--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেতা চনু সুদৰ মহানুভৱতাৰ কথা নতুনকৈ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। সকলোৱে জানে তেওঁ এজন প্ৰকৃত নায়ক। সমাজৰ সকলো অভাৱগ্ৰস্ত লোকক উদ্ধাৰ কৰি আহিছে চনু সুদে। চনু সুদক সকলোৱে ‘ভগৱানৰ দূত’ বুলি অভিহিত কৰিবলৈ লৈছে। কৰ’না ভাইৰাছৰ বাবে জাৰি কৰা লকডাউনত চনু সুদে সমাজৰ প্ৰতি গ্ৰহণ কৰা পদক্ষেপ তথা উদাত্ত কৰ্মই মানুহৰ হৃদয় জয় কৰিছিল। ২০২০ বৰ্ষত তেওঁ আনকি বহিঃৰাষ্ট্ৰত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ ভাৰতীয়ক ঘূৰাই অনাত সহায় কৰিছিল। তেওঁ স্পাইচজেটৰ সৈতে মিলি কিৰ্গিস্তান, ৰাছিয়া, উজবেকিস্তান, ফিলিপাইনছ, আলমাটি আদি দেশত আবদ্ধ হৈ থকা ১৫০০ৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ঘূৰাই অনাত সহায় কৰিছিল। আনহাতে ভাৰতত তেওঁ শ শ প্ৰব্ৰজিত শ্ৰমিকক ঘৰলৈ ঘূৰাই পঠিয়াইছিল। 

চনু সুদে বহু লোকৰ চিকিৎসাতো সহায় কৰিছে। শেহতীয়াকৈ চনু সুদক লগ কৰিবলৈ শ শ কিলোমিটাৰ বাইক চলাই আহিল এজন ব্যক্তি। যিজন ব্যক্তিক চনু সুদে মৃত্যুমুখৰ পৰা উভতাই আনিছিল। চনুৱে তেওঁৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে য’ত তেলেংগানাৰ পৰা ৰাম প্ৰসাদ ভাণ্ডাৰী নামৰ এজন ব্যক্তি চনুৰ ঘৰলৈ আহি তেওঁক ধন্যবাদ জ্ঞাপন কৰে। আচলতে ৰাম প্ৰসাদ কিছুদিন ক’মাত আছিল, ডাক্তৰসকলেও তেওঁৰ প্ৰাণৰক্ষাত হাত দাঙিছিল। এই গুৰুত্বপূৰ্ণ সময়ত চনুৱে তেওঁক সহায় কৰিছিল, তাৰপিছতেই ৰাম ক’মাৰ পৰা ওলাই আহিব পাৰিছিল। চনুৱে পোষ্ট কৰা ফটোখনত দেখা গৈছে যে ৰাম প্ৰসাদ আৰু তেওঁৰ কন্যা চনুৰ লগত থিয় হৈ আছে। দুয়োজনে পিন্ধিছে একেটা টি-চাৰ্ট য’ত লিখা আছে ‘চনু সুদ ৰিয়েল হিৰ’। 

পোষ্টটোৰ কেপচনত চনু সুদে লিখিছে ‘‘তেলেংগানাৰ ৰাম প্ৰসাদ ভাণ্ডাৰী নামৰ এজন লোক আৰু তেওঁৰ সৰু কন্যা অলপতে মোৰ ঘৰলৈ আহিল, তেওঁলোকক লগ পাই মই নিজকে ধন্য মানিছো। এই মানুহজন কিছুদিন আগতে ক’মাত আছিল আৰু সকলো ডাক্তৰে তেওঁক বচাবলৈ হাত দাঙিছিল, কিন্তু ভাগ্য ভাল যে আমি সময়ত সহায় কৰিবলৈ সক্ষম হৈছিলো আৰু তেওঁৰ জীৱন ৰক্ষা কৰিছিলোঁ।’’ 

চনুৱে লগতে লিখিছে যে ‘‘ছোৱালীজনীৰ চকুৰ জিলিকনি অমূল্য আছিল আৰু দেউতাকক মোৰ সন্মুখত সুখী আৰু সুস্থ হৈ থিয় হৈ থকা দেখি তেওঁ বৰ সুখী হৈছিল, এনে মুহূৰ্তবোৰে মোক আৰু অধিক কষ্ট কৰিবলৈ প্ৰেৰণা দিয়ে, এয়া আপোনালোকৰে এক আশীৰ্বাদ। সৰু কাম এটাইও বহুত কৰিব পাৰে।’’ এই কামৰ বাবে সকলোৱে চনুক প্ৰশংসাৰে উপচাই পেলাইছে। অভিনেতা সুনীল শ্বেট্টীয়ে এটা হাৰ্ট ইম’জি শ্বেয়াৰ কৰি চনুৰ কৰ্মক শলাগ ল’লে। অসংখ্য লোকে এটা কথাই লিখিলে যে চনু ছাৰ আপুনি সঁচাকৈয়ে ৰিয়েল হিৰ’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ