--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেম বৰ মাৰাত্মক বস্তু। ই ধ্বংস কৰে মানুহৰ জীৱন, ঘৰ পৰিয়াল সকলো। তথাপিও মানুহে শিক্ষা নলয়। পৰকীয়া প্ৰেমৰ প্ৰকোপ ইমানেই বাঢ়িছে যে বৰ্তমান সমাজখন বৰ বেয়াকৈ আক্ৰান্ত হৈছে। ই বিয়পাইছে বিষবাষ্প।  

শেহতীয়াকৈ এক পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাহিনী পোহৰলৈ আহিছে। এই ঘটনা মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ।

এগৰাকী ৪০ বছৰীয়া বিবাহিত পুৰুষে পৰকীয়া প্ৰেম কৰিছিল এগৰাকী যুৱতীৰ সৈতে। ধুনীয়াকৈ নিজৰ সংসাৰখন চলি থকাৰ পাছতো, বুজনশীল, মৰমীয়াল পত্নী থকাৰ পাছতো তেওঁ অন্য যুৱতীৰ মাজত প্ৰেম বিচাৰি হাবাথুৰি খাইছিল।  কিন্তু সেই প্ৰেমিকাই তেওঁৰ জীৱন নৰকসদৃশ কৰি তুলিলে।

উজ্জয়িনীৰ চিমনগঞ্জা থানা এলেকাত এই ঘটনা সংঘটিত হয়। বিশ্ব বেংক কলনীৰ বাসিন্দা ৰামচৰণ জাটাভ (৪০ বছৰ) নামৰ ব্যক্তিজনে আত্মহত্যাৰ সিদ্ধান্ত লয়, কিয়নো তেওঁৰ অবৈধ প্ৰেমিকাই বহুদিন ধৰি তেওঁক মানাসিকভাৱে হাৰাহাস্তি কৰি আহিছিল। 

তেওঁ এটা ভিডিঅ’ বনাই য’ত তেওঁ কয় যে তেওঁৰ প্ৰেয়সীয়ে তেওঁক টকাৰ বিনিময়ত ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন কৰে। ৰামচৰণে কয় যে তেওঁ কেইবাবাৰো টকা দিছিল, কিন্তু প্ৰেমিকাৰ দাবী শেষ হোৱা নাছিল, আৰু শেহতীয়াকৈ প্ৰেমিকাই ৬ লাখ টকা দাবী কৰিছিল। এই কথাবোৰত বিৰক্ত হৈ ৰামচৰণে বিহ সেৱন কৰি নিজৰ জীৱনটো শেষ কৰাৰ চিন্তা কৰিলে।

ৰামচৰণে এটা ভিডিঅ’ বনাই পত্নীলৈ প্ৰেৰণ কৰে, য’ত তেওঁ আত্মহত্যাৰ কাৰণ আৰু বিহ সেৱন কৰাৰ কাৰণ বুজাই দিয়ে। তেওঁৰ পত্নীয়ে ভিডিঅ’টো দেখাৰ লগে লগে বন্ধু এজনৰ সৈতে সেই স্থানত উপস্থিত হৈ তেওঁক লৰালৰিকৈ চিকিৎসালয়ত ভৰ্তি কৰে।

চিকিৎসকে জনোৱা মতে, ৰামচৰণৰ অৱস্থা গুৰুতৰ, সময়মতে তেওঁক চিকিৎসালয়লৈ লৈ অহা বাবে পত্নীক ধন্যবাদ জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক