--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰাচ্যত যেন অন্ত নপৰিব কূটাঘাত আৰু অশান্তিৰ। এটাৰ পাছত এটাকৈ সন্ত্ৰাসবাদী কাৰ্যকলাপে অহৰহ অশান্ত কৰি ৰাখিছে মধ্যপ্ৰাচ্যক। 

কালি দুটাকৈ বিস্ফোৰণত পুনৰ ৰক্তাক্ত হৈ পৰিল ইৰানৰ কাৰমেন চহৰ। চহৰখনৰ এটা সমাধিক্ষেত্ৰত চলি আছিল এটা স্মৃতিচাৰণ অনুষ্ঠান। দেশখনৰ প্ৰাক্তন সেনা কমাণ্ডাৰ কাছেম ছোলেইমানিৰ মৃত্যুবাৰ্ষিকী উপলক্ষে চলি আছিল এই অনুষ্ঠান। ছোলেইমানিৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকী অনুষ্ঠানৰ মাজতে সংঘটিত হয় প্ৰথমটো বিস্ফোৰণ। 

তাৰ পাছতে কিছু দূৰত দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয়। দুয়োটা বিস্ফোৰণত শতাধিক লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। আহত হৈছে প্ৰায় ৩০০ লোক। বিয়লি ৩ বজাত প্ৰথমটো বিস্ফোৰণ ঘটে সমাধিক্ষেত্ৰৰ পৰা মাথোঁ ৭০০ মিটাৰ দূৰত্বত। সেই সময়ত তাত সমৱেত হৈ আছিল কেইবা হাজাৰ লোক। বিস্ফোৰণৰ লগে লগে সমৱেত লোকসকলৰ মাজত লাগে প্ৰচণ্ড হুৱাদুৱা। এনে পৰিস্থিতিত সকলোৱে তাৰ পৰা পলাবলৈ চেষ্টা কৰে। 

তাৰ ফলত এম্বুলেঞ্চৰ বাবেও বাট নোহোৱা অৱস্থা হৈ পৰে। আহতসকলক হাস্পতাললৈ নিয়াৰ ক্ষেত্ৰতো আহি পৰে ভীষণ বাধা। তাৰ ২০ মিনিট পাছতে দ্বিতীয়টো বিস্ফোৰণ ঘটে সমাধিক্ষেত্ৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত। ইয়াতো আছিল সমাধিক্ষেত্ৰ দৰ্শন কৰিবলৈ বহু দৰ্শনাৰ্থী। এই বিস্ফোৰণতো কেইবাজন লোকে প্ৰাণ হেৰুৱায়। 

বিস্ফোৰণলানিৰ বাবে ইজৰাইলক জগৰীয়া কৰিলে ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰৈছিয়ে। ইয়াৰ বাবে ইজৰাইলে মূল্য ভৰিব লাগিব বুলি সকীয়াই দিলে ৰাষ্ট্ৰপতিগৰাকীয়ে। এই ঘটনাৰ বাবে ইজৰাইল ভয়ংকৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও সকীয়াই দিলে ইৰান চৰকাৰে। লক্ষণীয় যে ইৰানৰ এই ভাবুকিৰ পাছতো নিশ্চুপ হৈ আছে ইজৰাইল। 

ইজৰাইলে কোনো ধৰণে ইৰানৰ অভিযোগৰ প্ৰত্যুত্তৰ দিয়া নাই। ইপিনে, আমেৰিকাই বিস্ফোৰণৰ বাবে আঙুলি তুলিছে ISISৰ বিৰুদ্ধে। কিন্তু আইছিছ বা আন কোনো সংগঠনেই স্বীকাৰ কৰা নাই এই বিস্ফোৰণৰ দায়িত্ব। উল্লেখ্য যে ২০২০ চনৰ ৩ জানুৱাৰীত মাৰ্কিন সেনাৰ ড্ৰোন আক্ৰমণত নিহত হৈছিল সেনা কমাণ্ডাৰজন। ইৰাক ভ্ৰমণৰ সময়ত বাগদাদ বিমানবন্দৰত ছোলেইমানিক পৰিকল্পিতভাৱে হত্যা কৰিছিল মাৰ্কিন বাহিনীয়ে। 

ছোলেইমানিক হত্যাৰ বাবে নিৰ্দেশ দিছিল তেতিয়াৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। এই সময়ত ইজৰাইলে গাজাত হামাছৰ বিৰুদ্ধে চলাই আহিছে তীব্ৰ অভিযান। এই অভিযান বন্ধ কৰিবলৈ ইৰানে বহুবাৰ ইজৰাইলক দাবী জনাইছিল। কিন্তু ইজৰাইলে ইৰানৰ কথালৈ ভ্ৰূক্ষেপ নকৰিলে। এনে সময়ত এই বিস্ফোৰণলানিৰ বাবে ইজৰাইলক জগৰীয়া কৰিছে ইৰানে। তাৰ ফলত মধ্যপ্ৰাচ্যত অশান্তি বিয়পি পৰাৰ আশংকা বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ