--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত মুখলৈ পানী আহিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ। কিছু সকাহ পালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে। ইমৰাণ খানৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ দেওবাৰে নাকচ কৰিলে নেচনেল এচেম্বলীয়ে। এই অনাস্থা প্ৰস্তাৱক অসাংবিধানিক বুলি ঘোষণা কৰে উপাধ্যক্ষই। প্ৰস্তাৱ নাকচ হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰক সম্বোধন কৰি কয় যে তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ অল্বীক নেচনেল এচেম্বলী ভংগ কৰাৰ বাবে আহ্বান জনাইছে আৰু নিৰ্বাচনৰ উপদেশ দিছে।

উল্লেখ্য যে অনাস্থা প্ৰস্তাৱক লৈ আলোচনা হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী ইমৰান খান নেচনেল এচেম্বলীত উপস্থিত নাছিল।উপাধ্যক্ষৰ এই সিদ্ধান্তৰ পিছতে দেশবাসীক সম্বোধন কৰে ইমৰান খানে। ইমৰান খানে কয়, "অধ্যক্ষৰ সিদ্ধান্তৰ বাবে মই প্ৰতিজন পাকিস্তানীক অভিনন্দন জনাইছোঁ। অনাস্থা প্ৰস্তাৱটো আমাৰ বিৰুদ্ধে এটা বিদেশী ষড়যন্ত্ৰ আছিল। পাকিস্তানে নিজে সিদ্ধান্ত লোৱা উচিত তেওঁলোকক কোনে শাসন কৰিব লাগে।" 

নেচনেল এচেম্বলীত পাক মন্ত্ৰী এইচ ফাৱাদ হুছেইনে (Pak minister Ch Fawad Hussain) অনাস্থা প্ৰস্তাৱৰ কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, "দুৰ্ভাগ্যবশতঃ এয়া হৈছে বিদেশী চৰকাৰৰ শাসন পৰিৱৰ্তনৰ বাবে এক কাৰ্যকৰী অভিযান।" অন্যহাতে  ইমৰাণ খানে কয় যে এই সমগ্ৰ ঘটনাত বিদেশীৰ হাত আছে। বিৰোধীক সহায় কৰিছে বিৰোধীয়ে। উল্লেখ্য যে, কিছুদিন পূৰ্বেই সংখ্যাগৰিষ্ঠতা হেৰুৱাইল ইমৰাণ খানৰ চৰকাৰে। তাৰ পাছতেই ইমৰাণ খানৰ পদক লৈ আছিল অনিশ্চিয়তা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে