--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বিৰোধী ঐক্যৰ কথা চলি থকাৰ মাজতে সমাগত লোকলভা নিৰ্বাচনত আপৰ বিৰুদ্ধে দিল্লীত প্ৰাৰ্থী থিয় কৰোৱাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে।  দিলল্লী  প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (ডিপিচিচি) লোকসভা নিৰ্বাচনত দিল্লীত আম আদমী পাৰ্টিৰ (আপ) সৈতে যুঁজ দিয়াৰ কথা চিন্তা কৰিছে । 

দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (ডিপিচিচি) শেহতীয়াকৈ এনে  প্ৰস্তাৱৰ কথা বিবেচনা কৰা বুলি জানিব পৰা গৈছে।  আপে বিৰোধী মিত্ৰজোঁটত নাথাকে বুলি এক প্ৰকাৰ স্থিতি স্পষ্ট কৰাৰ পিছতেই কংগ্ৰেছে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে। ফলত বিৰোধী মিত্ৰজোঁটলৈ আপ অহাৰ সম্ভাৱনা একেবাৰে নোহোৱা হ’ল বুলি বহুতে আলোচনা কৰিছে। 

অৱশ্যে কংগ্ৰেছৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে এই সিদ্ধান্ত এতিয়াও  চূড়ান্ত কৰা হোৱা নাই। হাইকমাণ্ডে ভোটৰ আগতে চূড়ান্ত সিদ্ধান্ত ল'ব বুলি সূত্ৰটোৱে কয়। কংগ্ৰেছে  দিল্লীৰ সাতখন লোকসভা আসনত আপৰ সৈতে কোনো বুজাবুজি নকৰিব বুলি আন এটা সূত্ৰই প্ৰকাশ কৰিছে। দিল্লীত কংগ্ৰেছ আৰু আপৰ মাজৰ সম্পৰ্ক এতিয়া অহি-নকুল সম্পৰ্কলৈ পৰ্যবসিত হৈছে। কংগ্ৰেছৰ এটা অংশই এতিয়াও বিশ্বাস কৰে যে আপৰ জন্ম কংগ্ৰেছক ৰাজনৈতিকভাৱে  ধ্বংস  কৰিবলৈ হৈছিল।

 পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা আপৰ সৈতে কংগ্ৰেছৰ  তিক্ততা বৃদ্ধি পাইছে। কেজৰিৱালৰ দলে কংগ্ৰেছক উৎখাত কৰিছিল আৰু পঞ্জাৱ দখল কৰিছিল।উল্লেখ্য দিল্লীত আপে বিধানসভা নিৰ্বাচনত জয়ী হৈছিল কিন্তু যোৱা লোকসভা নিৰ্বাচনত দিল্লীৰ সাতখন  লোকসভা আসনতে বিজেপিৰ হাতত পৰাজিত হৈছিল। এনে পৰিস্থিতিত কংগ্ৰেছৰ সৈতে মিত্তৰতা কৰিলে লোকসভা নিৰ্বাচনত দিল্লীত আপ লাভৱান হোৱাৰ আশা আছে বুলিও বহুতে মন্তব্য কৰিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান