--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দুদিন পূৰ্বে স্থিতি স্পষ্ট কৰিলে আম আদমী পাৰ্টীয়ে৷ ৰাষ্ট্ৰপতি নিৰ্বাচনত যশোৱন্ত সিনহা আৰু দ্ৰৌপদী মুৰ্মুৱে অৱতীৰ্ণ হোৱাৰ পাছত প্ৰতিটো ৰাজনৈতিক দলৰে দৃষ্টি নিবদ্ধ আছিল আম আদমী পাৰ্টীৰ ওপৰত৷ আম আদমী পাৰ্টীৰ ৰাজনৈতিক পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ পাছত আজি দলটোৱে ঘোষণা কৰে যে দলটোৱে ১৮ জুলাইৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক সমৰ্থন কৰিব। আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে এই ঘোষণা কৰে।

দলটোৰ ৰাজনৈতিক পৰামৰ্শদাতা সমিতিৰ (পিএচি) বৈঠকৰ পিছত তেওঁ কয়, আমাৰ এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ প্ৰতি সন্মান আছে কিন্তু আমি যশোৱন্ত সিনহাজীক সমৰ্থন কৰিম। দিল্লী আৰু পঞ্জাব, এই দুখন ৰাজ্যত চৰকাৰ থকা একমাত্ৰ অ-বিজেপি, অ-কংগ্ৰেছী দল হৈছে আপ। দিল্লীৰ তিনিজনকে ধৰি দুয়োখন ৰাজ্যৰ পৰা ইয়াৰ ১০গৰাকী ৰাজ্যসভাৰ সাংসদ আছে।

লগতে, দলটোৰ মুঠ ১৫৬জন বিধায়ক আছে, যাৰ ভিতৰত পঞ্জাবত ৯২জন, দিল্লীত ৬২জন আৰু গোৱাত দুজন বিধায়ক আছে৷

এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ, পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল গোপালকৃষ্ণ গান্ধী আৰু নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাই দৌৰৰ পৰা বাহিৰ হোৱাৰ পাছত সিনহা কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহৰ সৰ্বসন্মত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰে।

তেওঁ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ দ্বাৰা বাচনি কৰা প্ৰাৰ্থী দ্ৰৌপাদী মুৰ্মুৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে।
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটদান সোমবাৰে অনুষ্ঠিত হ’ব আৰু ভোটগণনা ২১ জুলাইত অনুষ্ঠিত হ'ব।

বিজেডি, ৱাইএছআৰ কংগ্ৰেছ, বিজু জনতা দল, বহুজন সমাজ পাৰ্টি, শিৰোমণি আকালি দল আৰু শিৱসেনাৰ দৰে কিছুমান আঞ্চলিক দলৰ সমৰ্থন লাভ কৰাৰ পিছত মুৰ্মুৰ ভোটৰ অংশ ইতিমধ্যে ৬০ শতাংশ অতিক্ৰম কৰিছে। তেওঁৰ মনোনয়নৰ সময়ত এইটো প্ৰায় ৫০ শতাংশ আছিল৷ নিৰ্বাচিত হ’লে ৬৪ বছৰীয়া মুৰ্মু হ’ব ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী জনজাতীয় মহিলা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু