--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰাচ্যত যেন অন্ত নপৰিব কূটাঘাত আৰু অশান্তিৰ। এটাৰ পাছত এটাকৈ সন্ত্ৰাসবাদী কাৰ্যকলাপে অহৰহ অশান্ত কৰি ৰাখিছে মধ্যপ্ৰাচ্যক। 

কালি দুটাকৈ বিস্ফোৰণত পুনৰ ৰক্তাক্ত হৈ পৰিল ইৰানৰ কাৰমেন চহৰ। চহৰখনৰ এটা সমাধিক্ষেত্ৰত চলি আছিল এটা স্মৃতিচাৰণ অনুষ্ঠান। দেশখনৰ প্ৰাক্তন সেনা কমাণ্ডাৰ কাছেম ছোলেইমানিৰ মৃত্যুবাৰ্ষিকী উপলক্ষে চলি আছিল এই অনুষ্ঠান। ছোলেইমানিৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকী অনুষ্ঠানৰ মাজতে সংঘটিত হয় প্ৰথমটো বিস্ফোৰণ। 

তাৰ পাছতে কিছু দূৰত দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয়। দুয়োটা বিস্ফোৰণত শতাধিক লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। আহত হৈছে প্ৰায় ৩০০ লোক। বিয়লি ৩ বজাত প্ৰথমটো বিস্ফোৰণ ঘটে সমাধিক্ষেত্ৰৰ পৰা মাথোঁ ৭০০ মিটাৰ দূৰত্বত। সেই সময়ত তাত সমৱেত হৈ আছিল কেইবা হাজাৰ লোক। বিস্ফোৰণৰ লগে লগে সমৱেত লোকসকলৰ মাজত লাগে প্ৰচণ্ড হুৱাদুৱা। এনে পৰিস্থিতিত সকলোৱে তাৰ পৰা পলাবলৈ চেষ্টা কৰে। 

তাৰ ফলত এম্বুলেঞ্চৰ বাবেও বাট নোহোৱা অৱস্থা হৈ পৰে। আহতসকলক হাস্পতাললৈ নিয়াৰ ক্ষেত্ৰতো আহি পৰে ভীষণ বাধা। তাৰ ২০ মিনিট পাছতে দ্বিতীয়টো বিস্ফোৰণ ঘটে সমাধিক্ষেত্ৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত। ইয়াতো আছিল সমাধিক্ষেত্ৰ দৰ্শন কৰিবলৈ বহু দৰ্শনাৰ্থী। এই বিস্ফোৰণতো কেইবাজন লোকে প্ৰাণ হেৰুৱায়। 

বিস্ফোৰণলানিৰ বাবে ইজৰাইলক জগৰীয়া কৰিলে ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰৈছিয়ে। ইয়াৰ বাবে ইজৰাইলে মূল্য ভৰিব লাগিব বুলি সকীয়াই দিলে ৰাষ্ট্ৰপতিগৰাকীয়ে। এই ঘটনাৰ বাবে ইজৰাইল ভয়ংকৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও সকীয়াই দিলে ইৰান চৰকাৰে। লক্ষণীয় যে ইৰানৰ এই ভাবুকিৰ পাছতো নিশ্চুপ হৈ আছে ইজৰাইল। 

ইজৰাইলে কোনো ধৰণে ইৰানৰ অভিযোগৰ প্ৰত্যুত্তৰ দিয়া নাই। ইপিনে, আমেৰিকাই বিস্ফোৰণৰ বাবে আঙুলি তুলিছে ISISৰ বিৰুদ্ধে। কিন্তু আইছিছ বা আন কোনো সংগঠনেই স্বীকাৰ কৰা নাই এই বিস্ফোৰণৰ দায়িত্ব। উল্লেখ্য যে ২০২০ চনৰ ৩ জানুৱাৰীত মাৰ্কিন সেনাৰ ড্ৰোন আক্ৰমণত নিহত হৈছিল সেনা কমাণ্ডাৰজন। ইৰাক ভ্ৰমণৰ সময়ত বাগদাদ বিমানবন্দৰত ছোলেইমানিক পৰিকল্পিতভাৱে হত্যা কৰিছিল মাৰ্কিন বাহিনীয়ে। 

ছোলেইমানিক হত্যাৰ বাবে নিৰ্দেশ দিছিল তেতিয়াৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। এই সময়ত ইজৰাইলে গাজাত হামাছৰ বিৰুদ্ধে চলাই আহিছে তীব্ৰ অভিযান। এই অভিযান বন্ধ কৰিবলৈ ইৰানে বহুবাৰ ইজৰাইলক দাবী জনাইছিল। কিন্তু ইজৰাইলে ইৰানৰ কথালৈ ভ্ৰূক্ষেপ নকৰিলে। এনে সময়ত এই বিস্ফোৰণলানিৰ বাবে ইজৰাইলক জগৰীয়া কৰিছে ইৰানে। তাৰ ফলত মধ্যপ্ৰাচ্যত অশান্তি বিয়পি পৰাৰ আশংকা বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে