--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ চৰকাৰী চাকৰিত হৈ থকা মকৰল পৰীক্ষা কিমান নিকা ৰূপত হৈছে তাকেলৈ বহুতৰে মনত সন্দেহ আজিও ৰৈ গৈছে। শেহতীয়াকৈ মেধাৰ তালিকাত তৃতীয় স্থানত থাকি  নতুনকৈ চাকৰি পোৱা  এগৰাকী যুৱতীৰ কাহিনীয়ে সকলোকে হতবাক কৰি তুলিছে। সাংবাদিকে যুৱতীগৰাকীক  প্ৰশ্ন কৰিছিল- আপুনি কি কি বিষয়ত পৰীক্ষা দিছিল? পৰীক্ষাত তৃতীয় স্থান লাভ কৰা  যুৱতীগৰাকীয়ে পিছে সেই প্ৰশ্নৰ কোনো উত্তৰ দিব নোৱাৰিলে।

কাৰণ তেওঁ নিজেই নাজানে কি কি বিষয়ত তেওঁ পৰীক্ষা দিছিল!ঘটনাটো  মধ্য প্ৰদেশতৰ। ৰাজ্যখনত শেহতীয়াকৈ  চৰকাৰী চাকৰিত নিযুক্তিকলৈ  হুলস্থূলৰ সৃষ্টি হৈছে।উঠিছে  ব্যাপক দুৰ্নীতিৰ অভিযোগ। শাসকীয় বিজেপিৰ নামো এই দুৰ্নীতিৰ সৈতে  জড়িত হৈ পৰিছে। ৰাজ্য খনত ৰাজহ বিভাগৰ কৰ্মচাৰীৰ নিযুক্তিৰ পৰীক্ষা ২৬ এপ্ৰিলত  অনুষ্ঠিত হৈছিল।  সেই পৰীক্ষাৰ ফলাফল মে আৰু জুন মাহত প্ৰকাশ  পাইছিল। ৰাজ্যজুৰি মুঠ ৯.৮ লাখ চাকৰি প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। খালী পদৰ সংখ্যা আছিল ৯,০০০। কিন্তু দেখা গৈছে যে পৰীক্ষাৰ শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত সাতগৰাকীয়েই  এটা নিৰ্দিষ্ট কোচিং চেণ্টাৰৰ শিক্ষাৰ্থী। কোচিং চেণ্টাৰ খনৰ গৰাকী হৈছে এজন বিজেপি বিধায়ক। 

সেই কোচিং চেণ্টাৰৰেই আগৰাকী ছাত্ৰী পুনম ৰাজাৱতে ৰাহজ বিভাগৰ চাকৰিৰ পৰীক্ষাত তৃতীয় স্থান লাভ কৰিছিল। কিন্ত্ তেওঁ নিজেও নাজানে তেওঁ কি কি বিষয়ত পৰীক্ষা দিছিল! পুনমৰ পৰীক্ষাৰ বহীও শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।বহীত পুনমে সকলো কঠিন প্ৰশ্নৰ উত্তৰো ভালদৰে লিখিছে। কিন্তু সাংবাদিকে সুধিলে তেওঁ কি কি বিষয়ত উত্তৰ লিখিছিল সেয়াও মনত পেলাব পৰা নাই। 

অভিযোগ অনুসৰি ৰাজ্য খনত চৰকাৰী চাকৰিৰ পদসমূহ বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী কৰা হৈছে। আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ৰাজ্যখনৰ শাসকীয় দলৰ নেতাসকলৰ তত্বাৱধানত চলিছিল বুলিও অভিযোগ উঠিছে।  অৱশ্যে বিজেপিয়ে সকলো অভিযোগ অস্বীকাৰ কৰিছে।  নিৰ্বাচনমুখী মধ্য প্ৰদেশত সেয়ে বিৰোধীয়ে  চৰকাৰী চাকৰিৰ পৰীক্ষাত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিব বুলি ধাৰণা কৰা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে