--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানত প্ৰতি মুহূৰ্তত সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট৷ আস্থা ভোট খাৰিজ হোৱাৰ পাছত পাকিস্তানৰ সংসদ  ভংগ কৰি দিলে ৰাষ্ট্ৰপতি আৰিফ অলভীয়ে৷ অহা ৯০ দিনৰ ভিতৰত পাকিস্তানত অনুষ্ঠিত হ’ব নতুন নিৰ্বাচন৷ পাকিস্তানৰ বিৰোধী দলসমূহে নেচনেল এচেম্বলীত প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ প্ৰায় এমাহ পাছত গুৰুত্বপূৰ্ণ ভোটটো আজি অনুষ্ঠিত হৈছিল। অৱশ্যে, উপাধ্যক্ষই অধিৱেশন স্থগিত ৰাখে আৰু অনাস্থা প্ৰস্তাৱটো বিদেশী ষড়যন্ত্ৰৰ অংশ হোৱাৰ বাবে নাকচ কৰে।

ইয়াৰ অলপ পাছতে ইমৰান খানে দেশবাসীক সম্বোধন কৰি কয় যে তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতিক সংসদ ভংগ কৰিবলৈ পৰামৰ্শ দিছে। তেওঁ তেওঁৰ ৰাষ্ট্ৰক নিৰ্বাচনৰ বাবে প্ৰস্তুত হ’বলৈ কৈছিল। ইপিনে, পাকিস্তানৰ এটৰ্নি জেনেৰেল খালিদ জাভেদ আৰু ডেপুটি এটৰ্নি জেনেৰেল ৰাজা খালিদ মেহমুদ খানে পদত্যাগ কৰিছে৷ আনহাতে, পাকিস্তানৰ বিৰোধী দলৰ নেতাই সিদ্ধান্ত বিপৰীত নোহোৱালৈকে বিৰোধী দলৰ সদস্যসকলক সংসদ এৰি নাযাবলৈ আহ্বান জনাইছে৷

পাকিস্তান চৰকাৰৰ পদক্ষেপক লৈ বিৰোধীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ পাছত আদালতে বিষয়টো চোৱা-চিতা কৰিবলৈ এখন বিশেষ বিচাৰপীঠ গঠন কৰিছে৷ পাকিস্তান পিপলছ পাৰ্টিৰ বৰ্তমানৰ অধ্যক্ষ বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে কয়, চৰকাৰে সংবিধান উলংঘা কৰিছে। অনাস্থা প্ৰস্তাৱত ভোটদানৰ অনুমতি দিয়া নাছিল। ঐক্যবদ্ধ বিৰোধীয়ে সংসদ এৰি যোৱা নাই। আমাৰ অধিবক্তাসকলে উচ্চতম ন্যায়ালয়লৈ গৈ আছে। আমি সকলো প্ৰতিষ্ঠানক পাকিস্তানৰ সংবিধানৰ সুৰক্ষা বজাই ৰাখিবলৈ লগতে প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনাইছোঁ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ