--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰ জ্বলিছে। প্ৰায় নিতৌ কমেও এজনকৈ হ’লেও লোক ৰাজ্য খনত নিহত হৈছে। হিংসাৰ যেন মুঠেও ওৰ পৰা নাই। এনে সময়তে উচ্চতম ন্যায়ালয়ে মণিপুৰৰ অস্থিৰতা সম্পৰ্কীয় কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰা আৰম্ভ কৰিছে। উচ্চতম ন্যায়ালয়ত আবেদনকাৰীসকলে দাবী কৰিছে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উত্তৰ-পূবৰ ৰাজ্যখনত হিংসা বন্ধ কৰাত ব্যৰ্থ হৈছে। 

উচ্চতম ন্যায়ালয়ে সোমবাৰে মণিপুৰৰ হিংসাৰ বিষয়ত ৰাজ্য চৰকাৰৰ পৰা স্থিতি প্ৰতিবেদন বিচাৰিছে। শনিবাৰে নিশা মণিপুৰৰ খোইজুমাণ্টাবি গাঁৱত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হয়। দুস্কৃতিকাৰীৰ গুলীত জুজনকৈ  'গ্ৰাম সেৱক' নিহত হয়।

দুমাহ ধৰি চলি থকা গোষ্ঠীগত  সংঘৰ্ষত মণিপুৰত এতিয়ালৈকে ১০০ ৰো অধিক লোক নিহত হৈছে।ৰাজ্য খনত  স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে। আনকি কেইবাজনো মন্ত্ৰীৰ ঘৰতো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

বিৰোধীয়ে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাই আহিছে। ৰাজ্য খনত চলি থকা অৰাজক পৰিস্থিতিৰ বাবেই  মুখ্যমন্ত্ৰী বীৰেন সিঙে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু পিছলৈ তেওঁ নিজৰ সিদ্ধান্ত সলনি কৰে। এনে সময়তে  মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিশদ বিবৰণ বিচাৰি উচ্চতম ন্যায়ালয়ে  স্থিতি প্ৰতিবেদন বিচাৰিছে।শীঘ্ৰে  বীৰেণ সিং চৰকাৰে মণিপুৰৰ পৰিস্তিতিৰ বিষয়ে উচ্চতম ন্যায়ালয়ত  এখন প্ৰতিবেদন দাখিল কৰিব লাগিব।

শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতত হাজিৰ থকা  ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই দাবী কৰে যে মণিপুৰৰ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক হৈ আহিছে। তাত পৰ্যাীপ্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। চৰকাৰে ৰাজ্যখনত শান্তিৰ পৰিবেশ ঘূৰাই আনিবলৈ  চেষ্টা চলাই  আছে। চৰকাৰক এইক্ষেত্ৰত  আৰু অলপ সময়ৰ প্ৰয়োজন হ’ব। অৱশ্যে ইয়াৰ বিপৰীতে  আবেদনকাৰীয়ে কয়  যে পৰিস্থিতি একেবাৰে স্বাভাৱিক হোৱা নাই। এতিয়ালৈকে ১১০ জন লোকৰ মৃত্যু হৈছে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত মণিপুৰৰ পৰিস্থিতিৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰা বাবেই  আদালতে ৰাজ্য চৰকাৰৰ পৰা স্থিতি প্ৰতিবেদন বিচাৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ