--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বিৰোধী ঐক্যৰ কথা চলি থকাৰ মাজতে সমাগত লোকলভা নিৰ্বাচনত আপৰ বিৰুদ্ধে দিল্লীত প্ৰাৰ্থী থিয় কৰোৱাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে।  দিলল্লী  প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (ডিপিচিচি) লোকসভা নিৰ্বাচনত দিল্লীত আম আদমী পাৰ্টিৰ (আপ) সৈতে যুঁজ দিয়াৰ কথা চিন্তা কৰিছে । 

দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (ডিপিচিচি) শেহতীয়াকৈ এনে  প্ৰস্তাৱৰ কথা বিবেচনা কৰা বুলি জানিব পৰা গৈছে।  আপে বিৰোধী মিত্ৰজোঁটত নাথাকে বুলি এক প্ৰকাৰ স্থিতি স্পষ্ট কৰাৰ পিছতেই কংগ্ৰেছে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে। ফলত বিৰোধী মিত্ৰজোঁটলৈ আপ অহাৰ সম্ভাৱনা একেবাৰে নোহোৱা হ’ল বুলি বহুতে আলোচনা কৰিছে। 

অৱশ্যে কংগ্ৰেছৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে এই সিদ্ধান্ত এতিয়াও  চূড়ান্ত কৰা হোৱা নাই। হাইকমাণ্ডে ভোটৰ আগতে চূড়ান্ত সিদ্ধান্ত ল'ব বুলি সূত্ৰটোৱে কয়। কংগ্ৰেছে  দিল্লীৰ সাতখন লোকসভা আসনত আপৰ সৈতে কোনো বুজাবুজি নকৰিব বুলি আন এটা সূত্ৰই প্ৰকাশ কৰিছে। দিল্লীত কংগ্ৰেছ আৰু আপৰ মাজৰ সম্পৰ্ক এতিয়া অহি-নকুল সম্পৰ্কলৈ পৰ্যবসিত হৈছে। কংগ্ৰেছৰ এটা অংশই এতিয়াও বিশ্বাস কৰে যে আপৰ জন্ম কংগ্ৰেছক ৰাজনৈতিকভাৱে  ধ্বংস  কৰিবলৈ হৈছিল।

 পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা আপৰ সৈতে কংগ্ৰেছৰ  তিক্ততা বৃদ্ধি পাইছে। কেজৰিৱালৰ দলে কংগ্ৰেছক উৎখাত কৰিছিল আৰু পঞ্জাৱ দখল কৰিছিল।উল্লেখ্য দিল্লীত আপে বিধানসভা নিৰ্বাচনত জয়ী হৈছিল কিন্তু যোৱা লোকসভা নিৰ্বাচনত দিল্লীৰ সাতখন  লোকসভা আসনতে বিজেপিৰ হাতত পৰাজিত হৈছিল। এনে পৰিস্থিতিত কংগ্ৰেছৰ সৈতে মিত্তৰতা কৰিলে লোকসভা নিৰ্বাচনত দিল্লীত আপ লাভৱান হোৱাৰ আশা আছে বুলিও বহুতে মন্তব্য কৰিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস