--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ OTT প্লেটফৰ্ম নেটফ্লিক্সক পুনৰবাৰ স্তম্ভিত কৰি তুলিছে চাবস্ক্ৰাইবাৰে। কেইবাবছৰ ধৰি অবিৰত হাৰত চাবস্ক্ৰাইবাৰ বৃদ্ধিৰ পিছত আশ্চৰ্যজনকভাৱে নেটফ্লিক্স এৰিছে গ্ৰাহকসকলে। অৱশ্যে, কোম্পানীটোৰ প্ৰত্যাশা এইবাৰ নফলিল। মঙলবাৰে কোম্পানীটোৱে জনোৱা মতে, এপ্ৰিলৰ পৰা জুন মাহলৈকে ৯,৭০,০০০ গ্ৰাহকে নেটফ্লিক্স এৰিছে। স্বাভাৱিকতে,  বিষয়টো উদ্বেগজনক।

অৰ্থাৎ প্ৰায় ১০ লাখ চাবস্ক্ৰাইবাৰে এৰিছে নেটফ্লিক্স। হ্ৰাস পোৱা গ্ৰাহকৰ স্থান পূৰণৰ বাবে কোম্পানীটোৱে নতুন পৰিকল্পনা প্ৰস্তুত কৰা বুলিও খবৰ আহিছে। অতি সোনকালে নেটফ্লিক্সে বিজ্ঞাপন সমৰ্থনৰ সৈতে এটা নতুন পৰিকল্পনা মুকলি কৰিব পাৰে। ইতিমধ্যে ব্ৰেণ্ডটোৱে জনাইছিল যে, তেওঁলোকে ইয়াৰ ওপৰত কাম কৰি আছে। একে সময়তে গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়েও নেটফ্লিক্সে পূৰ্বৰে পৰা সচেতন আছিল বুলিও প্ৰকাশ পাইছে।

কোম্পানীটোৱে আশা কৰিছে, অতি সোনকালে সংখ্যা বৃদ্ধি পাব গ্ৰাহকৰ সংখ্যা। নেটফ্লিক্সে ইতিমধ্যে কৈছিল যে এই ত্ৰৈমাসিকত (এপ্ৰিলৰ পৰা জুনলৈ) তেওঁলোকে ২০ লাখ গ্ৰাহক হেৰুৱাব পাৰে। কিন্তু কোম্পানীটোৱে আশা কৰা ধৰণে পৰিস্থিতি বেয়া হোৱা নাই। কোম্পানীটোৱে জুলাইৰ পৰা ছেপ্টেম্বৰ ত্ৰৈমাসিকত তেওঁলোকৰ প্লেটফৰ্মত ১০ লাখ নতুন গ্ৰাহক সংযোজিত হ’ব বুলি আশা প্ৰকাশ কৰিছে। একে সময়তে ৱাল ষ্ট্ৰীটৰ বিশ্লেষকসকলৰ মতে এই সংখ্যা ১৮ লাখ পৰ্যন্ত হ’ব পাৰে।

ক্ৰমবৰ্ধমান প্ৰতিযোগিতাৰ সন্মুখীন তথা বহু বছৰ ধৰি অ’টিটি বজাৰত শাসন কৰি অহা নেটফ্লিক্সে এতিয়া ৱাল্ট ডিজনী কো, ৱাৰ্নাৰ ব্ৰাদাৰ্ছ ডিস্কভাৰী আৰু এপল ইনকৰ্পৰেশ্যনৰ দৰে কোম্পানীসমূহৰ পৰা কঠোৰ প্ৰত্যাহ্বানো গ্ৰহণ কৰিবলগীয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ