীকৃষ্ণৰ এই বংশধৰ উত্তৰ প্ৰদেশত নহয়,বৰঞ্চ হিমাচল প্ৰদেশতহে আছে। ভগৱান শ্ৰীকৃষ্ণৰ বংশধৰসকলে সুন্দৰ পৰ্বতত বাস কৰে। বিশেষ কথাটো হ’ল এই পৰিয়ালটোৱেও ৰাজ্যৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰিছে। আমি ছয়বাৰ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা বীৰভদ্ৰ সিঙৰ পৰিয়ালৰ কথা কৈছোঁ।
বীৰভদ্ৰ সিং ভগৱান শ্ৰীকৃষ্ণৰ ১২২তম প্ৰজন্মৰ সদস্য। তেওঁৰ পুত্ৰ বিক্ৰমাদিত্য সিং ভগৱান শ্ৰীকৃষ্ণৰ ১২৩ তম প্ৰজন্মৰ সদস্য হোৱাৰ উপৰিও ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ মন্ত্ৰী। বুশ্বেহৰ পদ্ম প্ৰসাদত ৰখা বংশাৱলীই এই কথা নিশ্চিত কৰে। বিশেষ কথাটো হ’ল পিতৃ বীৰভদ্ৰ সিঙৰ পাছত পুত্ৰ বিক্ৰমাদিত্য সিঙো হিমাচল প্ৰদেশৰ ৰাজনীতিত পূৰ্ণ গতিত আগবাঢ়িছে। কোৱা হয় যে শোণিতপুৰত ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নে শাসন কৰিছিল।পাছলৈ এই শোণিতপুৰ সৰাহন হৈ পৰে আৰু বীৰভদ্ৰ সিংহৰ পুত্ৰ বিক্ৰমাদিত্য সিং বুশ্বহৰ ৰাজ্য সৰাহনৰ সদস্য। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ২০২১ চনৰ ৮ জুলাইত বীৰভদ্ৰ সিঙৰ মৃত্যু হয়। ভগৱান শ্ৰী কৃষ্ণৰ ১২১ সংখ্যক প্ৰজন্মৰ সদস্য পদম সিঙৰ নৱম পত্নী শান্তি দেৱীৰ পুত্ৰ বীৰভদ্ৰ সিঙে শিমলাৰ বিচপ কটন স্কুলত শিক্ষা গ্ৰহণ কৰাৰ পিছত দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত বি এ অনাৰ্ছ শিক্ষা গ্ৰহণ কৰে। তেওঁ ইতিহাসৰ অধ্যাপক হ’ব বিচাৰিছিল যদিও পাছলৈ তেওঁ ৰাজনীতিৰ পথাৰত আগবঢ়াৰ কথা পৰিকল্পনা কৰিছিল৷
বীৰভদ্ৰ সিঙে ১৯৬২ চনত প্ৰথমবাৰৰ বাবে মহাসু লোকসভাৰ আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়। বীৰভদ্ৰ সিং ৫ বাৰ লোকসভাৰ সাংসদ আৰু ৯ বাৰ বিধায়ক আছিল। ১৯৬২ চনত প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত জয়ী হোৱা বীৰভদ্ৰ সিং ১৯৬৭, ১৯৭১, ১৯৮০ আৰু ২০০৯ চনতো সাংসদ হৈছিল। এই সময়ছোৱাত তেওঁ প্ৰথমে ইন্দিৰা গান্ধীৰ আৰু তাৰ পাছত মনমোহন সিঙৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীও আছিল।
১৯৮৩ চনত দলৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁক পোনপটীয়াকৈ হিমাচলৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰে। ইয়াৰ পাছত ১৯৮৩ চনত অনুষ্ঠিত উপ-নিৰ্বাচনত তেওঁ জয়লাভ কৰে। ইয়াৰ পিছত তেওঁ ১৯৮৫, ১৯৯০, ১৯৯৩, ১৯৯৮, ২০০৩, ২০০৭, ২০১২ আৰু ২০১৭ চনতো বিধায়ক হয়। ৰোহৰু, জুব্বল, ছিমলা গ্ৰাম্য আৰু আৰ্কি বিধানসভাৰ আসনৰ পৰা বিধায়ক নিৰ্বাচিত হয়। বীৰভদ্ৰ সিঙে হিমাচল কংগ্ৰেছৰ সভাপতি আৰু বিধানসভাত বিৰোধী দলপতিৰ দায়িত্বও গ্ৰহণ কৰে। এতিয়া বীৰভদ্ৰ সিঙৰ পত্নী প্ৰতিভা সিং মণ্ডী সংসদীয় সমষ্টিৰ সাংসদ আৰু হিমাচল কংগ্ৰেছৰ সভাপতি আৰু পুত্ৰ বিক্ৰমাদিত্য সিং দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনত জয়ী হোৱাৰ পাছত চৰকাৰৰ মন্ত্ৰী।