--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজনীতিত শাৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিক শলঠেকত পেলাই দলটোৰ নেতা অজিত পাৱাৰকে ধৰি কেইবাজনো নেতাই এনডিএৰ সৈতে হাত মিলোৱাৰ   সময়তে  এনচিপিত ভাঙোন নিশ্চিত হৈ পৰিল। এনে সময়তে এনচিপিত শাৰদ পাৱাৰেই সৰ্বময় কৰ্তা হৈ ৰ’ব বুলি দলটোৰ আন নেতা-কৰ্মীসকলে মানি লৈছে।

ইয়াৰ লগতে এনচিপিয়ে বিদ্ৰোহী অজিত পাৱাৰৰ বিধায়ক পদ বাতিল কৰিবলৈ এখন আবেদন দাখিল কৰিছে। শাৰদ পাৱাৰৰ দলে ইতিমধ্যে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষৰ ওচৰত  অজিত পাৱাৰকে  ধৰি এনচিপিৰ নজন বিধায়কৰ বিধায়ক পদ খাৰিজ কৰিবলা  আবেদন দাখিল কৰিছে। মহাৰাষ্ট্ৰ এনচিপিৰ সভাপতি জয়ন্ত পাটিলে কয়  যে যদিও কেইজনমান  বিধায়ক আঁতৰি গৈছে,  দলৰ সকলো নেতা আৰু কৰ্মীৰ সমৰ্থন এতিয়াও শাৰদ পাৱাৰৰ প্ৰতিয়েই আছে। 

অজিত পাৱাৰে দেওবাৰে আবেলি বিজেপি-শিৱসেনা মিত্ৰজোঁট চৰকাৰত পোনপটীয়াকৈ ভাগ লৈ  মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অজিত পাৱাৰৰ এনে কাৰ্যই ৰাজ্য খনত এনচিপিক বাৰুকৈয়ে শলঠেকত পেলায়।  

দেওবাৰে নিশা পাটিলে কৈছিল, " আমাৰ দলৰ অনুশাসন সমিতিৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে। বিধানসভাৰ অধ্যক্ষৰ ওচৰত নজনৰ বিধায়কৰ পদ বাতিল কৰিবলৈ এখন আবেদন দাখিল কৰা হৈছে। অধ্যক্ষক  যিমান সম্ভৱ সোনকালে বিধানসভাত বিষয়টো আলোচনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এনচিপিয়ে নিৰ্বাচন আয়োগৰো কাষ চাপিছে। দলটোৱে স্পষ্ট কৰি দিছে যে সকলো স্তৰৰ নেতা আৰু কৰ্মী তেওঁৰ শাৰদ পাৱাৰৰ বিদ্ৰোহী ভতিজাৰ সৈতে নহয়, শাৰদ পাৱাৰৰ সৈতেহে আছে।’’ 

তেওঁ লগতে কয়  "মাত্ৰ নজন বিধায়ককলৈ  এটা দল গঠন কৰিব নোৱাৰি। দলৰ মুৰব্বীৰ অনুমতি অবিহনে তেওঁলোকক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোৱা হৈছে। সেয়েহে, দলৰ নিয়ম অনুসৰি, তেওঁলোকক ইতিমধ্যে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। পাটিল অৱশ্যে এতিয়াও বিধায়কসকলকলৈ   আশাবাদী। তেওঁ কয়  যে এয়া  এতিয়াও প্ৰমাণিত হোৱা নাই যে বিধায়কসকলে দলটোৰ বিৰোধিতা কৰিছে। বহুতে এতিয়াও োৰদ পাৱাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে।’’

এনচিপিৰ কাৰ্যকৰী সভাপতি সুপ্ৰিয়া চুলেই অজিত পাৱাৰৰ  এনে আচৰণৰ বাবে অত্যন্ত দুঃখিত বুলি মন্তব্য কৰিছে। অৱশ্যে, তেওঁ নিশ্চিত যে অজিতৰ কাৰ্যই বিৰোধী ঐক্যক আঘাত হানিব নোৱাৰে। সুপ্ৰিয়াই কয় , "মই মোৰ দাদাৰ সৈতে অসন্মত হ'ব পাৰোঁ। কিন্তু এগৰাকী ভগ্নী হিচাপে, মই কেতিয়াও তেওঁৰ  সৈতে যুঁজিব নোৱাৰো।’’ সুপ্ৰিয়াৰ মতে, গণতন্ত্ৰত, সকলোৰে নিজা বিশ্বাস আৰু মতাদৰ্শ থাকিব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান