--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অতি স্পৰ্শকাতৰ অৱস্থাত আছে দেশৰ অৰ্থনীতি। শেহতীয়া পাঁচটা বিত্তীয় বৰ্ষত দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ নিম্নগামী হোৱাৰ তথ্য দাঙি ধৰি এই উদ্বেগৰ কৰা কথা প্ৰকাশ কৰিছে প্ৰখ্যাত অৰ্থনীতিবিদ কৌশিক বসুৱে। বিগত পাঁচ বছৰত দেশৰ অৰ্থনৈতিক বিকাশৰ তথ্য দাঙি ধৰি তেওঁ উদ্বেগ ব্যক্ত কৰিছে। বসুৱে উল্লেখ কৰা তথ্য অনুসৰি ২০১৬-১৭ চনত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ আছিল ৮.২ শতাংশ। ২০১৭-১৮ চনত এই হাৰ হ’লগৈ ৭.২ শতাংশ, ২০১৮-১৯ত বিকাশৰ হাৰ ৬.১ শতাংশলৈ হ্ৰাস পালে, ২০১৯-২০ত এই হাৰ হ’লগৈ ৪.২ শতাংশ আৰু ২০২০-২১ত সকলো অভিলেখ ভাঙি দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ মাইনাছ ৭.৩ শতাংশলৈ হ্ৰাস পালে। 

বিশ্ব বেংকৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে এই পৰিসংখ্যা দাঙি ধৰি মন্তব্য কৰিছে যে, ১৯৪৭ চনৰ পাছত প্ৰথমবাৰলৈ দেশত এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে। য’ত প্ৰত্যেক বছৰেই পূৰ্বৰ বছৰৰ তুলনাত হ্ৰাস পাইছে অৰ্থনৈতিক বিকাশৰ হাৰ। এয়া দেশ ভৱিষ্যতৰ বাবে উদ্বেগজনক বিষয় বুলি তেওঁ সকীয়াই দিয়ে। তেওঁ শেহতীয়াকৈ পুনৰ মন্তব্য কৰিছে যে, ভাৰতীয় অৰ্থনীতিৰ গাঁঠনি যদিও শক্তিশালী তথাপি বিভাজনমুখিতা আৰু সাম্প্ৰদায়িত মেৰুবিভাজনে দেশৰ বিকাশৰ গাঁঠনিক ক্ষতিগ্ৰস্ত কৰি তুলিছে। অৰ্থাৎ দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ সৈতে দেশৰ অৰ্থনীতিৰ এক অন্তৰ্লীন যোগসূত্ৰৰ কথা তেওঁ প্ৰকাশ কৰিছে।

তেওঁ লগতে কয় যে, দেশৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হৈছে নিয়োগহীনতা আৰু নিবনুৱা সমস্যা। দেশৰ যুৱ প্ৰজন্মৰ ২৪ শতাংশই নিবনুৱা গৈ পৰাটো অতি উদ্বেগৰ বিষয় আৰু নিবনুৱা সমস্যাৰ দিশৰ পৰা ভাৰতে বিশ্বৰ আটাইতকৈ শোচনীয় অৱস্থাত থকা দেশবোৰৰ সৈতে অৱস্থান কৰিছে। তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কৈছে যে, দেশৰ বিকাশ কেৱল অৰ্থনৈতিক নীতিৰ ওপৰত নিৰ্ভৰশীল নহয়। দেশৰ অৰ্থনৈতিক সাফল্যৰ ক্ষেত্ৰত দেশৰ জনগণৰ মাজত থকা পাৰস্পৰিকৰ বিশ্বাসৰ যে, এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে তাৰ বহু প্ৰমাণ আছে। ভাৰতত বিভাজনকামিতা আৰু সাম্প্ৰদায়িক মেৰু বিভাজন সৃষ্টি হোৱাটো কেৱল দুৰ্ভাগ্যজনকেই নহয়, বৰং ই দেশৰ অৰ্থনৈতিক গাঁঠনিকো ক্ষতিগ্ৰস্ত কৰিছে।

বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদগৰাকীৰ মতে, দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক সুৰক্ষিত কৰি তোলাৰ বাবে যথাযোগ্য পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই আৰু ই এক উদ্বেগৰ বিষয় হিচাপে তেওঁ চিহ্নিত কৰে। মুদ্ৰাস্ফীতিৰ অভাৱনীয় হাৰ সম্পৰ্কতো তেওঁ উদ্বেগ প্ৰকাশ কৰে। উল্লেখ্য যে, শেহতীয়াকৈ বিশ্ববেংকেও চলিত বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ পূৰ্বে অনুমান কৰাতকৈ মন্থৰ হব বুলি প্ৰকাশ কৰিছিল। এনে পৰিস্থিতি কৌশিক বসুৰ উদ্বেগ আৰু আশংকা এটা আলোচনাৰ বিষয় হৈ পৰিছে।

এই কথা কাৰো অবিদিত নহয় যে, ভাৰতৰ চুবুৰীয় দুখন দেশ, শ্ৰীলংকা আৰু পাকিস্তানে এতিয়া ব্যাপক অৰ্থনৈতিক দুৰৱস্থাৰ সন্মুখীন হৈছে। বিদেশী মুদ্ৰা ভাণ্ডাৰ দ্ৰুতগতিত টুটি অহাৰ ফলত সৃষ্টি হৈছে অভাৱনীয় সংকটৰ। শ্ৰীলংকাৰ পৰিস্থিতি একেবাৰে লাওলোৱা হৈ পৰাৰ বিপৰীতে পাকিস্তানেও একেই দিশেৰে গতি কৰিছে। এই দেশ দুখনৰ দুৰৱস্থাক লৈ চৰ্চা চলি থকাৰ মাজতে কিন্তু ভাৰতৰ পৰিস্থিতিও খুব আশাব্যঞ্জক নহয়, সেই লৈ চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। ভাৰততো শ্ৰীলংকাৰ অনুৰূপ সামাজিক বিদ্বেষ, বিভাজন আৰু সাম্প্ৰদায়িক অস্থিৰতা চলি থকাটো দেশৰ সামাজিক গাঁঠনিৰ বাবে যিমান ক্ষতিকাৰত সমানেই দেশ অৰ্থনৈতিক গাঁঠনিৰ বাবেও ক্ষতিকাৰক বুলি কৌশিক বসুৱে সকীয়াই দিয়াটো এক তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত