--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দুদিন পূৰ্বে স্থিতি স্পষ্ট কৰিলে আম আদমী পাৰ্টীয়ে৷ ৰাষ্ট্ৰপতি নিৰ্বাচনত যশোৱন্ত সিনহা আৰু দ্ৰৌপদী মুৰ্মুৱে অৱতীৰ্ণ হোৱাৰ পাছত প্ৰতিটো ৰাজনৈতিক দলৰে দৃষ্টি নিবদ্ধ আছিল আম আদমী পাৰ্টীৰ ওপৰত৷ আম আদমী পাৰ্টীৰ ৰাজনৈতিক পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ পাছত আজি দলটোৱে ঘোষণা কৰে যে দলটোৱে ১৮ জুলাইৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক সমৰ্থন কৰিব। আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে এই ঘোষণা কৰে।

দলটোৰ ৰাজনৈতিক পৰামৰ্শদাতা সমিতিৰ (পিএচি) বৈঠকৰ পিছত তেওঁ কয়, আমাৰ এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ প্ৰতি সন্মান আছে কিন্তু আমি যশোৱন্ত সিনহাজীক সমৰ্থন কৰিম। দিল্লী আৰু পঞ্জাব, এই দুখন ৰাজ্যত চৰকাৰ থকা একমাত্ৰ অ-বিজেপি, অ-কংগ্ৰেছী দল হৈছে আপ। দিল্লীৰ তিনিজনকে ধৰি দুয়োখন ৰাজ্যৰ পৰা ইয়াৰ ১০গৰাকী ৰাজ্যসভাৰ সাংসদ আছে।

লগতে, দলটোৰ মুঠ ১৫৬জন বিধায়ক আছে, যাৰ ভিতৰত পঞ্জাবত ৯২জন, দিল্লীত ৬২জন আৰু গোৱাত দুজন বিধায়ক আছে৷

এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ, পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল গোপালকৃষ্ণ গান্ধী আৰু নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাই দৌৰৰ পৰা বাহিৰ হোৱাৰ পাছত সিনহা কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহৰ সৰ্বসন্মত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰে।

তেওঁ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ দ্বাৰা বাচনি কৰা প্ৰাৰ্থী দ্ৰৌপাদী মুৰ্মুৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে।
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটদান সোমবাৰে অনুষ্ঠিত হ’ব আৰু ভোটগণনা ২১ জুলাইত অনুষ্ঠিত হ'ব।

বিজেডি, ৱাইএছআৰ কংগ্ৰেছ, বিজু জনতা দল, বহুজন সমাজ পাৰ্টি, শিৰোমণি আকালি দল আৰু শিৱসেনাৰ দৰে কিছুমান আঞ্চলিক দলৰ সমৰ্থন লাভ কৰাৰ পিছত মুৰ্মুৰ ভোটৰ অংশ ইতিমধ্যে ৬০ শতাংশ অতিক্ৰম কৰিছে। তেওঁৰ মনোনয়নৰ সময়ত এইটো প্ৰায় ৫০ শতাংশ আছিল৷ নিৰ্বাচিত হ’লে ৬৪ বছৰীয়া মুৰ্মু হ’ব ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী জনজাতীয় মহিলা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ