--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰ জ্বলিছে। প্ৰায় নিতৌ কমেও এজনকৈ হ’লেও লোক ৰাজ্য খনত নিহত হৈছে। হিংসাৰ যেন মুঠেও ওৰ পৰা নাই। এনে সময়তে উচ্চতম ন্যায়ালয়ে মণিপুৰৰ অস্থিৰতা সম্পৰ্কীয় কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰা আৰম্ভ কৰিছে। উচ্চতম ন্যায়ালয়ত আবেদনকাৰীসকলে দাবী কৰিছে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উত্তৰ-পূবৰ ৰাজ্যখনত হিংসা বন্ধ কৰাত ব্যৰ্থ হৈছে। 

উচ্চতম ন্যায়ালয়ে সোমবাৰে মণিপুৰৰ হিংসাৰ বিষয়ত ৰাজ্য চৰকাৰৰ পৰা স্থিতি প্ৰতিবেদন বিচাৰিছে। শনিবাৰে নিশা মণিপুৰৰ খোইজুমাণ্টাবি গাঁৱত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হয়। দুস্কৃতিকাৰীৰ গুলীত জুজনকৈ  'গ্ৰাম সেৱক' নিহত হয়।

দুমাহ ধৰি চলি থকা গোষ্ঠীগত  সংঘৰ্ষত মণিপুৰত এতিয়ালৈকে ১০০ ৰো অধিক লোক নিহত হৈছে।ৰাজ্য খনত  স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে। আনকি কেইবাজনো মন্ত্ৰীৰ ঘৰতো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

বিৰোধীয়ে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাই আহিছে। ৰাজ্য খনত চলি থকা অৰাজক পৰিস্থিতিৰ বাবেই  মুখ্যমন্ত্ৰী বীৰেন সিঙে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু পিছলৈ তেওঁ নিজৰ সিদ্ধান্ত সলনি কৰে। এনে সময়তে  মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিশদ বিবৰণ বিচাৰি উচ্চতম ন্যায়ালয়ে  স্থিতি প্ৰতিবেদন বিচাৰিছে।শীঘ্ৰে  বীৰেণ সিং চৰকাৰে মণিপুৰৰ পৰিস্তিতিৰ বিষয়ে উচ্চতম ন্যায়ালয়ত  এখন প্ৰতিবেদন দাখিল কৰিব লাগিব।

শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতত হাজিৰ থকা  ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই দাবী কৰে যে মণিপুৰৰ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক হৈ আহিছে। তাত পৰ্যাীপ্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। চৰকাৰে ৰাজ্যখনত শান্তিৰ পৰিবেশ ঘূৰাই আনিবলৈ  চেষ্টা চলাই  আছে। চৰকাৰক এইক্ষেত্ৰত  আৰু অলপ সময়ৰ প্ৰয়োজন হ’ব। অৱশ্যে ইয়াৰ বিপৰীতে  আবেদনকাৰীয়ে কয়  যে পৰিস্থিতি একেবাৰে স্বাভাৱিক হোৱা নাই। এতিয়ালৈকে ১১০ জন লোকৰ মৃত্যু হৈছে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত মণিপুৰৰ পৰিস্থিতিৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰা বাবেই  আদালতে ৰাজ্য চৰকাৰৰ পৰা স্থিতি প্ৰতিবেদন বিচাৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান