--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পয়গম্বৰ  হজৰত মহম্মদক অৱমাননা কৰি বিজেপিৰ নেত্ৰী নূপুৰ শৰ্মাক দলৰ পৰা নিলম্বনৰ পিছতো বিষয়টোকলৈ উত্তেজনা শমা কটা নাই৷ বিশ্বৰ বহু কেইখন ইছলামিক দেশে এই সন্দৰ্ভত ভাৰতক জবাবদিহি কৰি আহিছে৷ হজৰত মহম্মদ সন্দৰ্ভত বিজেপিৰ দুজন মুখপাত্ৰৰ মন্তব্যক লৈ ইছলামিক দেশসমূহে ভাৰতৰ ওপৰত যিমানে চাপ বৃদ্ধি কৰে, সেই সময়তে পিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত নীৰৱ হৈ থকা পৰিলক্ষিত হৈছে।

কেৱল ইছলামিক দেশসমূহক শান্ত কৰিবলৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা এটা বিবৃতি জাৰি কৰিয়েই দায়িত্ব সামৰা হৈছে। এনে পৰিস্থিতিত চৰকাৰৰ বিৰুদ্ধে মুখ খুলিছে  দেশৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি হামিদ আনছাৰীয়ে৷  

সাংবাদিকৰে হোৱা বাৰ্তালাপত উপৰাষ্ট্ৰপতি হামিদ আনছাৰীয়ে তেওঁৰ  অনুভৱ ব্যক্ত কৰি কৈছে  যে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ এই স্থিতিয়ে অনাগত দিনত ভাৰতৰ ওপৰত অধিক চাপ সৃষ্টি কৰিব পাৰে। ভাৰতে এই স্পৰ্শকাতৰ বিষয়টোৰ বাবে  ৰাষ্ট্ৰসংঘত সমস্যাত পৰিব পাৰে। সেয়ে আনছাৰীয়ে তেওঁ মোদীৰ নীৰৱতাকলৈ  প্ৰশ্ন উত্থাপন কৰিছে৷

 হজৰত মহম্মদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মা আৰু নবীন জিন্দাল এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই৷ তেওঁলোকে বিশ্ব তোলপাৰ লগোৱা মন্তব্য কৰিও মুকলিকৈয়ে  ঘূৰি ফুৰিছে। তেওঁলোকৰ বিৰুদ্ধে কেইবাখনো ৰাজ্যত গোচৰ ৰুজু কৰা হৈছে, কিন্তু চৰকাৰে কাকো গ্ৰেপ্তাৰ কৰা  নাই। বিজেপিয়ে দুয়োজন মুখপাত্ৰকে কেৱল নিলম্বন কৰিয়েই দায়িত্ব সামৰিছে  ৷ 

চৰকাৰে মাথো কৈছে যে  ভাৰত চৰকাৰে সকলো ধৰ্মক সন্মান কৰে। কিন্তু হামিদ আনছাৰীয়ে ভাবে যে এই সকলোবোৰ কথাই হৈ পৰিছে  নগণ্য। আনছাৰীয়ে কয়  "এই সমস্যাটো সঠিক ৰাজনৈতিক মঞ্চৰ পৰা সমাধান কৰিব লাগিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু আগতে বিষয়টোত হস্তক্ষেপ কৰিব লাগিছিল। "
আনছাৰীয়ে কয়, "মই ভাবো প্ৰধানমন্ত্ৰীয়ে সঠিক সময়ত সঠিক কথা ক'ব লাগিছিল। তেওঁ জানে যে  এনে পৰিস্থিতিত কি ক'ব লাগে। মই আশা কৰোঁ মই তেওঁক সেয়া শিকাব নালাগিব।" 

হামিদ আনছাৰীৰ মতে, ভাৰত চৰকাৰে সমস্যাটোৰ গভীৰতা বুজি উঠাৰ চেষ্টা কৰা নাই। তেওঁ কয় যে এয়া কেৱল এখন  নিৰ্দিষ্ট দেশৰ বিষয় নহয়। ইছলামিক সহযোগিতা সংগঠনৰ ৫২ খন  সদস্য দেশ আছে। যদি এই ৫২ খন দেশ একত্ৰিত হয় আৰু ৰাষ্ট্ৰসংঘত ভাৰতৰ বিৰুদ্ধে স্থিতি লয়, তেন্তে ভাৰত চৰকাৰ ভীষণ চাপত পৰিব পাৰে বুলি আনছাৰীয়ে মন্তব্য কৰে৷

আনছাৰীয়ে লগতে কয়  এয়া কোনো ব্যক্তিৰ বিষয় নহয়। ই পৃথিৱীৰ প্ৰতিজন মুছলমানক প্ৰভাৱিত কৰিছে। গতিকে, বিষয়টোকলৈ  এনে ধৰণৰ প্ৰতিক্ৰিয়া হোৱাটো স্বাভাৱিক।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ