--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত  ইটোৰ পাছত সিটো যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আহিছে৷তেনে সময়তে সৌভাগ্য ক্ৰমে এজাক বান্দৰৰ বাবে ধৰ্ষণৰ পৰা ৰক্ষা পৰিল ছবছৰীয়া ছোৱালী৷ উত্তৰ প্ৰদেশৰ বাঘপাটৰ এখন গাঁৱত এজন যুৱকে ছবছৰীয়া ছোৱালী এজনীক প্ৰলোভিত কৰি নি ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা খবৰ পোহৰলৈ আছে। ইফালে তেনে সময়তে বান্দৰৰ এটা জাক সেই স্থানত উপস্থিত হয় আৰু বান্দৰৰ ভয়ত অভিযুক্ত যুৱকজনে ছোৱালীজনীক এৰি পলায়ন কৰিবলৈ বাধ্য হয়।

অভিযুক্তই কিশোৰীগৰাকীক লগত লৈ যোৱাৰ চিচিটিভি ফুটেজ পোহৰলৈ আহাৰ পাছতে যুৱকজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে কিশোৰীগৰাকীৰ পৰিয়ালে। বিচাৰৰ অন্তত অভিযুক্তৰ সন্ধানত ব্যস্ত হৈ পৰিছে আৰক্ষী। জানিব পৰা মতে প্ৰথমে ছোৱালীজনীৰ হাতত ধৰি বাদি মছজিদৰ ওচৰৰ ৰাজপথলৈ লৈ যোৱাৰ পাছত ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে। ইফালে তেনে সময়তে বান্দৰৰ দল এটাই যুঁজবাগৰ কৰি ওচৰ পায়। বান্দৰৰ জাক দেখি অভিযুক্তই ছোৱালীজনীক ঘটনাৰ কথা কাৰোবাৰ আগত ক’লে ছোৱালীজনীৰ লগতে পৰিয়ালৰ লোককো হত্যা কৰৰাৰ ভাবুকি দি সেই স্থান ত্যাগ কৰে। ঘটনাৰ পিছতে কিশোৰীগৰাকীয়ে ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰে।

ইয়াৰ পাছতে পৰিয়ালটোৱে ছোৱালীজনীৰ সৈতে থানাত উপস্থিত হৈ অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি গোচৰ ৰুজু কৰিবলৈ দাবী জনাইছে। আনহাতে অভিযুক্ত যুৱকজনে ছোৱালীজনীৰ হাতত ধৰি নিজৰ লগত লৈ যোৱাৰ দৃশ্য ৰাস্তাত লগোৱা চিচিটিভি কেমেৰাত বন্দী হয় আৰু আৰক্ষীয়ে চিচিটিভি কেমেৰাৰ ভিত্তিত অভিযুক্ত যুৱকজনৰ সন্ধানত অভিযান চলাইছে আৰক্ষীয়ে৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত যুৱকজনৰ সন্ধান আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক