--°C
Loading...
Listen to Article
2 min read
80%


পাকিস্তান চৰকাৰে দেশদ্ৰোহীতাৰ বাবে সোধা-পোছা আৰম্ভ কৰিব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক৷ সোধা-পোছাৰ বাবে ইতিমধ্যে পাকিস্তান চৰকাৰে এখন কমিটি গঠন কৰিছে বুলিও জানিব পৰা গৈছে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী হোৱাৰ উপৰিও ইমৰান খান পাকিস্তান তহৰীক - এ- ইনসাফ দলৰো মুখ্য নেতা৷ বৰ্তমান এটাৰ পিচত আনটো বিপদে পিছ নেৰা হৈছে ইমৰান খানক৷ ইমৰান খানৰ ওপৰত তদন্ত কৰাৰ বাবে কমিটিখন যোৱা  শুকুৰবাৰে পাকিস্তান চৰকাৰে গঠন কৰিছিল বুলি জানিব পৰা গৈছে৷ এই কমিটিয়ে ইমৰান খানৰ বিৰুদ্ধে থকা গোচৰৰ তদন্ত কৰিব আৰু তদন্তৰ ভিত্তিত উচিত সিদ্ধান্ত গ্ৰহণ কৰিব৷

 তথ্য মন্ত্ৰী মৰিয়ম ঔৰংগজেৱে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, তদন্তৰ বাবে এখন কমিটি গঠন কৰিবলৈ তেওঁয়েই পৰামৰ্শ আগবঢ়াইছিল৷ পিটিআইৰ নেতা ইমৰান খান সংবিধানৰ ৬ নং অনুচ্ছেদ উলংঘন কৰাৰ বাবে দোষী হয় নে নহয় তাৰ ওপৰত এই কমিটিয়ে তদন্ত কৰিব বুলিও তথ্যমন্ত্ৰী মৰিয়ম ঔৰংগজেৱে জানিবলৈ দিয়ে৷

পাকিস্তানৰ সংবিধানৰ ৬ নং অনুচ্ছেদ অনুসৰি কোনো ব্যক্তিয়ে বলপূৰ্বকভাৱে বা আন কোনো অসাংবিধানিক উপায়েৰে সংবিধান উলংঘন কৰে বা সংবিধান বিৰোধী কোনো অভিসন্ধি ৰচনা কৰে তেন্তে উক্ত ব্যক্তিজনক দেশদ্ৰোহীতাৰ গোচৰত অভিযুক্ত কৰা হ’ব৷এই অপৰাধত দোষী সাব্যস্ত হ’লে প্ৰাণদণ্ড দিয়াৰো উদাহৰণ আছে৷

আইনমন্ত্ৰী আজম নজীৰ তৰাৰ উপস্থিতত  তদন্ত কমিটিখনে কাম-কাজ সমূহ আগবঢ়াব ৷ মন্ত্ৰী পৰিষদৰ বৈঠকত কমিটিখনে সকলো তথ্য দাখিল কৰিব৷
মন্ত্ৰী মৰিয়ম ঔৰংগজেৱে পুনৰ কয় যে, উচ্চতম ন্যায়ালয়ৰ ঘোষণাত ইতিমধ্যে ইমৰান খানে সংবিধান বিৰোধী কাম কৰিছে বুলি প্ৰকাশ পাইছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ