--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত পুনৰ বৃদ্ধি পাইছে হিংসাত্মক ঘটনা। কালি উন্মত্ত জনতাই থানা আক্ৰমণ কৰাৰ লগতে এজন আৰক্ষীক হত্যা কৰাৰ পিছত  শুকুৰবাৰে নিশা মণিপুৰৰ বিষ্ণুপুৰ জিলাত উগ্ৰপন্থীয়ে পিতৃ-পুত্ৰসহ  তিনিজন লোকক হত্যা কৰে। । তিনিওজন লোকে শুই থকা অৱস্থাতে তেওঁলোকক  গুলীয়াই হত্যা কৰা হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

 আৰক্ষীয়ে শনিবাৰে ৰাতিপুৱা কয়  যে আক্ৰমণকাৰীসকল চুৰাচান্দপুৰৰ পৰা আহিছিল।এজন আৰক্ষী বিষয়াই কয় " তিনিওজন সাহায্য শিবিৰত আছিল কিন্তু পৰিস্থিতি উন্নত হোৱাৰ বাবে  শুকুৰবাৰে কোৱাকটাত  থকা তেওঁলোকৰ বাসগৃহলৈ উভতি গৈছিল," । ঘটনাটোৰ ঠিক পিছতে, একাংশ  জনতাই কোৱাকতাত একত্ৰিত হৈ  চুৰাচান্দপুৰ অভিমুখে যাব বিচাৰিছিল,  কিন্তু নিৰাপত্তাৰক্ষীয়ে তেওঁসোক বাধা দিয়ে।  

ইপিনে শনিবাৰে পুৱা কোৱাকতাৰ ওচৰত আৰক্ষী  আৰু উগ্ৰপন্থীৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীতএজন আৰক্ষী আহত হয়।আৰক্ষীজনৰ মুখত স্প্লিণ্টাৰ আঘাত লাগিছে । এই ঘটনাত আন দুজন অসামৰিক লোকো আহত হয়। তিনিওজনকে  ইম্ফলৰ ৰাজ মেডিচিটিলৈ অনা হৈছে। তেওঁলোক বিপদমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰিছে।  ইফালে জিলা প্ৰশাসনে ইম্ফলৰ বহু ঠাইত কাৰফিউ শিথিলকৰণৰ সময় হ্ৰাস কৰিছে। 

এজন বিষয়াই কয়, "ইম্ফলৰ কাষৰীয়া স্থানত  পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কাৰফিউ শিথিল কৰাৰ পৰিৱৰ্ত ইয়াক এতিয়া পুৱা ৫ বজাৰ পৰা পুৱা ১০.৩০ বজালৈ হ্ৰাস কৰা হৈছে। ইফালে, শনিবাৰে মণিপুৰৰ ২৭ টা বিধানসভা সমষ্টিৰ সমন্বয় সমিতিয়ে আহ্বান কৰা ২৪ ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ ফলত ইম্ফল উপত্যকাৰ স্বাভাৱিক জীৱনযাত্ৰা অচল হৈ পৰে।  প্ৰায় সকলো অঞ্চলতে বজাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ থাকে।  









FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement