--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানত প্ৰতি মুহূৰ্তত সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট৷ আস্থা ভোট খাৰিজ হোৱাৰ পাছত পাকিস্তানৰ সংসদ  ভংগ কৰি দিলে ৰাষ্ট্ৰপতি আৰিফ অলভীয়ে৷ অহা ৯০ দিনৰ ভিতৰত পাকিস্তানত অনুষ্ঠিত হ’ব নতুন নিৰ্বাচন৷ পাকিস্তানৰ বিৰোধী দলসমূহে নেচনেল এচেম্বলীত প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ প্ৰায় এমাহ পাছত গুৰুত্বপূৰ্ণ ভোটটো আজি অনুষ্ঠিত হৈছিল। অৱশ্যে, উপাধ্যক্ষই অধিৱেশন স্থগিত ৰাখে আৰু অনাস্থা প্ৰস্তাৱটো বিদেশী ষড়যন্ত্ৰৰ অংশ হোৱাৰ বাবে নাকচ কৰে।

ইয়াৰ অলপ পাছতে ইমৰান খানে দেশবাসীক সম্বোধন কৰি কয় যে তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতিক সংসদ ভংগ কৰিবলৈ পৰামৰ্শ দিছে। তেওঁ তেওঁৰ ৰাষ্ট্ৰক নিৰ্বাচনৰ বাবে প্ৰস্তুত হ’বলৈ কৈছিল। ইপিনে, পাকিস্তানৰ এটৰ্নি জেনেৰেল খালিদ জাভেদ আৰু ডেপুটি এটৰ্নি জেনেৰেল ৰাজা খালিদ মেহমুদ খানে পদত্যাগ কৰিছে৷ আনহাতে, পাকিস্তানৰ বিৰোধী দলৰ নেতাই সিদ্ধান্ত বিপৰীত নোহোৱালৈকে বিৰোধী দলৰ সদস্যসকলক সংসদ এৰি নাযাবলৈ আহ্বান জনাইছে৷

পাকিস্তান চৰকাৰৰ পদক্ষেপক লৈ বিৰোধীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ পাছত আদালতে বিষয়টো চোৱা-চিতা কৰিবলৈ এখন বিশেষ বিচাৰপীঠ গঠন কৰিছে৷ পাকিস্তান পিপলছ পাৰ্টিৰ বৰ্তমানৰ অধ্যক্ষ বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে কয়, চৰকাৰে সংবিধান উলংঘা কৰিছে। অনাস্থা প্ৰস্তাৱত ভোটদানৰ অনুমতি দিয়া নাছিল। ঐক্যবদ্ধ বিৰোধীয়ে সংসদ এৰি যোৱা নাই। আমাৰ অধিবক্তাসকলে উচ্চতম ন্যায়ালয়লৈ গৈ আছে। আমি সকলো প্ৰতিষ্ঠানক পাকিস্তানৰ সংবিধানৰ সুৰক্ষা বজাই ৰাখিবলৈ লগতে প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনাইছোঁ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক