--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ হালদ্বাণীত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। প্ৰেমিকৰ পৰা মুক্তি পাবলৈ এগৰাকী যুৱতীয়ে প্ৰেমিকক সাপেৰে কামুৰাই হত্যা কৰে। হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড যুৱতীগৰাকী আৰু তেওঁৰ সহযোগী পলাতক হৈ থকাৰ সময়তে আৰক্ষীয়ে সাপ যোগান ধৰা লোকজনক আটক কৰিছে। তেওঁক আটক কৰি আৰক্ষীয়ে অভিযান চলাইছে।

প্ৰতিষ্ঠিত ব্যৱসায়ী অংকিত চৌহানৰ মৃতদেহ উদ্ধাৰৰ পাছতেই আৰক্ষী তদন্তত নামি পৰে আৰু এই তদন্তত পোহৰলৈ আহে যে অংকিতৰ  হত্যাকাণ্ডৰ আঁৰত প্ৰেমিকাৰ হাত আছে। প্ৰেমিকাই সাপৰ দ্বাৰা কামুৰাই প্ৰেমিক অংকিতক হত্যা কৰে।

দৰাচলতে ১৫ জুলাইত এখন গাড়ীৰ ভিতৰত সন্দেহজনক অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এটা অচিনাকি মৃতদেহ। তদন্তৰ অন্তত মৃতদেহটো হালদ্বাণীৰ ব্যৱসায়ী অংকিত চৌহানৰ বুলি চিনাক্ত হয়।

মঙলবাৰে এই কথা প্ৰকাশ কৰিছে অংকিত চৌহান হত্যাকাণ্ডৰ তদন্তকাৰী আৰক্ষীয়ে। নৈনীতালৰ এছ এছ পি পংকজ ভাটে জনোৱা মতে, ৰাজ্যৰ ভিতৰতে এইটোৱেই প্ৰথম এনে হত্যাকাণ্ডৰ গোচৰ, য’ত সাপে কামুৰি কাৰোবাক হত্যা কৰা হৈছে।

এই হত্যাকাণ্ডত প্ৰেমিকাকে ধৰি পাঁচজন লোক জড়িত। প্ৰেমিকাগৰাকীৰ নাম ডলী ওৰফে মাহী, যিয়ে গোটেই হত্যাকাণ্ডটোৰ ষড়যন্ত্ৰ কৰিছিল। বৰ্তমান এই গোচৰত মাহীকে ধৰি চাৰিজন লোক পলাতক হৈ আছে, যাৰ গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান চলাই আছে।

এই হত্যাকাণ্ড সন্দৰ্ভত এছ এছ পি পংকজ ভট্টে কয় যে মৃত অংকিত চৌহানৰ মাহীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু মাহীয়ে দীৰ্ঘদিন ধৰি অংকিতক ব্লেকমেইলিং কৰি বিপুল ধন দাবী কৰি আহিছিল। পিছত মাহীয়ে অংকিতৰ পৰা মুক্তি পাব বিচাৰিছিল যদিও অংকিতে মাহীৰ পাছ এৰা নাছিল আৰু প্ৰায়ে তেওঁৰ ঘৰলৈ গৈ আছিল। এনে অৱস্থাত মাহীয়ে অংকিতক হত্যা কৰাৰ পৰিকল্পনা কৰিলে আৰু এদিন ঘৰলৈ মাতি কোব্ৰা সাপৰ দ্বাৰা কামুৰাই হত্যা কৰে। এই হত্যাকাণ্ডত মাহীক সহায় কৰে মাহীৰ জীৱনলৈ নতুনকৈ অহা প্ৰেমিক দীপ কন্দপাল আৰু মাহীৰ ঘৰত কাম কৰা দুগৰাকী লগুৱাই। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস