--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত পুনৰ বৃদ্ধি পাইছে হিংসাত্মক ঘটনা। কালি উন্মত্ত জনতাই থানা আক্ৰমণ কৰাৰ লগতে এজন আৰক্ষীক হত্যা কৰাৰ পিছত  শুকুৰবাৰে নিশা মণিপুৰৰ বিষ্ণুপুৰ জিলাত উগ্ৰপন্থীয়ে পিতৃ-পুত্ৰসহ  তিনিজন লোকক হত্যা কৰে। । তিনিওজন লোকে শুই থকা অৱস্থাতে তেওঁলোকক  গুলীয়াই হত্যা কৰা হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

 আৰক্ষীয়ে শনিবাৰে ৰাতিপুৱা কয়  যে আক্ৰমণকাৰীসকল চুৰাচান্দপুৰৰ পৰা আহিছিল।এজন আৰক্ষী বিষয়াই কয় " তিনিওজন সাহায্য শিবিৰত আছিল কিন্তু পৰিস্থিতি উন্নত হোৱাৰ বাবে  শুকুৰবাৰে কোৱাকটাত  থকা তেওঁলোকৰ বাসগৃহলৈ উভতি গৈছিল," । ঘটনাটোৰ ঠিক পিছতে, একাংশ  জনতাই কোৱাকতাত একত্ৰিত হৈ  চুৰাচান্দপুৰ অভিমুখে যাব বিচাৰিছিল,  কিন্তু নিৰাপত্তাৰক্ষীয়ে তেওঁসোক বাধা দিয়ে।  

ইপিনে শনিবাৰে পুৱা কোৱাকতাৰ ওচৰত আৰক্ষী  আৰু উগ্ৰপন্থীৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীতএজন আৰক্ষী আহত হয়।আৰক্ষীজনৰ মুখত স্প্লিণ্টাৰ আঘাত লাগিছে । এই ঘটনাত আন দুজন অসামৰিক লোকো আহত হয়। তিনিওজনকে  ইম্ফলৰ ৰাজ মেডিচিটিলৈ অনা হৈছে। তেওঁলোক বিপদমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰিছে।  ইফালে জিলা প্ৰশাসনে ইম্ফলৰ বহু ঠাইত কাৰফিউ শিথিলকৰণৰ সময় হ্ৰাস কৰিছে। 

এজন বিষয়াই কয়, "ইম্ফলৰ কাষৰীয়া স্থানত  পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কাৰফিউ শিথিল কৰাৰ পৰিৱৰ্ত ইয়াক এতিয়া পুৱা ৫ বজাৰ পৰা পুৱা ১০.৩০ বজালৈ হ্ৰাস কৰা হৈছে। ইফালে, শনিবাৰে মণিপুৰৰ ২৭ টা বিধানসভা সমষ্টিৰ সমন্বয় সমিতিয়ে আহ্বান কৰা ২৪ ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ ফলত ইম্ফল উপত্যকাৰ স্বাভাৱিক জীৱনযাত্ৰা অচল হৈ পৰে।  প্ৰায় সকলো অঞ্চলতে বজাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ থাকে।  









FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ