--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নিশা গুজৰাটত বিপৰ্যয় ঘূৰ্ণীবতাহে তাণ্ডৱ সৃষ্টি কৰে। যদিও ইয়াৰ ফলত ধ্বংসৰ ৰেখা আৰু ১০০০ গাঁও বিদ্যুৎ বিহীন হৈ পৰিল, তথাপিও কোনো লোকৰ ক্ষতি নহ’ল। উত্তেজনাপূৰ্ণ মুহূৰ্তৰ মাজতে উচ্চ বিপদজনক অঞ্চলসমূহৰ পৰা উলিয়াই অনা  ১১৫২ গৰাকী অন্তঃসত্ত্বা মহিলাই জন্ম দিয়ে ৭০৭টা কেঁচুৱা।

উল্লেখ্য যে বিপৰ্যয়ৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে গুজৰাটৰ উপকূলীয় অঞ্চলৰ পৰা এক লাখৰো অধিক লোকক উলিয়াই অনা হয়। আঠখন জিলাৰ ১১৭১ গৰাকী গৰ্ভৱতী মহিলাৰ ভিতৰত প্ৰায় ১১৫২ গৰাকীক চৰকাৰে উলিয়াই আনে। ইয়াৰে ৭০৭ গৰাকী মহিলাই সন্তান জন্ম দিয়ে বুলি চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে।

সৰ্বাধিক সংখ্যক গৰ্ভৱতী মহিলা কুচ জিলাৰ বাসিন্দা আৰু ইয়াত ৩৪৮টা কেঁচুৱাৰ জন্ম হৈছিল। ৰাজকোটত শতাধিক আৰু দেৱভূমি দ্বাৰকাত ৯৩টা কেঁচুৱাৰ জন্ম হয়।

চৰকাৰী বিবৃতিত কোৱা হৈছে যে গুজৰাটৰ চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰত ৭০৭টা কেঁচুৱা সফলতাৰে প্ৰসৱ কৰা হৈছে। এই সমগ্ৰ অভিযানৰ সফলতা নিশ্চিত কৰিবলৈ ৩০২খন চৰকাৰী বাহন আৰু ২০২খন এম্বুলেন্সে দিনে-নিশাই  কাম কৰিছিল বুলি লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান