--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজনীতিত শাৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিক শলঠেকত পেলাই দলটোৰ নেতা অজিত পাৱাৰকে ধৰি কেইবাজনো নেতাই এনডিএৰ সৈতে হাত মিলোৱাৰ   সময়তে  এনচিপিত ভাঙোন নিশ্চিত হৈ পৰিল। এনে সময়তে এনচিপিত শাৰদ পাৱাৰেই সৰ্বময় কৰ্তা হৈ ৰ’ব বুলি দলটোৰ আন নেতা-কৰ্মীসকলে মানি লৈছে।

ইয়াৰ লগতে এনচিপিয়ে বিদ্ৰোহী অজিত পাৱাৰৰ বিধায়ক পদ বাতিল কৰিবলৈ এখন আবেদন দাখিল কৰিছে। শাৰদ পাৱাৰৰ দলে ইতিমধ্যে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষৰ ওচৰত  অজিত পাৱাৰকে  ধৰি এনচিপিৰ নজন বিধায়কৰ বিধায়ক পদ খাৰিজ কৰিবলা  আবেদন দাখিল কৰিছে। মহাৰাষ্ট্ৰ এনচিপিৰ সভাপতি জয়ন্ত পাটিলে কয়  যে যদিও কেইজনমান  বিধায়ক আঁতৰি গৈছে,  দলৰ সকলো নেতা আৰু কৰ্মীৰ সমৰ্থন এতিয়াও শাৰদ পাৱাৰৰ প্ৰতিয়েই আছে। 

অজিত পাৱাৰে দেওবাৰে আবেলি বিজেপি-শিৱসেনা মিত্ৰজোঁট চৰকাৰত পোনপটীয়াকৈ ভাগ লৈ  মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অজিত পাৱাৰৰ এনে কাৰ্যই ৰাজ্য খনত এনচিপিক বাৰুকৈয়ে শলঠেকত পেলায়।  

দেওবাৰে নিশা পাটিলে কৈছিল, " আমাৰ দলৰ অনুশাসন সমিতিৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে। বিধানসভাৰ অধ্যক্ষৰ ওচৰত নজনৰ বিধায়কৰ পদ বাতিল কৰিবলৈ এখন আবেদন দাখিল কৰা হৈছে। অধ্যক্ষক  যিমান সম্ভৱ সোনকালে বিধানসভাত বিষয়টো আলোচনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এনচিপিয়ে নিৰ্বাচন আয়োগৰো কাষ চাপিছে। দলটোৱে স্পষ্ট কৰি দিছে যে সকলো স্তৰৰ নেতা আৰু কৰ্মী তেওঁৰ শাৰদ পাৱাৰৰ বিদ্ৰোহী ভতিজাৰ সৈতে নহয়, শাৰদ পাৱাৰৰ সৈতেহে আছে।’’ 

তেওঁ লগতে কয়  "মাত্ৰ নজন বিধায়ককলৈ  এটা দল গঠন কৰিব নোৱাৰি। দলৰ মুৰব্বীৰ অনুমতি অবিহনে তেওঁলোকক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোৱা হৈছে। সেয়েহে, দলৰ নিয়ম অনুসৰি, তেওঁলোকক ইতিমধ্যে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। পাটিল অৱশ্যে এতিয়াও বিধায়কসকলকলৈ   আশাবাদী। তেওঁ কয়  যে এয়া  এতিয়াও প্ৰমাণিত হোৱা নাই যে বিধায়কসকলে দলটোৰ বিৰোধিতা কৰিছে। বহুতে এতিয়াও োৰদ পাৱাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে।’’

এনচিপিৰ কাৰ্যকৰী সভাপতি সুপ্ৰিয়া চুলেই অজিত পাৱাৰৰ  এনে আচৰণৰ বাবে অত্যন্ত দুঃখিত বুলি মন্তব্য কৰিছে। অৱশ্যে, তেওঁ নিশ্চিত যে অজিতৰ কাৰ্যই বিৰোধী ঐক্যক আঘাত হানিব নোৱাৰে। সুপ্ৰিয়াই কয় , "মই মোৰ দাদাৰ সৈতে অসন্মত হ'ব পাৰোঁ। কিন্তু এগৰাকী ভগ্নী হিচাপে, মই কেতিয়াও তেওঁৰ  সৈতে যুঁজিব নোৱাৰো।’’ সুপ্ৰিয়াৰ মতে, গণতন্ত্ৰত, সকলোৰে নিজা বিশ্বাস আৰু মতাদৰ্শ থাকিব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস