--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পয়গম্বৰ  হজৰত মহম্মদক অৱমাননা কৰি বিজেপিৰ নেত্ৰী নূপুৰ শৰ্মাক দলৰ পৰা নিলম্বনৰ পিছতো বিষয়টোকলৈ উত্তেজনা শমা কটা নাই৷ বিশ্বৰ বহু কেইখন ইছলামিক দেশে এই সন্দৰ্ভত ভাৰতক জবাবদিহি কৰি আহিছে৷ হজৰত মহম্মদ সন্দৰ্ভত বিজেপিৰ দুজন মুখপাত্ৰৰ মন্তব্যক লৈ ইছলামিক দেশসমূহে ভাৰতৰ ওপৰত যিমানে চাপ বৃদ্ধি কৰে, সেই সময়তে পিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত নীৰৱ হৈ থকা পৰিলক্ষিত হৈছে।

কেৱল ইছলামিক দেশসমূহক শান্ত কৰিবলৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা এটা বিবৃতি জাৰি কৰিয়েই দায়িত্ব সামৰা হৈছে। এনে পৰিস্থিতিত চৰকাৰৰ বিৰুদ্ধে মুখ খুলিছে  দেশৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি হামিদ আনছাৰীয়ে৷  

সাংবাদিকৰে হোৱা বাৰ্তালাপত উপৰাষ্ট্ৰপতি হামিদ আনছাৰীয়ে তেওঁৰ  অনুভৱ ব্যক্ত কৰি কৈছে  যে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ এই স্থিতিয়ে অনাগত দিনত ভাৰতৰ ওপৰত অধিক চাপ সৃষ্টি কৰিব পাৰে। ভাৰতে এই স্পৰ্শকাতৰ বিষয়টোৰ বাবে  ৰাষ্ট্ৰসংঘত সমস্যাত পৰিব পাৰে। সেয়ে আনছাৰীয়ে তেওঁ মোদীৰ নীৰৱতাকলৈ  প্ৰশ্ন উত্থাপন কৰিছে৷

 হজৰত মহম্মদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মা আৰু নবীন জিন্দাল এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই৷ তেওঁলোকে বিশ্ব তোলপাৰ লগোৱা মন্তব্য কৰিও মুকলিকৈয়ে  ঘূৰি ফুৰিছে। তেওঁলোকৰ বিৰুদ্ধে কেইবাখনো ৰাজ্যত গোচৰ ৰুজু কৰা হৈছে, কিন্তু চৰকাৰে কাকো গ্ৰেপ্তাৰ কৰা  নাই। বিজেপিয়ে দুয়োজন মুখপাত্ৰকে কেৱল নিলম্বন কৰিয়েই দায়িত্ব সামৰিছে  ৷ 

চৰকাৰে মাথো কৈছে যে  ভাৰত চৰকাৰে সকলো ধৰ্মক সন্মান কৰে। কিন্তু হামিদ আনছাৰীয়ে ভাবে যে এই সকলোবোৰ কথাই হৈ পৰিছে  নগণ্য। আনছাৰীয়ে কয়  "এই সমস্যাটো সঠিক ৰাজনৈতিক মঞ্চৰ পৰা সমাধান কৰিব লাগিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু আগতে বিষয়টোত হস্তক্ষেপ কৰিব লাগিছিল। "
আনছাৰীয়ে কয়, "মই ভাবো প্ৰধানমন্ত্ৰীয়ে সঠিক সময়ত সঠিক কথা ক'ব লাগিছিল। তেওঁ জানে যে  এনে পৰিস্থিতিত কি ক'ব লাগে। মই আশা কৰোঁ মই তেওঁক সেয়া শিকাব নালাগিব।" 

হামিদ আনছাৰীৰ মতে, ভাৰত চৰকাৰে সমস্যাটোৰ গভীৰতা বুজি উঠাৰ চেষ্টা কৰা নাই। তেওঁ কয় যে এয়া কেৱল এখন  নিৰ্দিষ্ট দেশৰ বিষয় নহয়। ইছলামিক সহযোগিতা সংগঠনৰ ৫২ খন  সদস্য দেশ আছে। যদি এই ৫২ খন দেশ একত্ৰিত হয় আৰু ৰাষ্ট্ৰসংঘত ভাৰতৰ বিৰুদ্ধে স্থিতি লয়, তেন্তে ভাৰত চৰকাৰ ভীষণ চাপত পৰিব পাৰে বুলি আনছাৰীয়ে মন্তব্য কৰে৷

আনছাৰীয়ে লগতে কয়  এয়া কোনো ব্যক্তিৰ বিষয় নহয়। ই পৃথিৱীৰ প্ৰতিজন মুছলমানক প্ৰভাৱিত কৰিছে। গতিকে, বিষয়টোকলৈ  এনে ধৰণৰ প্ৰতিক্ৰিয়া হোৱাটো স্বাভাৱিক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
যদি আপুনি বৃদ্ধ বয়সলৈকে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে এই কাম কৰক
'অপাৰেশ্যন সিন্দূৰ' শেষ হোৱা নাই, সন্ত্রাসবাদীক সমর্থন দি থাকিলে পৰিণাম বিষম হ'ব: ৰাজনাথ সিং
এইবাৰ নিষিদ্ধ গো-মাংস উদ্ধাৰ কামৰূপৰ মদন কামদেৱ দেৱালয়ৰ সমীপত
'চিটি চেণ্টাৰ'ৰ খাদ্য বিপণীৰ নুডলছত ওলাল নিষিদ্ধ মাংস
মেঘালয়, মণিপুৰসহ ৭খন ৰাজ্যৰ নাম উল্লেখেৰে আমেৰিকাৰ সতর্কবাণী
অম্বুবাচীত কি কি কাম কৰিব নালাগে?
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত