--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ হালদ্বাণীত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। প্ৰেমিকৰ পৰা মুক্তি পাবলৈ এগৰাকী যুৱতীয়ে প্ৰেমিকক সাপেৰে কামুৰাই হত্যা কৰে। হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড যুৱতীগৰাকী আৰু তেওঁৰ সহযোগী পলাতক হৈ থকাৰ সময়তে আৰক্ষীয়ে সাপ যোগান ধৰা লোকজনক আটক কৰিছে। তেওঁক আটক কৰি আৰক্ষীয়ে অভিযান চলাইছে।

প্ৰতিষ্ঠিত ব্যৱসায়ী অংকিত চৌহানৰ মৃতদেহ উদ্ধাৰৰ পাছতেই আৰক্ষী তদন্তত নামি পৰে আৰু এই তদন্তত পোহৰলৈ আহে যে অংকিতৰ  হত্যাকাণ্ডৰ আঁৰত প্ৰেমিকাৰ হাত আছে। প্ৰেমিকাই সাপৰ দ্বাৰা কামুৰাই প্ৰেমিক অংকিতক হত্যা কৰে।

দৰাচলতে ১৫ জুলাইত এখন গাড়ীৰ ভিতৰত সন্দেহজনক অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এটা অচিনাকি মৃতদেহ। তদন্তৰ অন্তত মৃতদেহটো হালদ্বাণীৰ ব্যৱসায়ী অংকিত চৌহানৰ বুলি চিনাক্ত হয়।

মঙলবাৰে এই কথা প্ৰকাশ কৰিছে অংকিত চৌহান হত্যাকাণ্ডৰ তদন্তকাৰী আৰক্ষীয়ে। নৈনীতালৰ এছ এছ পি পংকজ ভাটে জনোৱা মতে, ৰাজ্যৰ ভিতৰতে এইটোৱেই প্ৰথম এনে হত্যাকাণ্ডৰ গোচৰ, য’ত সাপে কামুৰি কাৰোবাক হত্যা কৰা হৈছে।

এই হত্যাকাণ্ডত প্ৰেমিকাকে ধৰি পাঁচজন লোক জড়িত। প্ৰেমিকাগৰাকীৰ নাম ডলী ওৰফে মাহী, যিয়ে গোটেই হত্যাকাণ্ডটোৰ ষড়যন্ত্ৰ কৰিছিল। বৰ্তমান এই গোচৰত মাহীকে ধৰি চাৰিজন লোক পলাতক হৈ আছে, যাৰ গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান চলাই আছে।

এই হত্যাকাণ্ড সন্দৰ্ভত এছ এছ পি পংকজ ভট্টে কয় যে মৃত অংকিত চৌহানৰ মাহীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু মাহীয়ে দীৰ্ঘদিন ধৰি অংকিতক ব্লেকমেইলিং কৰি বিপুল ধন দাবী কৰি আহিছিল। পিছত মাহীয়ে অংকিতৰ পৰা মুক্তি পাব বিচাৰিছিল যদিও অংকিতে মাহীৰ পাছ এৰা নাছিল আৰু প্ৰায়ে তেওঁৰ ঘৰলৈ গৈ আছিল। এনে অৱস্থাত মাহীয়ে অংকিতক হত্যা কৰাৰ পৰিকল্পনা কৰিলে আৰু এদিন ঘৰলৈ মাতি কোব্ৰা সাপৰ দ্বাৰা কামুৰাই হত্যা কৰে। এই হত্যাকাণ্ডত মাহীক সহায় কৰে মাহীৰ জীৱনলৈ নতুনকৈ অহা প্ৰেমিক দীপ কন্দপাল আৰু মাহীৰ ঘৰত কাম কৰা দুগৰাকী লগুৱাই। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে