--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ OTT প্লেটফৰ্ম নেটফ্লিক্সক পুনৰবাৰ স্তম্ভিত কৰি তুলিছে চাবস্ক্ৰাইবাৰে। কেইবাবছৰ ধৰি অবিৰত হাৰত চাবস্ক্ৰাইবাৰ বৃদ্ধিৰ পিছত আশ্চৰ্যজনকভাৱে নেটফ্লিক্স এৰিছে গ্ৰাহকসকলে। অৱশ্যে, কোম্পানীটোৰ প্ৰত্যাশা এইবাৰ নফলিল। মঙলবাৰে কোম্পানীটোৱে জনোৱা মতে, এপ্ৰিলৰ পৰা জুন মাহলৈকে ৯,৭০,০০০ গ্ৰাহকে নেটফ্লিক্স এৰিছে। স্বাভাৱিকতে,  বিষয়টো উদ্বেগজনক।

অৰ্থাৎ প্ৰায় ১০ লাখ চাবস্ক্ৰাইবাৰে এৰিছে নেটফ্লিক্স। হ্ৰাস পোৱা গ্ৰাহকৰ স্থান পূৰণৰ বাবে কোম্পানীটোৱে নতুন পৰিকল্পনা প্ৰস্তুত কৰা বুলিও খবৰ আহিছে। অতি সোনকালে নেটফ্লিক্সে বিজ্ঞাপন সমৰ্থনৰ সৈতে এটা নতুন পৰিকল্পনা মুকলি কৰিব পাৰে। ইতিমধ্যে ব্ৰেণ্ডটোৱে জনাইছিল যে, তেওঁলোকে ইয়াৰ ওপৰত কাম কৰি আছে। একে সময়তে গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়েও নেটফ্লিক্সে পূৰ্বৰে পৰা সচেতন আছিল বুলিও প্ৰকাশ পাইছে।

কোম্পানীটোৱে আশা কৰিছে, অতি সোনকালে সংখ্যা বৃদ্ধি পাব গ্ৰাহকৰ সংখ্যা। নেটফ্লিক্সে ইতিমধ্যে কৈছিল যে এই ত্ৰৈমাসিকত (এপ্ৰিলৰ পৰা জুনলৈ) তেওঁলোকে ২০ লাখ গ্ৰাহক হেৰুৱাব পাৰে। কিন্তু কোম্পানীটোৱে আশা কৰা ধৰণে পৰিস্থিতি বেয়া হোৱা নাই। কোম্পানীটোৱে জুলাইৰ পৰা ছেপ্টেম্বৰ ত্ৰৈমাসিকত তেওঁলোকৰ প্লেটফৰ্মত ১০ লাখ নতুন গ্ৰাহক সংযোজিত হ’ব বুলি আশা প্ৰকাশ কৰিছে। একে সময়তে ৱাল ষ্ট্ৰীটৰ বিশ্লেষকসকলৰ মতে এই সংখ্যা ১৮ লাখ পৰ্যন্ত হ’ব পাৰে।

ক্ৰমবৰ্ধমান প্ৰতিযোগিতাৰ সন্মুখীন তথা বহু বছৰ ধৰি অ’টিটি বজাৰত শাসন কৰি অহা নেটফ্লিক্সে এতিয়া ৱাল্ট ডিজনী কো, ৱাৰ্নাৰ ব্ৰাদাৰ্ছ ডিস্কভাৰী আৰু এপল ইনকৰ্পৰেশ্যনৰ দৰে কোম্পানীসমূহৰ পৰা কঠোৰ প্ৰত্যাহ্বানো গ্ৰহণ কৰিবলগীয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা