--°C
Loading...
Listen to Article
2 min read
80%


পাকিস্তান চৰকাৰে দেশদ্ৰোহীতাৰ বাবে সোধা-পোছা আৰম্ভ কৰিব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক৷ সোধা-পোছাৰ বাবে ইতিমধ্যে পাকিস্তান চৰকাৰে এখন কমিটি গঠন কৰিছে বুলিও জানিব পৰা গৈছে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী হোৱাৰ উপৰিও ইমৰান খান পাকিস্তান তহৰীক - এ- ইনসাফ দলৰো মুখ্য নেতা৷ বৰ্তমান এটাৰ পিচত আনটো বিপদে পিছ নেৰা হৈছে ইমৰান খানক৷ ইমৰান খানৰ ওপৰত তদন্ত কৰাৰ বাবে কমিটিখন যোৱা  শুকুৰবাৰে পাকিস্তান চৰকাৰে গঠন কৰিছিল বুলি জানিব পৰা গৈছে৷ এই কমিটিয়ে ইমৰান খানৰ বিৰুদ্ধে থকা গোচৰৰ তদন্ত কৰিব আৰু তদন্তৰ ভিত্তিত উচিত সিদ্ধান্ত গ্ৰহণ কৰিব৷

 তথ্য মন্ত্ৰী মৰিয়ম ঔৰংগজেৱে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, তদন্তৰ বাবে এখন কমিটি গঠন কৰিবলৈ তেওঁয়েই পৰামৰ্শ আগবঢ়াইছিল৷ পিটিআইৰ নেতা ইমৰান খান সংবিধানৰ ৬ নং অনুচ্ছেদ উলংঘন কৰাৰ বাবে দোষী হয় নে নহয় তাৰ ওপৰত এই কমিটিয়ে তদন্ত কৰিব বুলিও তথ্যমন্ত্ৰী মৰিয়ম ঔৰংগজেৱে জানিবলৈ দিয়ে৷

পাকিস্তানৰ সংবিধানৰ ৬ নং অনুচ্ছেদ অনুসৰি কোনো ব্যক্তিয়ে বলপূৰ্বকভাৱে বা আন কোনো অসাংবিধানিক উপায়েৰে সংবিধান উলংঘন কৰে বা সংবিধান বিৰোধী কোনো অভিসন্ধি ৰচনা কৰে তেন্তে উক্ত ব্যক্তিজনক দেশদ্ৰোহীতাৰ গোচৰত অভিযুক্ত কৰা হ’ব৷এই অপৰাধত দোষী সাব্যস্ত হ’লে প্ৰাণদণ্ড দিয়াৰো উদাহৰণ আছে৷

আইনমন্ত্ৰী আজম নজীৰ তৰাৰ উপস্থিতত  তদন্ত কমিটিখনে কাম-কাজ সমূহ আগবঢ়াব ৷ মন্ত্ৰী পৰিষদৰ বৈঠকত কমিটিখনে সকলো তথ্য দাখিল কৰিব৷
মন্ত্ৰী মৰিয়ম ঔৰংগজেৱে পুনৰ কয় যে, উচ্চতম ন্যায়ালয়ৰ ঘোষণাত ইতিমধ্যে ইমৰান খানে সংবিধান বিৰোধী কাম কৰিছে বুলি প্ৰকাশ পাইছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু