--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্ববিখ্যাত ভাববাদীসকলৰ ভিতৰত বুলগেৰিয়াৰ বাবা ভাংগাৰ নাম উল্লেখযোগ্য।  তেওঁক বাল্কনৰ নষ্ট্ৰাডামাছ বুলিও কোৱা হয়। তেওঁৰ কেইবাটাও ইতিমধ্যে ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হৈছে। ১৯১১ চনৰ ৩১ জানুৱাৰীত উত্তৰ মেচিডোনিয়াৰ ষ্ট্ৰুমিকাত বাবা বুলগেৰিয়াৰ বাবা ভাংগাৰ জন্ম হৈছিল। ১২ বছৰ বয়সতে ঘটনাক্ৰমে তেওঁৰ দৃষ্টিশক্তি হেৰুৱাইছিল, ১৯৯৬ চনৰ ১১ আগষ্টত ৮৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে বাবা ভাংগাই ছোভিয়েট ইউনিয়নৰ বিভাজন, আমেৰিকাত সন্ত্ৰাসবাদী সংগঠন আল-কায়দাৰ ৯/১১ আক্ৰমণকে ধৰি বহু ভৱিষ্যদ্বাণী কৰিছিল, যিবোৰ একেবাৰে সত্য বুলি প্ৰমাণিত হৈছে। কোৱা হয় যে বাবা ভাংগাই ভৱিষ্যৎ চাব পাৰিছিল। মৃত্যুৰ পূৰ্বে তেওঁ ৫০৭৯ চনলৈকে ভৱিষ্যদ্বাণী কৰি গৈছে। তেওঁ বিশ্বৰ শেষৰ পৰা আৰম্ভ কৰি যুদ্ধ আৰু দুৰ্যোগলৈকে ভৱিষ্যদ্বাণী কৰিছিল। 

তথ্য অনুসৰি বাবা ভাংগাৰ ৮৫ শতাংশ ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হৈছে। কোৱা হয় যে সৰুতে ভয়াৱহ ধুমুহাত চকুৰ দৃষ্টিশক্তি হেৰুৱাই তেওঁ নিজৰ শক্তি লাভ কৰিছিল। বাবা ভাংগাৰ ভৱিষ্যদ্বাণী আজিও চৰ্চিত হৈ আছে। এষ্ট্ৰ’ফেমৰ মতে বাবাই ২০২৪ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক এজন দেশবাসীৰ হাতত হত্যাৰ চেষ্টা চলোৱাৰ ভৱিষ্যদ্বাণী কৰিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ অসুস্থতা আৰু শেহতীয়াকৈ পুটিনৰ মৃত্যুৰ দাবী উত্থাপন হৈছিল, যিটো ক্ৰেমলিনে নাকচ কৰিছিল। বাবা ভাংগাই কৈছে যে ২০২৪ চনত এখন ডাঙৰ দেশে জৈৱিক অস্ত্ৰ পৰীক্ষা বা আক্ৰমণ কৰিব। ইয়াৰ উপৰি তেওঁ ইউৰোপত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকাও প্ৰকাশ কৰিছিল।

বাবা ভাংগাই ভৱিষ্যদ্বাণী কৰিছিল যে চলি বৰ্ষতে বৃহৎ অৰ্থনৈতিক সংকট আহিব পাৰে, যিয়ে বিশ্বৰ অৰ্থনীতিক কঁপাই তুলিব। ইয়াৰ বাবে তেওঁ বহুতো কাৰণ আঙুলিয়াই দিছিল। যেনে-ঋণৰ মাত্ৰা বৃদ্ধি, ভূ-ৰাজনৈতিক উত্তেজনা বৃদ্ধি আৰু পশ্চিমৰ পৰা পূবলৈ অৰ্থনৈতিক শক্তিৰ স্থানান্তৰ। ইয়াৰ লগতে বাবা ভাংগাই বতৰ সম্পৰ্কীয় ভয়ংকৰ পৰিঘটনা আৰু প্ৰাকৃতিক দুৰ্যোগৰ ভৱিষ্যদ্বাণী কৰিছিল। ইয়াৰ উপৰি তেওঁ চাইবাৰ আক্ৰমণ বৃদ্ধিৰ ভৱিষ্যদ্বাণীও কৰিছিল। তেওঁ লগতে কয় যে উন্নত হেকাৰে পাৱাৰগ্ৰীড আৰু পানী পৰিশোধন প্লাণ্টৰ দৰে জটিল আন্তঃগাঁথনিক লক্ষ্য কৰি ল’ব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব।

এই বছৰৰ বাবে কিছু ইতিবাচক ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাংগাই। তেওঁৰ মতে এই বছৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত সফলতাৰ আশা কৰা হৈছে। ইয়াৰ ভিতৰত আছে আলঝাইমাৰৰ দৰে ৰোগৰ নতুন চিকিৎসা আৰু ২০২৪ চনৰ ভিতৰত কেন্সাৰৰ সম্ভাৱ্য নিৰাময়ৰ ক্ষেত্ৰত বিশ্বই সফলতাও লাভ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ