--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বিপৰ্যস্ত হৈ পৰিছে। কেইবাটাও পথ খহি পৰাৰ ফলত কমেও ২হাজাৰ পৰ্যটক আৱদ্ধ হৈ আছে। নিশাৰ ভিতৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো পাহাৰীয়া নদী ওফন্দি উঠিছে। সেই পানীত ডুবিছে ৰাস্তাবোৰ। কেইবা ঠাইতো ভূমিস্খলন ঘটিছে।

১০ নং ৰাষ্ট্ৰীয় ঘাইপথত খহনীয়া হোৱাৰ বাবে লাচুং, লাচেন, ইউমথাঙৰ সৈতে পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। পেগঙৰ সমীপতো খহনীয়াৰ বাবে পথ অৱৰোধ হৈ পৰিছে। জানিব পৰা মতে, মানগনৰ পৰা চুংথাংলৈ যোৱা পথটো সদ্যহতে সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। চাংগুৰ নাথুলা পথত যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

কমেও ২০০০ পৰ্যটক এই ভয়াবহ পৰিস্থিতিত আৱদ্ধ হৈ আছে। আৱদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে সেনাই। যুদ্ধকালীন পৰিস্থিতিৰে পথ মুকলিৰ কাম চলি আছে। কিন্তু নেৰানেপেৰা বৰষুণত এই কাম কৰিবলৈ যথেষ্ট আহুকালৰ সন্মুখীন হ’বলগীয়া হৈছে। ছিকিম প্ৰশাসনে পৰ্যটকক উত্তৰ ছিকিমৰ পৰা ওলাই যাবলৈ দিয়া নাই।

ছিকিমৰ কেইবাটাও অঞ্চলত পৰ্যটকৰ ভ্ৰমণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও সকলো অঞ্চলতে নিষেধাজ্ঞা বলবৎ কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে