--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেম বৰ মাৰাত্মক বস্তু। ই ধ্বংস কৰে মানুহৰ জীৱন, ঘৰ পৰিয়াল সকলো। তথাপিও মানুহে শিক্ষা নলয়। পৰকীয়া প্ৰেমৰ প্ৰকোপ ইমানেই বাঢ়িছে যে বৰ্তমান সমাজখন বৰ বেয়াকৈ আক্ৰান্ত হৈছে। ই বিয়পাইছে বিষবাষ্প।  

শেহতীয়াকৈ এক পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাহিনী পোহৰলৈ আহিছে। এই ঘটনা মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ।

এগৰাকী ৪০ বছৰীয়া বিবাহিত পুৰুষে পৰকীয়া প্ৰেম কৰিছিল এগৰাকী যুৱতীৰ সৈতে। ধুনীয়াকৈ নিজৰ সংসাৰখন চলি থকাৰ পাছতো, বুজনশীল, মৰমীয়াল পত্নী থকাৰ পাছতো তেওঁ অন্য যুৱতীৰ মাজত প্ৰেম বিচাৰি হাবাথুৰি খাইছিল।  কিন্তু সেই প্ৰেমিকাই তেওঁৰ জীৱন নৰকসদৃশ কৰি তুলিলে।

উজ্জয়িনীৰ চিমনগঞ্জা থানা এলেকাত এই ঘটনা সংঘটিত হয়। বিশ্ব বেংক কলনীৰ বাসিন্দা ৰামচৰণ জাটাভ (৪০ বছৰ) নামৰ ব্যক্তিজনে আত্মহত্যাৰ সিদ্ধান্ত লয়, কিয়নো তেওঁৰ অবৈধ প্ৰেমিকাই বহুদিন ধৰি তেওঁক মানাসিকভাৱে হাৰাহাস্তি কৰি আহিছিল। 

তেওঁ এটা ভিডিঅ’ বনাই য’ত তেওঁ কয় যে তেওঁৰ প্ৰেয়সীয়ে তেওঁক টকাৰ বিনিময়ত ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন কৰে। ৰামচৰণে কয় যে তেওঁ কেইবাবাৰো টকা দিছিল, কিন্তু প্ৰেমিকাৰ দাবী শেষ হোৱা নাছিল, আৰু শেহতীয়াকৈ প্ৰেমিকাই ৬ লাখ টকা দাবী কৰিছিল। এই কথাবোৰত বিৰক্ত হৈ ৰামচৰণে বিহ সেৱন কৰি নিজৰ জীৱনটো শেষ কৰাৰ চিন্তা কৰিলে।

ৰামচৰণে এটা ভিডিঅ’ বনাই পত্নীলৈ প্ৰেৰণ কৰে, য’ত তেওঁ আত্মহত্যাৰ কাৰণ আৰু বিহ সেৱন কৰাৰ কাৰণ বুজাই দিয়ে। তেওঁৰ পত্নীয়ে ভিডিঅ’টো দেখাৰ লগে লগে বন্ধু এজনৰ সৈতে সেই স্থানত উপস্থিত হৈ তেওঁক লৰালৰিকৈ চিকিৎসালয়ত ভৰ্তি কৰে।

চিকিৎসকে জনোৱা মতে, ৰামচৰণৰ অৱস্থা গুৰুতৰ, সময়মতে তেওঁক চিকিৎসালয়লৈ লৈ অহা বাবে পত্নীক ধন্যবাদ জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু