--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে এইবুলি দাবী কৰিছে যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হৈ পৰিব।

মোদীয়ে কয় " এন ডি এৰ শাসনকালত ভাৰতীয় অৰ্থনীতি বিশ্বব্যাপী দশম স্থানৰ পৰা ৫ম স্থানলৈ উন্নত হৈছে, মই আপোনাক আশ্বাস দিব পাৰোঁ যে  আমাৰ তৃতীয় কাৰ্যকালত অৰ্থনীতি  তৃতীয় স্থানত থাকিব," । নতুন দিল্লীত অনুষ্ঠিত  এন ডি এৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে  কয়।  এন ডি এৰ মিত্ৰদলসমূহক আশ্বাস দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে তেওঁ ভুল কৰিব পাৰে কিন্তু বেয়া উদ্দেশ্যৰে একো নকৰে। বিৰোধীপক্ষক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে  সাধাৰণ লোকৰ জ্ঞানক অৱমূল্যায়ন কৰে, কিন্তু ৰাইজে জানে যে স্বাৰ্থপৰ সকলে  তেওঁলোকক বান্ধি ৰাখিব বিচাৰিছে। 

উল্লেখ্য মঙলবাৰে ৩৮ টা দলৰ নেতাই মঙলবাৰে ইয়াত বিজেপি নেতৃত্বাধীন এন ডি এৰ  বৈঠকত যোগদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই মিত্ৰতাক   এক সময়-পৰীক্ষিত মিত্ৰজোঁট , যি মিত্ৰজোঁটে  ৰাষ্ট্ৰীয় প্ৰগতি আৰু আঞ্চলিক আকাংক্ষা পূৰণ কৰিব বিচাৰে বুলি কৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এন ডি এৰ মিত্ৰশক্তিৰ একত্ৰিত হোৱাটো "অপৰিসীম আনন্দৰ" বিষয়। তেওঁ টুইটত কয়, "এয়া  অত্যন্ত আনন্দৰ বিষয় যে সমগ্ৰ ভাৰতৰ পৰা আমাৰ মূল্যৱান এন ডি এ অংশীদাৰসকলে আজি দিল্লীত অনুষ্ঠিত  বৈঠকত অংশগ্ৰহণ কৰিছে। "







FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে