--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ চৰকাৰী চাকৰিত হৈ থকা মকৰল পৰীক্ষা কিমান নিকা ৰূপত হৈছে তাকেলৈ বহুতৰে মনত সন্দেহ আজিও ৰৈ গৈছে। শেহতীয়াকৈ মেধাৰ তালিকাত তৃতীয় স্থানত থাকি  নতুনকৈ চাকৰি পোৱা  এগৰাকী যুৱতীৰ কাহিনীয়ে সকলোকে হতবাক কৰি তুলিছে। সাংবাদিকে যুৱতীগৰাকীক  প্ৰশ্ন কৰিছিল- আপুনি কি কি বিষয়ত পৰীক্ষা দিছিল? পৰীক্ষাত তৃতীয় স্থান লাভ কৰা  যুৱতীগৰাকীয়ে পিছে সেই প্ৰশ্নৰ কোনো উত্তৰ দিব নোৱাৰিলে।

কাৰণ তেওঁ নিজেই নাজানে কি কি বিষয়ত তেওঁ পৰীক্ষা দিছিল!ঘটনাটো  মধ্য প্ৰদেশতৰ। ৰাজ্যখনত শেহতীয়াকৈ  চৰকাৰী চাকৰিত নিযুক্তিকলৈ  হুলস্থূলৰ সৃষ্টি হৈছে।উঠিছে  ব্যাপক দুৰ্নীতিৰ অভিযোগ। শাসকীয় বিজেপিৰ নামো এই দুৰ্নীতিৰ সৈতে  জড়িত হৈ পৰিছে। ৰাজ্য খনত ৰাজহ বিভাগৰ কৰ্মচাৰীৰ নিযুক্তিৰ পৰীক্ষা ২৬ এপ্ৰিলত  অনুষ্ঠিত হৈছিল।  সেই পৰীক্ষাৰ ফলাফল মে আৰু জুন মাহত প্ৰকাশ  পাইছিল। ৰাজ্যজুৰি মুঠ ৯.৮ লাখ চাকৰি প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। খালী পদৰ সংখ্যা আছিল ৯,০০০। কিন্তু দেখা গৈছে যে পৰীক্ষাৰ শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত সাতগৰাকীয়েই  এটা নিৰ্দিষ্ট কোচিং চেণ্টাৰৰ শিক্ষাৰ্থী। কোচিং চেণ্টাৰ খনৰ গৰাকী হৈছে এজন বিজেপি বিধায়ক। 

সেই কোচিং চেণ্টাৰৰেই আগৰাকী ছাত্ৰী পুনম ৰাজাৱতে ৰাহজ বিভাগৰ চাকৰিৰ পৰীক্ষাত তৃতীয় স্থান লাভ কৰিছিল। কিন্ত্ তেওঁ নিজেও নাজানে তেওঁ কি কি বিষয়ত পৰীক্ষা দিছিল! পুনমৰ পৰীক্ষাৰ বহীও শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।বহীত পুনমে সকলো কঠিন প্ৰশ্নৰ উত্তৰো ভালদৰে লিখিছে। কিন্তু সাংবাদিকে সুধিলে তেওঁ কি কি বিষয়ত উত্তৰ লিখিছিল সেয়াও মনত পেলাব পৰা নাই। 

অভিযোগ অনুসৰি ৰাজ্য খনত চৰকাৰী চাকৰিৰ পদসমূহ বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী কৰা হৈছে। আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ৰাজ্যখনৰ শাসকীয় দলৰ নেতাসকলৰ তত্বাৱধানত চলিছিল বুলিও অভিযোগ উঠিছে।  অৱশ্যে বিজেপিয়ে সকলো অভিযোগ অস্বীকাৰ কৰিছে।  নিৰ্বাচনমুখী মধ্য প্ৰদেশত সেয়ে বিৰোধীয়ে  চৰকাৰী চাকৰিৰ পৰীক্ষাত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিব বুলি ধাৰণা কৰা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস