--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নিশা গুজৰাটত বিপৰ্যয় ঘূৰ্ণীবতাহে তাণ্ডৱ সৃষ্টি কৰে। যদিও ইয়াৰ ফলত ধ্বংসৰ ৰেখা আৰু ১০০০ গাঁও বিদ্যুৎ বিহীন হৈ পৰিল, তথাপিও কোনো লোকৰ ক্ষতি নহ’ল। উত্তেজনাপূৰ্ণ মুহূৰ্তৰ মাজতে উচ্চ বিপদজনক অঞ্চলসমূহৰ পৰা উলিয়াই অনা  ১১৫২ গৰাকী অন্তঃসত্ত্বা মহিলাই জন্ম দিয়ে ৭০৭টা কেঁচুৱা।

উল্লেখ্য যে বিপৰ্যয়ৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে গুজৰাটৰ উপকূলীয় অঞ্চলৰ পৰা এক লাখৰো অধিক লোকক উলিয়াই অনা হয়। আঠখন জিলাৰ ১১৭১ গৰাকী গৰ্ভৱতী মহিলাৰ ভিতৰত প্ৰায় ১১৫২ গৰাকীক চৰকাৰে উলিয়াই আনে। ইয়াৰে ৭০৭ গৰাকী মহিলাই সন্তান জন্ম দিয়ে বুলি চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে।

সৰ্বাধিক সংখ্যক গৰ্ভৱতী মহিলা কুচ জিলাৰ বাসিন্দা আৰু ইয়াত ৩৪৮টা কেঁচুৱাৰ জন্ম হৈছিল। ৰাজকোটত শতাধিক আৰু দেৱভূমি দ্বাৰকাত ৯৩টা কেঁচুৱাৰ জন্ম হয়।

চৰকাৰী বিবৃতিত কোৱা হৈছে যে গুজৰাটৰ চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰত ৭০৭টা কেঁচুৱা সফলতাৰে প্ৰসৱ কৰা হৈছে। এই সমগ্ৰ অভিযানৰ সফলতা নিশ্চিত কৰিবলৈ ৩০২খন চৰকাৰী বাহন আৰু ২০২খন এম্বুলেন্সে দিনে-নিশাই  কাম কৰিছিল বুলি লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে